ETV Bharat / state

ঘৰৰ ল’ৰা ঘৰলৈ ! পুনৰ বনলৈ উভতিল 'চন্দ্ৰ' আৰু 'কানাই'

বনৰ জীৱ পুনৰ বনলৈ ৷ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰ এৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বুলি ৰাওনা 'চন্দ্ৰ' আৰু 'কানাই' ।

Kaziranga national park
পুনৰ বনলৈ উভতিল 'চন্দ্ৰ' আৰু 'কানাই' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 20, 2026 at 5:15 PM IST

4 Min Read
Choose ETV Bharat

কাজিৰঙা : বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰ এৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বুলি ৰাওনা 'চন্দ্ৰ' আৰু 'কানাই' নামৰ দুটা গঁড় পোৱালি ৷ বিভাগীয়ভাৱে মঙলবাৰে গঁড় পোৱালি দুটাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত মুকলি কৰাৰ ব্যৱস্থা কৰা হয় ৷

কাজিৰঙাত উদ্ধাৰ হৈছিল দুটা গঁড়ৰ পোৱালি

পুনৰ বনলৈ উভতিল 'চন্দ্ৰ' আৰু 'কানাই' (ETV Bharat Assam)

ভৰ বানপানীৰ সময় ৷ ২০২০ চনৰ ২ আগষ্ট ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশদ্বাৰত বানৰ দুৰ্যোগপূৰ্ণ অৱস্থাৰ মাজতে উদ্ধাৰ কৰা হৈছিল এটা গঁড়ৰ পোৱালি ৷ একেদৰে ২০২১ বৰ্ষৰ ৩১ আগষ্টত বানৰ সময়ত বাগৰি বনাঞ্চলৰ কাষৰীয়া কুঠৰীত উদ্ধাৰ কৰা হয় আন এটা গঁড়ৰ পোৱালি ৷

মাতৃৰ পৰা বিচ্ছিন্ন দুয়োটা পোৱালিকে উদ্ধাৰ কৰি লালন-পালনৰ বাবে প্ৰেৰণ কৰা হয় কাজিৰঙাৰ বৰজুৰিস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰলৈ ৷

এই সন্দৰ্ভত পূব অসম বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী (ডি এফ অ') অৰুণ বিগনেছে কয়, "পোৱালি দুটা উদ্ধাৰ কৰাৰ সময়ত বয়স প্ৰায় এবছৰ আছিল ৷ মিহিমুখত উদ্ধাৰ হোৱা গঁড় পোৱালিটোৰ নাম ‘চন্দ্ৰ’ আৰু কুঠৰীত উদ্ধাৰ হোৱাটোক ‘কানাই’ বুলি নাম দিয়া হৈছিল ৷"

Kaziranga national park
পুনৰ বনলৈ উভতিল 'চন্দ্ৰ' আৰু 'কানাই' (ETV Bharat Assam)

পুনঃসংস্থাপন কেন্দ্ৰত চন্দ্ৰ আৰু কানাই

বনাঞ্চল অথবা জনাঞ্চল যিকোনো ঠাইতে দুৰ্যোগপূৰ্ণ অৱস্থাত উদ্ধাৰ হোৱা বন্যপ্ৰাণীৰ চিকিৎসা তথা লালন-পালনৰ বাবে অনা হয় কাজিৰঙাৰ বৰজুৰিস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰলৈ ৷ একেদৰে চন্দ্ৰ আৰু কানায়ো আহিল পুনঃসংস্থাপন কেন্দ্ৰৰ নিৰীক্ষণলৈ ৷ মাতৃৰ পৰা বিচ্ছিন্ন গঁড় পোৱালি দুটাৰ প্ৰাৰম্ভিক চিকিৎসাৰ লগতে কেন্দ্ৰত চলে মাতৃসুলভ লালন-পালন ৷

ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়াৰ এগৰাকী বিষয়া তথা বিশেষজ্ঞ ডঃ ৰথীন বৰ্মনে কয়, "নিজৰ সন্তানক যেনেধৰণে লালন-পালন কৰা হয়, তেনেকৈ লালন-পালন কৰাৰ চেষ্টা কৰিছিলোঁ ৷ একেবাৰে কণমানি অৱস্থাত উদ্ধাৰ হোৱা পোৱালি দুটাক ২৪ ঘণ্টাই যতন ল’বলগা হৈছিল ৷ প্ৰয়োজনত একেলগে থাকিবলগাও হৈছিল ৷ কেন্দ্ৰত দুগৰাকী চিকিৎসক আৰু বাকী ‘এনিমেল কীপাৰ’সকলক লৈ মুঠ ১৫ জন লোকে ‘ছিফ্ট’ অনুসৰি অন্যান্য বন্যপ্ৰাণীৰ লগতে গঁড় পোৱালি দুটাৰ যতন লৈছিল ৷"

ডঃ বৰ্মনে লগতে কয়, "এই বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰৰ ২৫ টা বছৰ সম্পূৰ্ণ হ’বলৈ হৈছে ৷ চলিত বৰ্ষৰ আগষ্ট মাহত কেন্দ্ৰটোৱে ২৫ বছৰ সম্পূৰ্ণ কৰিব ৷ সফলতাৰে বিভিন্ন বন্যজীৱ পুনঃসংস্থাপন কৰাটো এই অভিজ্ঞতাৰে ফচল ৷"

Kaziranga national park
পুনৰ বনলৈ উভতিল 'চন্দ্ৰ' আৰু 'কানাই' (ETV Bharat Assam)

ঘৰৰ ল’ৰা ঘৰলৈ

ডঃ ৰথীন বৰ্মনে কয়, "ঘৰৰ ল’ৰা ঘৰলৈ উভতি যাবগৈ ৷ বানৰ সময়ত মাতৃৰ পৰা বিচ্ছিন্ন পোৱালি উদ্ধাৰ হ’লে মাতৃৰ স’তে লগ লগাবলৈ চেষ্টা কৰোঁ ৷ নাপালে কেন্দ্ৰতে তুলি-তালি ডাঙৰ-দীঘল কৰোঁ ৷ গঁড় পোৱালি দুটা কেন্দ্ৰৰ পৰা উদ্যানলৈ ওভতাই পঠিওৱাৰ প্ৰসংগত ইমান দিন একেলগে থাকি পঠাবলৈ অকণমান বেয়াও লাগিছে যদিও মুকলি আকাশৰ তললৈ যাব বাবে বহুত ভাল লাগিছে ।"

তেওঁ লগতে কয়, "উদ্ধাৰ হোৱা দিনটোৰ অৱস্থাৰ পৰা আজি ঘূৰাই পঠাম ৷ ‘কেজ’ৰ পৰা ওলাই যেতিয়া ‘এনিমেল’টো যাব, সেইটো যিটো শান্তি সেয়া শব্দৰে, ভাষাৰে বুজাব নোৱাৰি ৷"

উল্লেখ্য যে দুয়োটা গঁড় পোৱালি প্ৰায় ৪-৫ বছৰ পুনঃসংস্থাপন কেন্দ্ৰত কটাই এতিয়া পুনঃসংস্থাপনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত মুকলি হ’ব ৷

আনহাতে, বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিগনেছে লগতে কয়, "গঁড় পোৱালি দুটাই নিজে খাবলৈ শিকিছে ৷ ‘হিউমেন ডিপেনডেন্সি’ সিমান নাই ৷ বনত মুকলি কৰাৰ পাছতো পোৱালি দুটাক ‘মনিটৰ’ কৰাৰ ব্যৱস্থা কৰা হ’ব ৷ পোৱালিকেইটাৰ ‘বিহেভিয়াৰ’ মনিটৰ কৰা হ’ব ৷"

Kaziranga national park
পুনৰ বনলৈ উভতিল 'চন্দ্ৰ' আৰু 'কানাই' (ETV Bharat Assam)

অৱশ্যে মুকলি ক’ত কৰা হ’ব সেয়া গোপনে ৰখা হৈছে বুলি জানিব দি বিগনেছে কয়, কাজিৰঙা উদ্যানৰ অন্তৰ্ভাগত ভাল ঘাঁহনি এলেকাতে চন্দ্ৰ আৰু কানাইক মুকলি কৰা হ’ব ৷

উল্লেখ্য যে এই স্থানান্তৰ তথা পুনঃসংস্থাপন প্ৰক্ৰিয়াত চোৱাচিতা কৰিছে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰৰ মুৰব্বী ডাঃ ভাস্কৰ চৌধুৰীয়ে । লগতে সহযোগিতা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসা বিষয়া ডাঃ সৌৰভ বুঢ়াগোঁহাই, ডাঃ মোহিত ন্যাল আৰু ডাঃ মেহদীয়ে ।

ইয়াৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ হৈ ক্ষেত্ৰ সঞ্চালক ডঃ সোণালী ঘোষ, ডি অফ অ' অৰুণ বিগনেছ, বিশেষজ্ঞ ডঃ ৰথীন বৰ্মন, কৌশিক বৰুৱা আৰু ডঃ অনুপম শৰ্মাই সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক :ডুবাইবাসীয়েও সোৱাদ লৈছে ধেমাজিৰ মৌৰসৰ
লগতে পঢ়ক :কেৰেলা বিক্ৰী কৰি মটৰ চাইকেল কিনা এজন কৃষক; মাহে উপাৰ্জন কৰে ডেৰ লক্ষাধিক টকা