নদীত গা ধুবলৈ গৈ দুই ছাত্ৰৰ সলিল সমাধি, এজনৰ প্ৰাণৰক্ষা; নলবাৰীত শোকাৱহ ঘটনা
পশ্চিম নলবাৰীৰ আমনিত শোকাৱহ ঘটনা । বুঢ়াদিয়া নদীত গা ধুবলৈ গৈ সলিল সমাধি দুই ছাত্ৰৰ । নিহত ছাত্ৰ দুজন ৰূপম বৰ্মন আৰু নয়ন বৰ্মন ।

Published : July 9, 2026 at 9:31 PM IST
নলবাৰী : এক শোকাৱহ তথা মৰ্মান্তিক ঘটনাই জোকাৰি গ'ল নলবাৰী জিলাৰ পশ্চিম নলবাৰী । একেলগে নদীত গা ধুবলৈ যোৱা তিনি কিশোৰৰ দুজনৰ সলিল সমাধি ঘটে । আনহাতে, আনজন কিশোৰ সুকলমে নৈৰ পাৰলৈ উঠি আহিবলৈ সক্ষম হয় ।
নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ মাজেৰে বৈ যোৱা বুঢ়াদিয়া নৈত সদায় গা ধুবলৈ যোৱাৰ দৰে বৃহস্পতিবাৰেও গা ধুবলৈ গৈছিল তিনি কিশোৰে । কিন্তু যমদূতে যেন ৰখি আছিল দুজন কিশোৰৰ বাবে । আমনিৰ বাবা থানৰ সমীপৰ শ্মশান ঘাটৰ কাষতে তিনিও একেলগে নামিছিল বুঢ়াদিয়া নৈত ।
ইয়াৰে এজনে সাঁতুৰিব নজনাৰ বাবে ওচৰতে গা ধুই আছিল । বাকী দুজনৰ এজন সোঁতত উটি যোৱাত তেওঁক বচাবলৈ আন এজন কিশোৰে নৈৰ বুকুত জপিয়াই পৰাত দুয়ো নৈৰ চাকনৈয়াত সোমাই পৰে । ফলত দুয়োৰে একেলগে সলিল সমাধি ঘটে ।
ইফালে সাঁতুৰিব নোৱাৰাজনে দৌৰা-দৌৰিকৈ আহি ৰাইজক ঘটনাটোৰ বিষয়ে অৱগত কৰায় আৰু ৰাইজৰ সহায় বিচাৰে । পিছত স্থানীয় ৰাইজে ততাতৈয়াকৈ গৈ নৈৰ বুকুত উদ্ধাৰ অভিযান আৰম্ভ কৰে । অৱশেষত স্থানীয় ৰাইজে তাৰে এজনক বুঢ়াদিয়া নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰে । ইফালে ঘটনা সন্দৰ্ভত উদ্ধাৰকাৰী বাহিনীকো স্থানীয় ৰাইজে খবৰ দিয়ে । খবৰ পোৱা মাত্ৰকে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ আনজন কিশোৰক উদ্ধাৰ কৰে ।

নিহত কিশোৰ দুজন ৰূপম বৰ্মন আৰু নয়ন বৰ্মন বুলি চিনাক্ত কৰা হৈছে । ইয়াৰে এজনে নৱম শ্ৰেণীত পঢ়ে আৰু আনজন দশম শ্ৰেণীৰ ছাত্র আছিল । ইফালে নিজৰ সন্তানৰ সৈতে সংঘটিত এনে শোকাৱহ ঘটনাৰ খবৰৰ পিছতে নৈৰ পাৰত পৰিয়াল তথা আত্মীয়ৰ কান্দোনৰ ৰোল উঠে ।
স্থানীয় লোক আৰু জীৱন্ত অৱস্থাত উদ্ধাৰ হোৱা তৃতীয়জন কিশোৰৰ ভাষ্য মতে, তেওঁলোকে একেলগে সদায় গা ধুবলৈ তালৈ যায় । আজিও তেওঁলোক গা ধুবলৈ গৈছিল । লগৰ এজনে লগ ধৰাত স্কুলৰ পৰা আহি তালৈ গা ধুবলৈ গৈছিল বুলি জীৱিত কিশোৰজনে অৱগত কৰে । জানিব পৰা মতে, নিহত দুই কিশোৰৰ ঘৰ জিলাখনৰ আমনি গাঁৱত ।
ঘটনা সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, "আমনি বুলি কয়, বাবা থানৰ ওচৰত । সিহঁতে আগে-পিছেও আহে গা ধুবলৈ । আজিও আহিছিল বুলি শুনিছোঁ । আগতে এজনে জাপ মাৰিছে । পিছত আৰু এজনে জাপ মাৰি তাক বচাবলৈ যাওঁতে সিয়ো গুচি গৈছে । আৰু এজন আছিল, সি সাঁতুৰিব নাজানে । সি তাৰ পৰা উভতি আহি গাঁৱত খবৰ দিয়ে । মৃত দুজনৰ এজন ৰূপম বৰ্মন আৰু আনজন নয়ন বৰ্মন বুলি জানিব পৰা গৈছে ।"

