বিধানসভাত কি হ'ব সদস্যৰ ভূমিকা : নতুন বিধায়কৰ বাবে অভিমুখীকৰণ কাৰ্যসূচী
অসম বিধানসভাৰ নতুন বিধায়কসকলৰ বাবে অভিমুখীকৰণ কাৰ্যসূচী । শুভাৰম্ভ কৰে অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে ।

Published : July 5, 2026 at 7:32 PM IST
গুৱাহাটী : অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ৬ জুলাইৰ পৰা অনুষ্ঠিত হ'ব । ইয়াৰে পূৰ্বে বিধায়কসকলৰ বিশেষকৈ নতুনকৈ নিৰ্বাচিত হোৱা বিধায়কসকলৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । শনিবাৰে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে অসম বিধানসভাৰ সদস্য বিশেষকৈ নতুনকৈ নিৰ্বাচিত বিধায়কসকলৰ বাবে গ্ৰহণ কৰা অভিমুখীকৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।
অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা আৰু লোকসভাৰ সাংসদ তথা লোকসভাৰ পেনেল অব চেয়াৰপাৰচনছ দিলীপ শইকীয়া, মন্ত্ৰী নীলিমা দেৱীয়ে অংশ গ্ৰহণ কৰে । উদ্বোধনী অনুষ্ঠানত অধ্যক্ষগৰাকীয়ে বিধায়কসকলক আদৰণি জনাই অভিমুখীকৰণ কাৰ্যসূচীৰ জৰিয়তে নৱনিৰ্বাচিত বিধায়কসকলে বিধানসভাৰ বিভিন্ন কাৰ্যপ্ৰণালীৰ বিষয়ে সম্যক জ্ঞান লাভ কৰি একো একোগৰাকী পাৰদৰ্শী জনপ্ৰতিনিধি হিচাপে নিজৰ সমষ্টিৰ লগতে ৰাজ্যখনৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ।
২০১৬ চনত বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ লৈ তেখেতে এনেধৰণৰ অভিমুখীকৰণৰ কাৰ্যসূচী লৈছিল বুলি উল্লেখ কৰি এইবাৰো অধ্যক্ষৰ দায়িত্ব লৈয়ে এনেধৰণৰ প্ৰশিক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলিও তেওঁ ব্যক্ত কৰে । অধ্যক্ষগৰাকীয়ে এই অভিমুখীকৰণৰ দুদিনীয়া কাৰ্যসূচীত বিধায়কসকলক উপস্থিত থাকি ৯ গৰাকী আমন্ত্ৰিত সমল ব্যক্তিৰ দ্বাৰা প্ৰদান কৰা বিধানসভাৰ বিভিন্ন বিষয় সামৰি প্ৰদান কৰা প্ৰশিক্ষণৰ জৰিয়তে উপকৃত হ’বলৈ আহ্বান জনায় ।
বিধানসভাৰ সচিব ৰাজীৱ ভট্টাচাৰ্যই আদৰণী ভাষণ প্ৰদান কৰা অভিমুখীকৰণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ দিলীপ শইকীয়াই বিধনসভা তথা সংসদীয় ব্যৱস্থাৰ নীতি-নিয়ম, বিধায়ক সকলৰ দায়িত্ব আৰু কৰ্তব্য আদিৰ আলোকপাতেৰে বক্তব্য প্ৰদান কৰে ।
উল্লেখ্য যে, শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অভিমুখীকৰণৰ কাৰ্যসূচীত ষষ্ঠদশ অসম বিধানসভাৰ বিধায়ক বিশেষকৈ নতুন বিধায়কসকলক বিধানসভাৰ নিয়মাৱলী, কাৰ্যপ্ৰণালী আৰু প্ৰক্ৰিয়া, বিধানসভাৰ বিতৰ্কত ভাগ লোৱা প্ৰণালী, প্ৰশ্ন উত্থাপনৰ বিভিন্ন প্ৰক্ৰিয়া আদি সন্দৰ্ভত বিস্তৃত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ।
অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ ডাঃ নোমল মমিন, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা থানেস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অব ডেম'ক্ৰেটিক লিডাৰশ্বিপৰ প্ৰাক্তন একাডেমিক কাউন্সিল মেম্বাৰ ড৹ সমূদ্ৰ গুপ্ত কাশ্যপ, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড৹ জে বি এক্কা, কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গৌতম মজুমদাৰ, বিশিষ্ট পৰিৱেশবিদ ঋতুৰাজ ফুকন, ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ সচিব দিলীপ বৰা, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা স্কুল অব ছ'চিয়েল ছায়েন্সৰ সঞ্চালক ড৹ জয়দীপ বৰুৱা, প্ৰবীণ সাংবাদিক ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্যই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি বিধানসভাৰ সদস্য বিশেকৈ নতুনকৈ নিৰ্বাচিত হোৱা বিধায়কসকলক বিধানসভাৰ বিভিন্ন নিয়মাৱলী, বিধানসভাত বিধায়কসকলৰ ভূমিকা তথা দায়বদ্ধতা, ৰাজ্যখনৰ বিভিন্ন বিষয় তথা প্ৰত্যাহ্বান, নেতৃত্বৰ বিষয়, সামাজিক সুৰক্ষা আৰু কল্যাণকামী আঁচনি, পৰিৱেশ সম্পৰ্কীয় বিভিন্ন বিষয়, বাজেট সম্বন্ধীয় বিভিন্ন বিষয়, অৰ্থনীতি সম্বন্ধীয় বিষয়, সংবাদ মাধ্যমৰ বিষয় আদি সামৰি বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰিব ।
আনহাতে শনিবাৰে অসম বিধানসভাৰ আগন্তুক বাজেট অধিৱেশনৰ প্ৰাকক্ষণত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় । অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ৬ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰসংগত আলোচনা কৰা হয় ।
অধিৱেশন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সমূহীয়াভাৱে সহায়-সহযোগিতা আগবঢ়াবলৈ অধ্যক্ষই সকলো দলৰ নেতৃবৰ্গৰ প্ৰতি আহ্বান জনায় । তদুপৰি অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত অসম বিধানসভাৰ Generel Purpose Commiteeৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত বিধানসভাৰ চলিত কাম-কাজ তথা ভৱিষ্যতে ৰূপায়ণ কৰিবলগীয়া কাম-কাজসমূহৰ বুজ লয় অধ্যক্ষই ।
ইফালে শনিবাৰে অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে মনোনয়ন দাখিল কৰে আমৰি বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ হাব্বে টেৰণে । তেওঁক সংগ দিয়ে মন্ত্রী পীযুষ হাজৰীকাই ।

