বিশ্বৰ শ্ৰেষ্ঠ ৫ শতাংশ বিজ্ঞানীৰ তালিকাত ইউএছটিএমৰ দুই গৱেষক
দুগৰাকী অধ্যাপক তথা গৱেষক ক্ৰমে ডঃ যুগল কিশোৰ মহন্ত আৰু ডঃ মোহিত এল দেৱে লাভ কৰিছে বিশেষ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি ।

Published : July 2, 2026 at 7:33 PM IST
সোণাপুৰ: বিশ্বৰ গৱেষণা মানচিত্ৰত পুনৰ এবাৰ সোণালী আখৰেৰে উজলি উঠিল উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় (USTM) । বিশ্ববিদ্যালয়খনৰ দুগৰাকী অধ্যাপক তথা গৱেষকে লাভ কৰিছে এক বিশেষ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি । যাক লৈ গৌৰৱান্বিত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ।
২০২৫ বৰ্ষৰ পঞ্জীয়নভুক্ত 'SciRank Global Registry'ৰ এক স্বাধীন আৰু কঠোৰ মূল্যায়ন অনুসৰি বিশ্বৰ শীৰ্ষ ৫ শতাংশ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ইউএছটিএমৰ দুই গৱেষক ক্ৰমে ডঃ যুগল কিশোৰ মহন্ত আৰু ডঃ মোহিত এল দেৱ । বৈজ্ঞানিক গৱেষণা, বিজ্ঞানক্ষেত্ৰত অতুলনীয় অৱদান আৰু শৈক্ষিক উৎকৰ্ষতাৰ বাবে তেওঁলোকক এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হৈছে ।
বিজ্ঞানীদ্বয়ৰ যুগান্তকাৰী গৱেষণা ক্ষেত্ৰ
ডঃ যুগল কিশোৰ মহন্ত (প্ৰয়োগিক জীৱবিজ্ঞান বিভাগ) : ডঃ মহন্তই ফলপ্ৰসূ প্ৰয়োগিক জীৱবিজ্ঞান, ঔষধি উদ্ভিদ, অণুজীৱ বিজ্ঞান (Microbiology), প্ৰাকৃতিক উৎপাদন আৰু জনস্বাস্থ্য আদি গুৰুত্বপূৰ্ণ বিষয়ত দীৰ্ঘদিন ধৰি গৱেষণা চলাই আহিছে । তেওঁৰ এই গৱেষণাসমূহে গোলকীয় স্বাস্থ্য খণ্ডৰ জটিল প্ৰত্যাহ্বানসমূহত মোকাবিলা কৰাত বিশেষ অৰিহণা যোগাইছে ।
ডঃ মোহিত এল দেৱ (ৰসায়ন বিজ্ঞান বিভাগ) : তেওঁ সেউজ জৈৱ সংশ্লেষণ (Green Organic Synthesis) আৰু চি-এইচ ফাংচনেলাইজেশ্বন (C–H Functionalization) আদি অত্যাধুনিক বিষয়ত অগ্ৰণী কাম কৰিছে । বহনক্ষম তথা পৰিৱেশ অনুকূল পদ্ধতিৰে প্ৰস্তুত কৰা তেওঁৰ গৱেষণাৰ সমলসমূহে ঔষধি ৰসায়ন আৰু উন্নত পদাৰ্থ বিজ্ঞানৰ গৱেষণাত নতুন মাত্ৰা প্ৰদান কৰিছে ।


'SciRank' কি ?
'SciRank' হৈছে এক বিশ্ব স্বীকৃত তথা মৰ্যাদাপূৰ্ণ মঞ্চ, যিয়ে গৱেষকসকলৰ উৎপাদনশীলতা, উদ্ধৃতিৰ প্ৰভাৱ, শৈক্ষিক প্ৰভাৱ আৰু বিভিন্ন শাখাত বিজ্ঞানীসকলৰ সামগ্ৰিক অৱদানৰ দৰে কঠোৰ সূচকৰ ভিত্তিত বিশ্বজুৰি মূল্যায়ন কৰে । বিশ্বৰ শীৰ্ষ ৫ শতাংশ গৱেষকৰ ভিতৰত স্থান পোৱাটো বৈজ্ঞানিক উৎকৰ্ষতা আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ এক অনন্য মাপকাঠি হিচাপে গণ্য কৰা হয় ।
আনন্দিত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ
বিজ্ঞানী দুগৰাকীৰ এই অভূতপূৰ্ব সাফল্যত আনন্দ প্ৰকাশ কৰি বিশ্ববিদ্যালয়ৰ আচাৰ্য মহবুবুল হকে কয়, "এই স্বীকৃতি কেৱল ইউএছটিএমৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক অত্যন্ত গৌৰৱৰ বিষয় । ডঃ যুগল কিশোৰ মহন্ত আৰু ডঃ মোহিত এল দেৱৰ এই সফলতাই আমাৰ বিশ্ববিদ্যালয়খনৰ শক্তিশালী গৱেষণামুখী পৰিৱেশটোৰ প্ৰমাণ দাঙি ধৰিছে । এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিয়ে উদ্ভাৱন-ভিত্তিক শৈক্ষিক উৎকৰ্ষতা প্ৰসাৰৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত কৰিছে আৰু ই অনাগত দিনত নতুন প্ৰজন্মৰ গৱেষকসকলক অনুপ্ৰাণিত কৰিব ।"
একেদৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ জি. ডি. শৰ্মাইও বিজ্ঞানী দুগৰাকীক উষ্ম অভিনন্দন জনাই কয় যে তেওঁলোকৰ এই সফলতা হৈছে নিৰন্তৰ একাগ্ৰতা, অধ্যৱসায় আৰু উৎকৃষ্ট গৱেষণাৰ ফলশ্ৰুতি ।
২০১১ চনত প্ৰতিষ্ঠা হোৱা ইউএছটিএম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় । গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ক্ৰমাৎ বিশ্বমঞ্চত নিজৰ উপস্থিতি শক্তিশালী কৰি অহা বিশ্ববিদ্যালয়খনৰ দুই বিজ্ঞানীৰ এই স্বীকৃতিয়ে এতিয়া সমগ্ৰ অঞ্চলটোৰ শিক্ষা জগতলৈ এক নতুন উৎসাহ আৰু উদ্দীপনা কঢ়িয়াই আনিছে ।
লগতে পঢ়ক :
হেৰাই যোৱা নাই সততা : বিমানযাত্ৰীয়ে ঘূৰাই পালে ১০.১৪ লাখতকৈও অধিক মূল্যৰ বিদেশী মুদ্ৰাভৰ্তি বেগ

