আলফা(স্বা)ৰ সদস্যক সহায় কৰাৰ অভিযোগত আটক দুই যুৱক
দেওবাৰে তিনিচুকীয়া আৰক্ষীয়ে দুই যুৱকক গ্ৰেপ্তাৰ কৰে ৷গ্ৰেপ্তাৰ কৰা বিতু বৰা আৰু কল্প বৰা নামৰ যুৱদ্বয়ে আলফা স্বাধীনৰ সদস্যক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

Published : June 28, 2026 at 3:55 PM IST
তিনিচুকীয়া : আলফা স্বাধীনৰ সদস্যক সহযোগ কৰাৰ অভিযোগত দেওবাৰে তিনচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই যুৱকক ৷ অসম-অৰুণাচল সীমান্তৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই যুৱক হৈছে বিতু বৰা আৰু কল্প বৰা বুলি জানিব পৰা গৈছে ৷ ধৃত কল্প বৰা আৰু বিতু বৰাৰ ঘৰ তিনিচুকীয়াৰ পানীতোলাত ৷ আনহাতে গ্ৰেপ্তাৰ হোৱা কল্প বৰা সদৌ অসম মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আৰু বিতু বৰা ক্ৰীড়া সম্পাদক ।
শুকুৰবাৰে অসম-অৰুণাচল সীমান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুই আলফা স্বাধীনৰ সদস্যক ৷ তাৰ পাছতে গ্ৰেপ্তাৰ হোৱা আলফা স্বাধীনৰ দুই সদস্যক গাড়ী যোগান ধৰাৰ অপৰাধত দেওবাৰে গ্ৰেপ্তাৰ কৰে কল্প বৰা আৰু বিতু বৰাৰ নামৰ দুই যুৱকক ৷ গ্ৰেপ্তাৰ হোৱা দুই আলফা স্বাধীনৰ সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তি তিনিচুকীয়া আৰক্ষীয়ে দুই যুৱকক গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে, ২৬ জুনত জাগুনত তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আলফা স্বাধীনৰ ছেকেণ্ড লেফটেনেণ্ট চিঞৰ অসম ওৰফে হোমেনজ্যোতি বৰুৱা আৰু ছেকেণ্ড লেফটেনেণ্ট মনোজ অসম ওৰফে পাপু মৰাণক ৷ তেওঁলোকৰ পৰা আৰক্ষীয়ে এ আৰ ২০ এ ৫৮৯২ নম্বৰৰ এখন বাহন জব্দ কৰিছিল ৷ ইয়াৰ পাছতে তিনিচুকীয়াত কূটাঘাটৰ বাবে দুই আলফা সদস্যই ব্যৱহাৰ কৰা বাহনখনৰ গৰাকী বিতু বৰা বুলি নিশ্চিত কৰিছিল ।
ইফালে আলফা স্বাধীনৰ শীৰ্ষ নেতা আইছেং অসমৰ নিৰ্দেশতে ধৃত দুই যুৱকে গাড়ীখন যোগান ধৰা বুলি তিনিচুকীয়া আৰক্ষীক আলফা সদস্যদ্বয়ে স্বীকাৰোক্তি দিছে । তিনিচুকীয়া আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ শিহৰণকাৰী ঘটনাৰ সন্দৰ্ভত বৰ্তমানো তদন্ত অব্যাহত ৰাখিছে ৷
আনহাতে, তিনিচুকীয়াত আলফা স্বাধীনৰ নামত ধনদাবী তথা ধন সংগ্ৰহৰ অভিযোগত ইতিমধ্যে সমৰজ্যোতি গোঁহাই, হিৰণ্ময় মৰাণ, দেৱাশিস গোঁহাই, দিপু পাত্ৰ চেতিয়া, মৃত্যুঞ্জয় কোঁৱৰসহ মহাৰাষ্ট্ৰৰ পৰা এক আৰু ইউ পি পৰা দুগৰাকীক গ্ৰেপ্তাৰ কৰিছিল ৷
লগতে পঢ়ক: অসমীয়াৰ দ্বাৰা অসমীয়াক হত্যা কৰাৰ আলফা(স্বাঃ)ৰ পৰিকল্পনাত তিনিচুকীয়া আৰক্ষীৰ চেঁচাপানী

