ETV Bharat / state

নতুন দিল্লীত ৰাষ্ট্ৰীয় পেৰেডত অংশগ্ৰহণ কৰিব দৰং মহাবিদ্যালয়ৰ দুই শিক্ষাৰ্থীয়ে

জয়ন্ত হাজৰিকা আৰু ছাত্ৰী সুস্মিতা বসুমতাৰীয়ে নতুন দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে চলাইছে প্ৰস্তুতি ।

Darrang College students selected to participate in the National Parade
নতুন দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব জয়ন্ত হাজৰিকা আৰু ছাত্ৰী সুস্মিতা বসুমতাৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 30, 2025 at 10:51 AM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ : ঐতিহাসিক দৰং মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব । ৰাষ্ট্ৰীয় ক্ৰেডেট কৰ্পছ (এন চি চি) ৰ পঞ্চম বাহিনীৰ দৰং মহাবিদ্যালয়ৰ ছাত্র জয়ন্ত হাজৰিকা আৰু ছাত্ৰী সুস্মিতা বসুমতাৰীয়ে নতুন দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰাৰ তথ্য সদৰী কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ এন চি চি ৰ অতিৰিক্ত সঞ্চালল প্ৰধান অনুৰাগ ভিজেই ।

ইতিমধ্যে দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিগত এমাহ ধৰি নতুন দিল্লীত ৰাষ্ট্ৰীয় পেৰেডৰ অনুশীলন কৰি আছে । সোমবাৰে দৰং মহাবিদ্যালয়ৰ এন চি চিৰ পঞ্চম বাহিনীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অতিৰিক্ত সঞ্চালক প্ৰধান ভিজয়ে ইটিভি ভাৰতক কয়, "দৰং মহাবিদ্যালয়ৰ নেশ্যনেল কেডেট কৰ্পছত এক শক্তিশালী আৰু সক্ৰিয় ভূমিকা আছে । ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা বহু কেডেট বিভিন্ন সময়ত নিৰ্বাচিত হৈছে । এই কেডেটসকলে কেৱল গৌৰৱেৰে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰাই নহয়, ইয়াৰে কেইবাগৰাকীও বৰ্তমান চলি থকা গণৰাজ্য দিৱসৰ শিবিৰতো অংশগ্ৰহণ কৰি আছে । সেয়া পুনৰবাৰ প্ৰতিষ্ঠানটোক নিষ্ঠা আৰু অনুশাসনেৰে প্ৰতিনিধিত্ব কৰিছে ।"

উত্তৰ পূৰ্বাঞ্চলৰ এন চি চি ৰ অতিৰিক্ত সঞ্চালল প্ৰধান অনুৰাগ ভিজে (ETV Bharat Assam)

ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দৰং মহাবিদ্যালয়ৰ :

অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে কয়, "আপোনালোকে জানি গৌৰৱ অনুভৱ কৰিব আৰু সঁচাকৈয়ে এই কথাটোত সকলোৱে গৌৰৱ কৰা উচিত যে দৰং মহাবিদ্যালয়ৰ অসমৰ এন চি চিৰ কাম-কাজত অন্যতম প্ৰধান অৱদান আছে । মহাবিদ্যালয়খনে এন চি চিক আদৰ্শগত সহায় আগবঢ়ায়, যাৰ ফলত কেডেটসকলে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুৱাব পাৰে । এন চি চিৰ মূল লক্ষ্যৰ লগত খাপ খুৱাই আমি ছাত্ৰ-ছাত্ৰীৰ মাজত অনুশাসনৰ গভীৰভাৱ জগাই তোলাৰ লগতে তেওঁলোকৰ মাজত দেশপ্ৰেম আৰু জাতিৰ প্ৰতি দায়বদ্ধতাৰ শক্তিশালী মনোভাৱ গঢ়ি তুলিবলৈ চেষ্টা কৰো ।"

বিশেষ তিনিটা কেম্পৰ আয়োজন :

আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ ছাত্র-ছাত্ৰীৰ এই এন চি চিৰ জৰিয়তে দেশৰ সামৰিক খণ্ডত যোগদান কৰাৰ কেনেধৰণৰ সহায় লাভ কৰিছে বুলি জানিব বিচৰাত তেওঁ কয়, "বৰ্তমান এন চি চিত যথেষ্ট পৰিমাণে সুবিধা লাভ কৰিছে ছাত্র-ছাত্ৰীয়ে আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে বহুখিনি অৱদান আগবঢ়াইছে । বিশেষকৈ সশস্ত্ৰ সীমা বল এছ এছ বি'ত যোগদান কৰাৰ ক্ষেত্ৰত সুবিধা লাভ কৰিছে । ইয়াৰ প্ৰধান কাৰণ হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেম্পত এন চি চিয়ে অংশগ্ৰহণ কৰিব পাৰিছে । এইবাৰ পুনৰ এনে বিশেষ তিনিটা কেম্পত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব । তেওঁলোকৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত সেয়া যথেষ্ট পৰিমাণে সহায় কৰিব ।"

Program of the 5th Battalion of NCC at Darrang College
উত্তৰ পূৰ্বাঞ্চলৰ এন চি চি ৰ অতিৰিক্ত সঞ্চালল প্ৰধান অনুৰাগ ভিজে (ETV Bharat Assam)

শত্ৰুৰ চকু কাঢ়ি আনিবলৈ সক্ষম সেনাবাহিনী :

অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে এই বিশেষ শিবিৰত অংশগ্ৰহণ কৰাৰ পূৰ্বে তেজপুৰ আৱৰ্ত্ত ভৱনত থকা ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধত প্ৰাণ আহুতি দিয়া বীৰ সৈনিক সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

তেওঁ কয়, "সেই সময়ত আমাৰ দেশৰ সৈন্য বাহিনীৰ বিশেষ কোনো সুবিধা নাছিল যাৰ বাবে আমি বহুতো সৈনিক হেৰুৱাইছিলো; কিন্তু এতিয়া আৰু সেই দিন নাই ।" তেওঁ গৌৰৱৰে কয়,"এতিয়া যদি আমাৰ দেশৰ প্ৰতি কোনো শত্ৰুৱে চকু দিয়ে সেই চকু কাঢ়ি আনিবলৈ দেশৰ সেনাবাহিনী সক্ষম ।"

দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত সঞ্চালক প্ৰধানগৰাকীক এন চি চিৰ পঞ্চম বাহিনীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে । লগতে বাহিনীৰ ছাত্ৰ- ছাত্ৰীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে ।

এই অনুষ্ঠানটোত ভাষণ প্ৰসংগত তেওঁ কয়, "ভাৰতবৰ্ষ এখন ভিন্ন ভাষিক আৰু সাংস্কৃতিক বান্ধোনৰে সংপৃক্ত । ইয়াত অনৈক্যৰ মাজতো ঐক্য, কাৰণ উত্তৰ পূৰ্বাঞ্চল দেশৰ একেবাৰে পূব প্ৰান্তত আৰু মহাৰাষ্ট্ৰ পশ্চিম প্ৰান্তত; কিন্তু সকলো সংস্কৃতিৰ চর্চা কৰিব পাৰে ।"

লগতে পঢ়ক:কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক এন চি চিৰ ‘অনাৰী কৰ্ণেল’ সন্মান

কিতাপ-বহীৰ সলনি হাতত কোৰ-বস্তা লৈ ব্যস্ত ছাত্ৰ-ছাত্ৰী; কিন্তু কিয় ?