ETV Bharat / state

জোনাইত বিদ্য়ালয়লৈ যোৱাৰ পথত সন্ধানহীন দুই ভগ্নী, অপহৰণৰ সন্দেহ পৰিয়ালৰ

দুই ভগ্নীয়ে স্কুটীৰে ঘৰৰ পৰা ওলাই গৈছিল বিদ্য়ালয়লৈ বুলি ৷ তাৰ পাছৰ পৰাই কোনো সন্ধান নাই দুয়োৰে ৷

Students missing in Jonai
জোনাইত বিদ্য়ালয়লৈ যোৱাৰ পথত সন্ধানহীন দুই ভগ্নী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 6:50 PM IST

2 Min Read
Choose ETV Bharat

জোনাই: ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত কিশোৰী-যুৱতী নিৰুদ্দেশৰ ঘটনাই সকলোকে উদ্বিগ্ন কৰিছে । এইসকল কিশোৰী-যুৱতী মানৱ সৰবৰাহকাৰীৰ কৱলত পৰাৰ ঘটনাও সঘনাই সংঘটিত হৈ আহিছে । ৰাজ্য়ৰ চৌদিশে মানৱ সৰবৰাহকাৰী সক্ৰিয় হৈ থকাৰ খবৰ বিভিন্ন সময়ত পোৱা যায় । ইয়াৰ মাজতেই জোনাইৰ দুই ভগ্নী নিৰুদ্দেশ হোৱাত শংকিত হৈ পৰিছে পৰিয়ালবৰ্গ ।

ঘটনাৰ বিৱৰণি অনুসৰি যোৱা শুকুৰবাৰে পুৱা প্ৰায় ৭:৩০ বজাত দুয়োগৰাকী ভগ্নীয়ে এখন স্কুটীৰে ঘৰৰ পৰা ওলাই গৈছিল বিদ্য়ালয়লৈ । ইয়াৰ পিচতেই দুয়োগৰাকী ভগ্নী সন্ধানহীন হৈ পৰে । পিচত পৰিয়ালৰ লোকে এই বিষয়ে জানিব পাৰি বিদ্য়ালয়ৰ শিক্ষকক ফোন কৰাত দুয়োগৰাকী ভগ্নী বিদ্য়ালয়লৈ যোৱা নাই বুলি নিশ্চিত হয় ।

জোনাইত বিদ্য়ালয়লৈ যোৱাৰ পথত সন্ধানহীন দুই ভগ্নী (ETV Bharat Assam)

দুই ভগ্নীয়ে বিদ্য়ালয়লৈ নোযোৱাৰ খবৰ পোৱাত পিতৃয়ে বিচাৰ-খোচাৰ কৰাত স্কুটীখন অৰুণাচল সীমান্তৰ জোনাইৰ ৰুকচিন বজাৰৰ এখন দোকানৰ সন্মুখত পৰিত্য়ক্ত অৱস্থাত উদ্ধাৰ কৰে যদিও দুই কন্যাৰ কোনো সন্ধান লাভ কৰা নাই ।

ইফালে, অসহায় পিতৃয়ে দুই কন্যাক য'তেই নাথাকক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাই কয়, "মোৰ দুয়োগৰাকী ছোৱালী হাইস্কুলত পঢ়ে । বিদ্য়ালয়ৰ পোছাক পিন্ধিয়েই ঘৰৰ পৰা ওলাই গৈছিল । পুৱা ১০ মান বজাত প্ৰধান শিক্ষকক ফোন কৰাত ছোৱালী দুয়োগৰাকীয়ে বিদ্য়ালয়লৈ যোৱা নাই বুলি কয় । বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি আছোঁ যদিও কোনো শুংসূত্ৰ লাভ কৰা নাই । ৰুকচিন বজাৰত স্কুটীখন উদ্ধাৰ কৰিছোঁ ।"

কিশোৰী দুগৰাকীৰ পিতৃয়ে এয়া অপহৰণৰ ঘটনা হ'ব পাৰে বুলি সন্দেহ কৰিছে । ইতিমধ্য়ে পৰিয়ালৰ লোকে এই সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ কিশোৰী দুগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক:কেৰালামত সন্ধানহীন বাক্সাৰ শ্ৰমিক

ফকিৰগঞ্জৰ নিৰুদ্দিষ্ট তিনি ছাত্ৰীক গুৱাহাটীত উদ্ধাৰ