স্কুললৈ অহা অৱস্থাতেই অপহৰণ দুই কিশোৰীক ! লামডিং ষ্টেচনত ধৰিলে আৰক্ষীয়ে
প্ৰলোভনেৰে অপহৰণ দুই কিশোৰীক ! ৰে'লযোগে অপহৰণ কৰি নি থকাৰ অৱস্থাতে কৰায়ত্ত কৰে আৰক্ষীয়ে ।

Published : November 11, 2025 at 7:56 PM IST
সৰুপথাৰ: অসম-নাগালেণ্ড সীমান্তৰ পৰা এইবাৰ কিশোৰী অপহৰণৰ কাণ্ড । কিশোৰী অপহৰণ কৰি ধৰা পৰিল যুৱক । সৰুপথাৰ সমজিলাৰ উৰিয়ামঘাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । সোমবাৰে স্কুললৈ অহা অৱস্থাতেই অপহৃত হয় দুই কিশোৰী । অসম-নাগালেণ্ড সীমান্ত উৰিয়ামঘাটৰ হালধিবাৰী পঞ্চায়তৰ ডিমৰুজানৰ সোণালী ডাৰা আৰু অলকা বড়ো নামৰ দুগৰাকী কিশোৰী বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি নোযোৱাত অভিভাৱকে এজাহাৰ দাখিল কৰে উৰিয়ামঘাট আৰক্ষী থানাত ।
উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলংকাৰ বৰাৰ লগতে ৰে'লৱে আৰক্ষীয়ে অৱশ্যে উদ্ধাৰ কৰে দুই কিশোৰীক । আছাদুল ৰহমান চৌধুৰী নামৰ যুৱক এজনে চক্ৰান্ত কৰি ৰে'লত বহিঃৰাজ্যলৈ নি থকা অৱস্থাত লামডিং ষ্টেচনত ট্ৰেইনৰ ভিতৰতে ধৰা পৰে । দুই কিশোৰীক অপহৰণ কৰি ডিমৰুজানৰ পৰা লৈ গৈছিল যুৱকজনে । চণ্ডীগড় এক্সপ্ৰেছ ট্ৰেইনেৰে লৈ যোৱাৰ পথত লামডিং ষ্টেচনত ধৰা পৰে । বৰ্তমান আৰক্ষীয়ে অব্যহত ৰাখিছে তদন্ত ।
অপহৰণ হোৱা কিশোৰী এগৰাকীৰ মাতৃয়ে কয়, "ছোৱালীজনীয়ে কালি ৯ বজাত স্কুললৈ আহিছিল । বিয়লি ৩ বজালৈ বাট চাই আছিলোঁ । কিন্তু সেই সময়লৈকে ছোৱালীজনী ঘৰলৈ নোযোৱাত আমি বিচাৰ-খোচাৰ কৰিলোঁ । পিছত আমি অপহৰণ কৰা বুলি গম পাই উৰিয়ামঘাট থানাত এজাহাৰ দিলোঁ । উৰিয়ামঘাট থানাৰ ভৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত লামডিঙত ধৰা পৰিল । বিদ্যালয়ৰ পোচাকতেই গৈছে ছোৱালীজনী । যিজন ল'ৰাই প্ৰলোভনেৰে লৈ গৈছিল আমি জনা মতে শিলচৰৰ হয়, কিন্তু গোলাঘাটৰ ঘোলাপানীত থাকে । বৰ্তমান যুৱকজনক কৰায়ত্ত কৰা হৈছে ।"

ইফালে অপহৰণ কৰা যুৱকজনৰ পিতৃয়ে কয়, "তেওঁলোক কাম কৰিবলৈ গৈছে । তেওঁলোক একে বয়সৰে হ'ব । কালি মই ফোন কৰোতে ল'ৰাজনৰ ফোন বন্ধ আছিল । তেওঁলোক কাম কৰিবলৈ যাব বুলিহে জানিছিলোঁ । কিন্তু কি কাম কৰিবলৈ যাব সেইটো নাজানোঁ । ৰাতি মোক পুলিচে খবৰ দিছে থানালৈ আহিব লাগে । মোৰ প্ৰকৃত ঘৰ লখিমপুৰত । ইয়াত লাচিত গাৱঁত থাকোঁ ।"

