ETV Bharat / state

তৃতীয় বড়ো শান্তি চুক্তি কাৰ্যকৰীৰ দাবীৰে ২২খন জিলা সদৰত ১৮ নৱেম্বৰত অৱস্থান ধৰ্মঘট

তৃতীয় বড়ো শান্তি চুক্তিৰ ৫.১ দফা কাৰ্যকৰী কৰিবলৈ দাবী সংযুক্ত বড়ো গণ মঞ্চৰ ।

UBPO press meet on third Bodo Accord in Jonai
তৃতীয় বড়ো শান্তি চুক্তিৰ ৫.১ দফা কাৰ্যকৰীৰ দাবীৰে সংযুক্ত বড়ো গণ মঞ্চৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 16, 2025 at 6:39 PM IST

3 Min Read
Choose ETV Bharat

জোনাই: বিটিএডিৰ বাহিৰৰ দহ লক্ষাধিক বড়ো জনগণৰ উন্নয়ন আৰু বিকাশৰ বাবে গঠিত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰিছে এক প্ৰতিবাদী কাৰ্যসূচী । অহা ১৮ নৱেম্বৰত বিটিচিৰ বাহিৰৰ ২২ খন জিলা সদৰত ৰূপায়ণ কৰিব এই প্ৰতিবাদী কাৰ্যসূচী । তৃতীয় বড়ো শান্তি চুক্তিৰ ৫.১ দফা কাৰ্যকৰী কৰাৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ আয়োজন কৰিছে ।

পাঁচ বছৰে হোৱা নাই সমষ্টি নিৰ্ধাৰণ :

দেওবাৰে চিমেন চাপৰিস্থিত বি কে ডব্লিউ এ চিৰ অতিথিশালাত আয়োজন কৰা এখন সংবাদমেলত এই প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে সদৰী কৰিছে সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে । ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পাদিত তৃতীয় বড়ো শান্তি চুক্তিৰ ৫.১ দফাৰ অধীনত বিটিএডিৰ বাহিৰৰ দহ লক্ষাধিক বড়ো জনগণৰ উন্নয়ন আৰু বিকাশৰ বাবে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হয় যদিও বিগত পাঁচ বছৰে ইয়াৰ গাঁও চিনাক্তকৰণ, সমষ্টি নিৰ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত নকৰাত ক্ষোভ প্ৰকাশ কৰে সংযুক্ত বড়ো গণ মঞ্চই ।

তৃতীয় বড়ো শান্তি চুক্তিৰ ৫.১ দফা কাৰ্যকৰীৰ দাবীৰে সংযুক্ত বড়ো গণ মঞ্চৰ সংবাদমেল (ETV Bharat Assam)

গোৱালপাৰা-দক্ষিণ কামৰূপৰ বড়ো গাঁও অন্তৰ্ভুক্তিৰ দাবী :

সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতিগৰাকীয়ে কয়, "বৰ্তমানলৈ চৰকাৰে প্ৰথম পৰ্যায়ত ৯৫৮ খন বড়ো গাঁও চিনাক্তকৰণৰ নিৰ্দেশনা জাৰি কৰিছে । দ্বিতীয় পৰ্যায়ত ১৬১খন গাঁও চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে যদিও চূড়ান্ত হোৱা নাই । ইয়াৰ উপৰি বিটিএডিৰ বাহিৰৰ বড়ো সকলৰ মাজত থকা বিভিন্ন সমস্যাৰ সমাধানৰ বাবে চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে যদিও আজিও পূৰণ কৰা নাই । বিশেষকৈ বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰা, বিটিআৰত অন্তৰ্ভুক্ত নোহোৱা শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বড়ো গাঁও সমূহ বিকেডব্লিউএচিত অন্তৰ্ভুক্ত, বৰ্তমানেও বাদ পৰি থকা গোৱালপাৰা আৰু দক্ষিণ কামৰূপ জিলাৰ বড়ো গাঁও সমূহ বিকেডব্লিউএচিত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছো ।"

বিশেষ পুঁজি আৱন্টনৰ দাবী :

সংযুক্ত বড়ো গণ মঞ্চই তৃতীয় বড়ো শান্তি চুক্তিৰ অধীনত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বড়ো সকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা প্ৰদান, বিটিআৰৰ বাহিৰৰ বড়ো অধ্যুষিত অঞ্চলৰ উন্নয়নৰ বাবে বিশেষ পুঁজি আৱন্টন, বড়ো ৰেজিমেন্ট গঠন কৰি বড়োলেণ্ড আন্দোলনৰ কেডাৰ আৰু নিৱনুৱা বড়ো যুৱকক নিযুক্তি দিয়া, অসম টেট আৰু কেন্দ্ৰীয় টেট উত্তীৰ্ণ বিটিআৰ বাহিৰৰ বড়ো মাধ্যমৰ যুৱক-যুৱতীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰি শিক্ষক নিযুক্তি প্ৰদানৰ লগতে তৃতীয় বড়ো শান্তি চুক্তিৰ ৬.৩ দফা অধীনত বড়ো মাধ্যমৰ বেচৰকাৰী বিদ্যালয় সমূহ প্ৰাদেশিকীকৰণ, ২০০৬ বন অধিকাৰ আইনৰ অধীনত জনজাতি লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী জনাইছে ।

এই দাবী সমূহ সমাধানৰ বাবে অহা ১৮ নৱেম্বৰত বিটিচিৰ বাহিৰৰ ২২ খন জিলাৰ সদৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি কয় ইউ বি পি অ'ৰ সভাপতি গৰাকীয়ে কয় । সংবাদমেলত ইউ বি পি অ'ৰ শিক্ষা সম্পাদক জোনাৰাম ব্ৰহ্ম, কোষাধ্যক্ষ মলেন্দ্ৰ নাৰ্জাৰী, ধেমাজি জিলা সমিতিৰ উপ-সভাপতি ৰবীন বড়ো, সাধাৰণ সম্পাদক অনাৰু স্বৰ্গীয়াৰী উপস্থিত থাকে ।

লগতে পঢ়ক:তেজপুৰত অসমৰ আদিবাসীসকলকৰ শিপাৰ সন্ধানত এদল গৱেষকৰ আলোচনা

প্ৰিয়বন্ধু: পদপথৰ শিশুৰ শিক্ষা-যত্নৰ বাবে এগৰাকী মহিলাৰ মানসপুত্ৰ