নগাঁৱত দুই বিদেশীক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ
বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা দুই ব্যক্তিক বহিষ্কাৰৰ নিৰ্দেশ । ২৪ ঘণ্টাৰ সময়সীমা । নিৰ্দেশ অমান্য কৰিলে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা ।

Published : July 9, 2026 at 10:21 PM IST
নগাঁও: নগাঁৱত পুনৰ ঘোষিত দুই বিদেশীক ভাৰত ত্যাগৰ বাবে বান্ধি দিয়া হৈছে চৰম সময় । বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা দুজন ব্যক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে ।
নগাঁৱৰ জিলা আয়ুক্তই বৃহস্পতিবাৰে জাৰি কৰা এক চৰকাৰী নিৰ্দেশ অনুসৰি দুয়োগৰাকী ঘোষিত বিদেশীক আদেশ লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত অসম তথা ভাৰতৰ সীমা এৰি ওলাই যাবলৈ জননী প্ৰেৰণ কৰা হয় ।
দণ্ডাধীশ শাখাৰ পৰা জাৰি কৰা এই আদেশ অনুসৰি, নগাঁও আৰক্ষীৰ সীমান্ত শাখাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে ৯ জুলাইত প্ৰেৰণ কৰা প্ৰতিবেদনৰ ভিত্তিত দুগৰাকীকৈ ঘোষিত বিদেশীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে ।

বিদেশী ন্যায়াধিকৰণে ইতিমধ্যে দুয়োগৰাকী ব্যক্তিক বিদেশী বুলি ঘোষণা কৰাৰ পিছত এই বহিষ্কাৰ নিৰ্দেশ জাৰি কৰা হৈছে । আদেশ অনুসৰি বহিষ্কাৰৰ সন্মুখীন হোৱা ব্যক্তি দুজন হৈছে কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বকলুং গাঁৱৰ প্ৰয়াত আমিৰ হুছেইনৰ পুত্ৰ আব্দুল হাছেন(৬২) আৰু কামপুৰ আৰক্ষী থানাৰেই অন্তৰ্গত পশ্চিম নামবৰ গাঁৱৰ আমেৰ হুছেইনৰ পুত্ৰ আব্দুল হুছেইন(৫৮) ৷
উল্লেখযোগ্য যে, বকলুং গাঁৱৰ প্ৰয়াত আমিৰ হুছেইনৰ পুত্ৰ আব্দুল হাছেনৰ বিৰুদ্ধে ৰুজু হৈ থকা FT 117/2020 নম্বৰৰ গোচৰৰ ভিত্তিত চলিত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে বিদেশী বুলি ঘোষিত হৈছিল আব্দুল হাছেন ।
একেদৰে, আব্দুল হুছেইনৰ বিৰুদ্ধে FT 17/2015-নম্বৰত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত ২০১৯ চনৰ ৭ মাৰ্চ তাৰিখে বিদেশী বুলি ঘোষিত হৈছিল আব্দুল হুছেইন ৷ জিলা আয়ুক্তৰ আদেশত উল্লেখ থকা অনুসৰি Immigrants (Expulsion from Assam) Act, 1950-ৰ ধাৰা ২ অনুসৰি, ঘোষিত বিদেশী দুয়োগৰাকী অসমৰ পৰা বহিষ্কাৰৰ যোগ্য । সেই অনুসৰি তেওঁলোকক আদেশ লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত ধুবুৰী, শ্ৰীভূমি অথবা দক্ষিণ শালমাৰা-মানকাচৰ সীমান্ত পথৰে অসম ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
আদেশত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, যদি সংশ্লিষ্ট ব্যক্তিসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত এই নিৰ্দেশ পালন নকৰে তেন্তে চৰকাৰে আইন অনুসৰি তেওঁলোকক বলপূৰ্বক অসমৰ পৰা অপসাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷
লগতে পঢ়ক: নদীত গা ধুবলৈ গৈ দুই ছাত্ৰৰ সলিল সমাধি, এজনৰ প্ৰাণৰক্ষা; নলবাৰীত শোকাৱহ ঘটনা

