ETV Bharat / state

কোনে পেলাই থৈ গ'ল সন্দেহজনক মাংসৰ দুটা বস্তা ?

পবিত্ৰ ঈদৰ দিনাই মঙলদৈত তীব্ৰ চাঞ্চল্য । উদ্ধাৰ দুটাকৈ মাংস ভৰ্তি বস্তা । কোনে পেলাই থৈ গ'ল বস্তা দুটা ।

Eid al adha
পবিত্ৰ ঈদৰ দিনাই মঙলদৈত উদ্ধাৰ দুটাকৈ মাংস ভৰ্তি বস্তা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2026 at 9:20 AM IST

3 Min Read
Choose ETV Bharat

মঙলদৈ: যিসময়ত মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বহু ইছলাম ধৰ্মাৱলম্বী লোকে ঈদত গৰুৰ কোৰবানী দিয়াৰ বিপৰীতে বেলেগ জন্তু কোৰবানী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সময়তে সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । পবিত্ৰ ঈদৰ দিনাই মঙলদৈত উদ্ধাৰ দুটাকৈ মাংস ভৰ্তি বস্তা । মঙলদৈ উপহুপাৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বৃহস্পতিবাৰে বিয়লিৰভাগত ৰাইজে প্ৰত্যক্ষ কৰে মাংস ভৰ্তি বস্তা দুটা ।

মাংসৰ কিছু অলাগতিয়াল অংশ কোনো লোকে বস্তাত ভৰাই দিনৰ ভাগত পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । এয়া কোনো দুষ্ট চক্ৰই পৰিকল্পিতভাৱে কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে । ঈদৰ দিনাই এনেদৰে মাংসৰ অলাগতিয়াল অংশ পেলাই থৈ যোৱাৰ প্ৰতি লক্ষ্য কৰি এইয়া গো-মাংস বুলি সন্দেহ কৰে উপস্থিত ৰাইজে । উল্লেখযোগ্য যে দুটাকৈ মাংস ভৰ্তি বস্তা উদ্ধাৰ হোৱা উক্ত স্থানতে আছে এটা শিৱ মন্দিৰ ।

পবিত্ৰ ঈদৰ দিনাই মঙলদৈত উদ্ধাৰ দুটাকৈ মাংস ভৰ্তি বস্তা (ETV Bharat Assam)

এই সন্দৰ্ভত এগৰাকী প্ৰত্যক্ষদৰ্শী এগৰাকী যুৱকে কয়, "মোৰ ইয়াতে ওৱেল্ডিঙৰ দোকান আছে, সিখন দোকানৰ পৰা কিবা এটা আনিবলৈ গৈ থাকোঁতে দেখা পালোঁ ইয়াতে দুটা বস্তা পৰি আছে আৰু ওচৰতে কুকুৰ বহুকেইটা আছে । মই ওচৰৰ দোকানী কেইজনক আৰু ওচৰ-চুবুৰীয়াক জনালোঁ । গাঁও প্ৰধানো আহিল, তেওঁ আহি থানাত জনালে, থানাৰ পৰা আৰক্ষী আহি বস্তা দুটা লৈ গ'ল । বস্তা দুটা কোনে পেলাইছিল দেখা নাই ।"

আন এগৰাকী সচেতন যুৱক মুন হাজৰিকাই এই ঘটনাক তীব্ৰ গৰিহণা দি কয়, "আমি সঁচাকে এই অঞ্চলবাসী হিচাপে দুঃখিত যে আজি আমাৰ এই অঞ্চলত এনেকুৱা এটা ঘটনা ঘটিছে । প্ৰশাসন বা মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ আহ্বান কৰাৰ পিছতো কিছু দুষ্কৃতিকাৰীয়ে আমাৰ সমাজৰ ভাতৃত্ববোধ বিনষ্ট কৰিবৰ কাৰণে এইবোৰ কৰিছে । দুষ্কৃতিকাৰীয়ে এইটো ইচ্ছাকৃতভাৱে কৰিছে ।

তেওঁ পুনৰ কয়, "এইটো এলেকাত চাৰি পাঁচ কিলোমিটাৰলৈকে কোনো মুছলমান গাঁও নাই । ইয়ালৈ এই বস্তা দুটা কেনেকৈ আহিল, কোনোবা দুষ্কৃতিকাৰীয়ে ইচ্ছাকৃতভাৱে কৰিব লাগিব । সেয়ে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, যাতে এই দুষ্কৃতিকাৰীক চিনাক্ত কৰে । আমাৰ এইটো এটা আবাসিক এলেকা, চাৰিওফালে মানুহ আছে, তাৰ পিছতো কেনেকৈ, কেতিয়া আহি এনে কাম কৰিলে দেখা নাপালোঁ । ওচৰতে এটা শিৱমন্দিৰ আছে, গোটেইখিনি হিন্দু মানুহ, হিন্দু এলেকাত এনেকুৱা এটা কাম কৰাৰ বাবে আমি গৰিহণা দিছোঁ ।"

উল্লেখ্য যে ঘটনাটো ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছতে গাঁও প্ৰধানে মঙলদৈ আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ লগে লগে উক্ত স্থানত উপস্থিত হয় আৰক্ষী আৰু বস্তা দুটা লৈ যায় । অৱশ্যে বৰ্তমানো স্পষ্ট হোৱা নাই এইয়া কিহৰ মাংস । ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ।

লগতে পঢ়ক: চাহ বাগিচাৰ নলাত পৰি কণমানি হাতী পোৱালিৰ মৃত্যু

আলফা স্বাধীনৰ নামত ধন সংগ্ৰহৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে ইজনৰ পিছত সিজন, NIA য়ো চলাইছে তদন্ত