মেটেকাক লৈ কি কৰিছে অনিকেত-ৰূপাংকৰে ?
এসময়ত যি পানী মেটেকাক মানুহে কেৱল আবৰ্জনা বা অপকাৰী উদ্ভিদ বুলি জ্ঞান কৰিছিল, সেই পানী মেটেকাই এতিয়া কেবাটাও জীৱনলৈ আনিছে আশাৰ ৰেঙণি ৷

Published : May 30, 2026 at 2:30 PM IST
|Updated : May 30, 2026 at 5:36 PM IST
গুৱাহাটী: পানী মেটেকা এবিধ অপকাৰী উদ্ভিদ ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পুখুৰী, বিল, জলাশয়, নদ-নদীত এই অপকাৰী উদ্ভিদবিধ দেখা যায় ৷ বিশেষকৈ গ্ৰামাঞ্চলৰ বহু জলাশয়ত মেটেকাই সম্পূৰ্ণ পানীপৃষ্ঠ আৱৰি পেলোৱাত পানীৰ স্বাভাৱিক গতিত বাধা আহি পৰে ৷ যাৰ ফলত মাছ আৰু অন্যান্য জলজ প্ৰাণীৰ জীৱনচক্ৰ বিপদৰ সন্মুখীন হয় ।
পৰিৱেশ আৰু মৎস্য সম্পদৰ বাবে সমস্যাৰ সৃষ্টি কৰা এই জলজ উদ্ভিদে এতিয়া এক নতুন সম্ভাৱনাৰ দিশো মুকলি কৰিছে । মেটেকাৰ পৰা মোনা আদিৰ লগতে বিভিন্ন গৃহসজ্জাৰ সামগ্ৰী প্ৰস্তুত কৰি বহু মহিলা ইতিমধ্যে স্বাৱলম্বী হোৱাৰো উদাহৰণ আছে ।
ইয়াৰ মাজতে “কুম্ভী কাগজ” নামৰ ষ্টাৰ্টআপে মেটেকাক সম্পদলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস কৰিছে । উদ্যোগটোৱে মেটেকাৰ পৰা পৰিৱেশ অনুকূল কাগজ প্ৰস্তুত কৰি এক ব্যতিক্ৰমী উদাহৰণ দাঙি ধৰিছে ।
জলাশয়ৰ পৰা সংগ্ৰহ কৰা মেটেকা বিশেষ প্ৰক্ৰিয়াৰে পৰিশোধন কৰি কাগজলৈ ৰূপান্তৰ কৰিছে । উদ্যোগটোৰ লক্ষ্য হৈছে জলাশয় পৰিষ্কাৰ কৰাত সহায় কৰা, আনফালে পৰিৱেশ অনুকূল সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি কৰা । মেটেকাৰ পৰা উৎপাদিত কাগজৰ এই প্ৰচেষ্টাই এতিয়া লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে ।

- কেনেকৈ আৰম্ভ হৈছিল এই যাত্ৰা ?
এই সন্দৰ্ভত কুম্ভী কাগজ প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক অনিকেত ধৰে কয়, "মেটেকা জলাশয়ৰ বাবে এটা ডাঙৰ সমস্যা । মেটেকা হৈছে বিদেশী জলজ উদ্ভিদ । ব্ৰিটিছ শাসনৰ সময়তে ইংৰাজসকলে অসমলৈ মেটেকা আনিছিল । আগতে আমাৰ পুখুৰী-জলাশয়ত পদুম ফুল আছিল । কিন্তু বৰ্তমান জলাশয়বোৰ মেটেকাৰ ভৰি গৈছে । এই জলজ উদ্ভিদবোৰৰ বাবে সমস্যা হোৱাৰ উপৰিও পানীৰ পৰিমাণো বহু কমি আহিছে । বহু লোকে মেটেকাৰ পৰা বেগকে ধৰি আন সামগ্ৰী প্ৰস্তুত কৰিছে । কিন্তু আমি মানুহে অধিক ব্যৱহাৰ কৰিব পৰা মেটেকাৰ সামগ্ৰী প্ৰস্তুত কৰাৰ চিন্তা কৰিছিলো । সেয়ে আমি মেটেকাৰ পৰা কাগজ বনাবলৈ আৰম্ভ কৰিলো ।"

তেওঁ লগতে কয়, "২০১৫-১৬ চনত মেটেকাৰ পৰা কাগজ বনোৱা আৰম্ভ কৰিছিলো । ক’ভিডৰ সময়ত আমি এই বিষয়টোৰ ওপৰত গৱেষণা কৰাৰ সুযোগ পাইছিলো । ২০২১ ত আমি এক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো । সেই প্ৰতিযোগিতাত জয় হোৱাৰ পাছত এটা ফাণ্ড পালো । সেই ফাণ্ড পোৱাৰ লগে লগে এটা সৰু ফেক্টৰী এটা আৰম্ভ কৰিলো । প্ৰথমতে আমি হাতেৰে বনাইছিলো, এতিয়া আমি বন বিভাগৰ সহযোগত গোৱালপাৰা জিলাৰ শোলমাৰীত থকা ইউনিটটোত অট'মেটিক মেচিনত মেটেকাৰ পৰা কাগজ প্ৰস্তুত কৰি আছো ।"

- প্ৰতিদিনে কিমান কাগজ উৎপাদন হয়
অনিকেত ধৰে কয়, "আমাৰ ইউনিটটোত প্ৰায় ১৫০ গৰাকী সদস্য় আছে ৷ তেওঁলোক ইউনিটটোৰ আশে পাশে থকা কেইবাখনো গাঁৱৰ বাসিন্দা ৷ তেওঁলোকে খেতি কৰাৰ উপৰিও আমাক শুকান মেটেকাৰ যোগান ধৰি আহিছে । তেওঁলোকে মেটেকাবোৰ বিলৰ পৰা সংগ্ৰহ কৰে ৷ তাৰ পাছত এই উদ্ভিদৰ ঠাৰিবোৰ শুকুৱাই আমাক প্ৰতি কিলোগ্ৰাম ২০-২৫ টকাকৈ বিক্ৰী কৰে । এই মেটেকাৰ বাকী থকা অংশবোৰ তেওঁলোকে খেতিপথাৰত জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰে ।"

তেওঁ লগতে কয়, ‘‘আমাৰ গোৱালপাৰাৰ ইউনিটটোৰ পৰা প্ৰতিদিনে প্ৰায় ৮০০ টা ডাঙৰ চিট উৎপাদন হয় । দৈনিক ৫০- ১৫০ কিলোগ্ৰাম শুকান মেটেকাৰ প্ৰয়োজন হয় ।"
- মেটেকাৰ কাগজৰ পৰা কি কি সামগ্ৰী প্ৰস্তুত কৰা হয় ?
এই সন্দৰ্ভত কুম্ভী কাগজ প্ৰাইভেট লিমিটেডৰ আনগৰাকী প্ৰতিষ্ঠাপক ৰূপাংকৰ ভট্টাচাৰ্যই কয়, "গোৱালপাৰাত থকা ইউনিটটোত মেটেকাৰ পৰা কাগজ প্ৰস্তুত হোৱা পাছত আমি সেইবোৰ গুৱাহাটীলৈ আনো । সেই কাগজেৰে আমি নোটবুক, নোটপেড, ডায়েৰী, ফটো ফ্ৰেম, টেবুল কেলেণ্ডাৰ আদি প্ৰস্তুত কৰো । ইয়াৰ ভিতৰত নোটবুক, নোটপেডৰ চাহিদা অধিক ।’’

‘‘আমি কৰ্প'ৰেট উপহাৰৰ ওপৰত বেছি গুৰুত্ব দিছো । তদুপৰি আন্তঃৰাষ্ট্ৰীয় বজাৰখনৰ লগতে পেকেজিং মাৰ্কেটখন দখল কৰাৰ লক্ষ্য লোৱা হৈছে । অহা দুই-তিনি বছৰৰ ভিতৰত আমি এই বজাৰখন দখল কৰিম বুলি বুলি আশা কৰিছো । আমাৰ সামগ্ৰীবোৰ অনলাইনযোগে দেশৰ বিভিন্ন প্ৰান্তলৈ গৈছে । গ্ৰাহকে কুম্ভী কাগজ নামৰ ৱেবচাইটটোৰ জৰিয়তে আমাৰ সামগ্ৰীবোৰ ক্ৰয় কৰিব পাৰে ।’’ ৰূপাংকৰ ভট্টাচাৰ্যই কয় ৷

- আন কাগজৰ তুলনাত কিয় পৃথক কুম্ভী কাগজ ?
তেওঁ কয়, "বৰ্তমান বজাৰত বাঁহৰ পৰা বনোৱা কাগজ কম পোৱা যায় । কাঠৰ পৰা বনোৱা কাগজ বৰ্তমান বিক্ৰী হৈ আছে । আন কাগজৰ তুলনাত আমাৰ কাগজৰ বিশেষত্ব হৈছে যে আমি যি মেটেকাৰ পৰা কাগজ প্ৰস্তুত কৰিছো, যি মেটেকাই আমাৰ জলাশয়বোৰ ধংস কৰি আহিছে । ইয়াৰ সমাধান বিচাৰি আমি এই কাগজ বনাই আহিছো । তদুপৰি আমাৰ কাগজ কেমিকেল ফ্ৰী হোৱাৰ উপৰিও আমি গছ কাটিব নালাগে । কম পানীত আমাৰ কাগজ প্ৰস্তুত কৰিব পাৰো । মেটেকাৰ পৰা কাগজ উৎপাদন কৰি আমি পানী বচোৱাৰ উপৰিও গছ ধ্বংস নকৰাকৈ কাগজ বনাইছো আৰু জলাশয় সংৰক্ষণত গুৰুত্ব দিছো ।’’

- এই উদ্যোগটোৰ পৰা বছৰি কিমান টকা উপাৰ্জন হয় ?
ৰূপাংকৰ ভট্টাচাৰ্যই কয়, "কুম্ভী কাগজ প্ৰথম আৰম্ভ কৰোতে আমাৰ প্ৰথম বছৰৰ আয় আছিল ৪০ হাজাৰ টকা । বৰ্তমান আমাৰ বছৰি ৩০ লাখতকৈ অধিক হয় । আগন্তুক দিনত আমাৰ আয় আৰু বাঢ়িব বুলি আশা কৰিছো । আমি যিখিনি কৰিম বুলি লক্ষ্য ৰাখিছো, আশা কৰিছো অহা দুবছৰত সেই লক্ষ্যত উপনীত হ'ব পাৰিম ।"

যি সময়ত ৰাজ্যত নিবনুৱা সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰিছে, তেনে সময়ত ৰূপাংকৰ ভট্টাচাৰ্য আৰু অনিকেট ধৰ সকলোৰে বাবে এক আদৰ্শ হৈ পৰিছে । কেৱল চৰকাৰী চাকৰিৰ পিছত দৌৰাতকৈ নিজৰ সৃজনীমূলক চিন্তাৰে কেনেকৈ স্বাৱলম্বী হ’ব পাৰি, তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এই দুই যুৱকে ৷ তেওঁলোকৰ এই যাত্ৰাই প্ৰমাণ কৰিলে যে 'কৰ্মই ধৰ্ম' আৰু একাগ্ৰতা থাকিলে সফলতা নিশ্চিত ।

