ETV Bharat / state

ঘৃণনীয় কাণ্ড... ! এআইৰ দ্বাৰা শিক্ষয়িত্ৰীসহ ৭৫ গৰাকী ছাত্ৰীৰ অশ্লীল ফটো প্ৰস্তুত ছাত্ৰৰ

মহানগৰীৰ ব্যক্তিগত বিদ্যালয়ত ভয়ংকৰ কাণ্ড । এআইৰ দ্বাৰা শিক্ষয়িত্ৰী, ছাত্ৰীৰ ফটো অশ্লীলকৈ প্ৰস্তুত ছাত্ৰৰ ৷

Guwahati News
মহানগৰীৰ ব্যক্তিগত বিদ্যালয়ত ভয়ংকৰ কাণ্ড (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 8:38 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: কৃত্ৰিম বুদ্ধিমত্তা চমুকৈ এআয়ে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত বিপ্লৱ আনিছে, আনফালে এআই অপব্যৱহাৰে চিন্তিত কৰি তুলিছে সচেতন মহলক ৷ কিয়নো এইবাৰ এআইৰ দ্বাৰা কেইগৰাকীমান ছাত্ৰই প্ৰস্তুত কৰিলে শিক্ষয়িত্ৰী, ছাত্ৰীৰ অশ্লীল ফটো ৷ গুৱাহাটীৰ দুখনকৈ আগশাৰী বিদ্যালয়ৰ ছাত্ৰই মিলি এআই দ্বাৰা শিক্ষয়িত্ৰী আৰু ছাত্ৰীৰ অশ্লীল ফটো প্ৰস্তুত কৰি ফটোসমূহ বিক্ৰী কৰাৰ অভিযোগ উঠিছে ৷

অভিযোগ অনুসৰি, মহানগৰীৰ পাথৰকুঁৱাৰীস্থিত এছএফএছ আৰু ডিপিএছ বিদ্যালয়ৰ ছাত্ৰই মিলি এই লজ্জানত ঘটনা সংঘটিত কৰিলে ৷ জানিব পৰা মতে, দুয়োখন বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰই এআইৰ দ্বাৰা বিদ্যালয় দুখনৰ শিক্ষয়িত্ৰীসহ ৭৫ গৰাকী ছাত্ৰীৰ অশ্লীল ফটো প্ৰস্তুত কৰিছিল । ছাত্ৰকেইজনে বিকৃত ফটোসমূহ মোবাইলে মোবাইলে ভাইৰেল কৰাৰ লগতে ছাত্ৰ কেইজনে এটা এপৰ দ্বাৰা ধনৰ বিনিময়ত ফটোসমূহ বিক্ৰীও কৰিছে বুলি অভিযোগ উঠিছে ৷

মহানগৰীৰ ব্যক্তিগত বিদ্যালয়ত ভয়ংকৰ কাণ্ড (ETV Bharat Assam)

এতিয়া প্ৰশ্ন উঠিছে, বিজ্ঞান প্ৰযুক্তিবিদ্যাই যিমান উপকাৰ বা সদব্যৱহাৰ হৈছে তাৰ তুলনাত বেছিকৈ বেয়া কাম বা অপপ্ৰয়োগ কৰা হৈছে নেকি ? ইফালে ছাত্ৰকেইজনৰ সেই নিকৃষ্ট কাণ্ড পোহৰলৈ অহাৰ পাছতো এছএফএছ স্কুলৰ কৰ্তৃপক্ষই ছাত্ৰজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ অভিভাৱকে । ইপিনে সংবাদ মাধ্যমৰ তৰফৰ পৰা এছএফএছ বিদ্যালয়ৰ কৰ্তৃপক্ষক যোগাযোগ কৰাৰ পাছতো সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে ৷

আনহাতে এছএফএছ বিদ্যালয়ৰ কৰ্তৃপক্ষই POCSO আইনৰ অধীনত এখন তদন্ত সমিতি গঠন কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি লিখিত ভাবে জনায় । ইফালে ভুক্তভোগী ছাত্ৰীসকলৰ একাংশ অভিভাৱকে আৰক্ষীৰ কাষ চাপিছে ।

ঘটনাৰ সন্দৰ্ভত স্থানীয় লোক তথা সমাজ কৰ্মী প্ৰদীপ কলিতাই কয়, "আমি সামাজিক মাধ্যমত জানিব পোৱা মতে পাথৰকুঁৱাৰী এছএফএছ স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ এজনে এআইৰ দ্বাৰা শিক্ষয়িত্ৰী আৰু ছাত্ৰীৰ ফটো অশ্লীলকৈ প্ৰস্তুত কৰি টেলিগ্ৰামৰ জৰিয়তে বিক্ৰী কৰা বুলি জানিব পাইছো । এয়া স্কুলৰ কাৰণে দুৰ্ভাগ্যৰ বিষয়, অতি পৰিতাপৰ বিষয় । এনেকুৱা যদি ঘটনা ঘটে ভৱিষ্যতলৈ কোনো ছাত্ৰী তথা শিক্ষয়ত্ৰী পঢ়িব নোযোৱা এটা অৱস্থা হ'ব । স্কুল কৰ্তৃপক্ষক দাবী জনাইছো অনতি বিলম্বে এই অভিযুক্ত ছাত্ৰজনক উচিত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰক।"

ইফালে সমগ্ৰ ঘটনাটোত বিদ্যালয় দুখনৰ কিমান জন ছাত্ৰ জড়িত আছে সেয়া পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ তদন্ত পিছতহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক:আধুনিক চিন্তাৰে ভাৰতক নতুন দিগন্ত দিছে প্ৰধানমন্ত্ৰী মোদীয়ে: সৰ্বানন্দ সোণোৱাল