ETV Bharat / state

আলফা স্বাধীনৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ, পুনৰ দুই লিংকমেন আটক

আলফা স্বাধীনৰ যোগসূত্ৰকাৰীৰ অভিযোগত পুনৰ আটক দুই যুৱক ৷ তিনিচুকীয়া জিলাত আৰক্ষীয়ে অব্যাহত ৰাখিছে আলফা স্বাধীন বিৰোধী অভিযান ৷

ULFA I LINKMAN DETAINED
আলফা স্বাধীনৰ সৈতে জড়িত থকাৰ সন্দেহত আটক দুই যুৱক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 1, 2026 at 12:40 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া: বিগত কিছুদিনৰ পৰা তিনিচুকীয়া জিলাত আৰক্ষীয়ে আলফা স্বাধীনৰ বিৰুদ্ধে এক যুদ্ধকালীন গতিৰে অভিযান চলাইছে । এই অভিযানত তিনিচুকীয়া আৰক্ষীয়ে ইতিমধ্যে জিলাখনৰ লগতে বহিঃৰাজ্যৰ পৰা অহা কেইবাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ মাজতে দেওবাৰে পুনৰ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ নলনীত চলোৱা এক অভিযান আলফা (স্বাধীন)ৰ দুই সন্দেহযুক্ত যোগসূত্ৰকাৰীক আটক কৰিবলৈ সক্ষম হয় লেখাপানী আৰক্ষী । আটকাধীন দুই যুৱক ক্ৰমে দুৰ্লভ মৰাণ আৰু ৰংগত মৰাণ । পূৰ্বে আটক কৰা তিনি যুৱকৰ তথ্যৰ ভিত্তিত এই অভিযান চলাইছিল আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, শুকুৰবাৰে এক বিশেষ সূত্ৰৰ পম খেদি লেখাপানী আৰক্ষীয়ে আলফা(স্বা) ত যোগদান কৰিবলৈ আগ্ৰহী তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছিল ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত টিপং চালি অঞ্চলত এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল ।

উক্ত অঞ্চলটোত বাহৰ পাতি থকা অৱস্থাতে আলফাত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আৰক্ষীয়ে কৰায়ত্ত কৰে । ধৃত যুৱকত্ৰয় ক্ৰমে পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং টেকেৰী গাঁৱৰ দিলীপ মৰাণৰ পুত্ৰ অন্তো মৰাণ, একেখন গাঁৱৰে বুলু মৰাণৰ পুত্ৰ নিউটন মৰাণ আৰু ২ নং নলনী গাঁৱৰ দিনেশ্বৰ মৰাণৰ পুত্ৰ বিজয় মৰাণ ।

আনহাতে, তিনিচুকীয়া আৰক্ষীয়ে আলফা স্বাধীনৰ নাম ধন সংগ্ৰহ কৰাৰ অভিযোগত ইতিমধ্যে এক বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে । তিনিচুকীয়া আৰক্ষীয়ে তিনিচুকীয়া ককৰাতলীৰ বাসিন্দা তথা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, কাকপথাৰৰ নিবাসী সংবাদকৰ্মী দেৱাশিস গোঁহাই আৰু হিৰণ্ময় মৰাণ, যোৰহাটৰ ডিপু চেতিয়া পাত্ৰ আৰু নাহৰকটীয়াৰ মৃত্যুঞ্জয় কোঁৱৰক গ্ৰেপ্তাৰ কৰিছে ।

ইয়াৰে দুগৰাকীক ন্যায়িক জিম্বালৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাকীকেইজনক আৰক্ষীয়ে নিজৰ জিম্মাত লৈ মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

আৰক্ষীৰ ইয়াতকৈও এক বৃহৎ সাফল্য হৈছে যে গ্ৰেপ্তাৰ হোৱা উপৰোক্ত লোককেইজনৰ জেৰাৰ পাছতে মহাৰাষ্ট্ৰ আৰক্ষীৰ সহযোগত তিনিচুকীয়া আৰক্ষীয়ে মহাৰাষ্ট্ৰৰ পৰা শ্বেইখ ৱাছীৰ আৰু উত্তৰ প্ৰদেশৰ পৰা উত্তৰ প্ৰদেশ আৰক্ষীৰ সহযোগত নুৰ মোহাম্মদ আৰু মহম্মদ সোভমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ইতিমধ্যে বহিঃৰাজ্যৰ দুয়োজনকে তিনিচুকীয়ালৈ আনি আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে । চৰ্চা অনুসৰি তিনিচুকীয়াত ইতিমধ্যে NIA ৰ এটা দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ নিজাববীয়াকৈ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: ৰক্তাক্ত অৱস্থাত উদ্ধাৰ আছু নেতাৰ মৃতদেহ, ক'ত সংঘটিত হৈছে এই ঘটনা?