ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত অসমৰ ২ জোৱান, হেৰুৱালে ভৰি
বিস্ফোৰণত ২০৯ কোব্ৰা বেটেলিয়নৰ দুই জোৱান ক্ৰমে হেড কনিষ্টবল অলক দাস আৰু নাৰায়ণ দাস গুৰুতৰভাৱে আহত ।

Published : December 18, 2025 at 2:43 PM IST
মিৰ্জা : ঝাৰখণ্ডত সংঘটিত মাওবাদীৰ আক্ৰমণৰ ঘটনাত অসমৰ দুজন সেনা জোৱান গুৰুতৰভাৱে আহত হৈছে । দুয়োজন এতিয়া চিকিৎসাধীন । দুয়োৰে ভৰি কাটিবলগীয়াও হৈছে । ইয়াৰে ভিতৰত এজন হৈছে পলাশবাৰীৰ আৰু আনজন বঙাইগাঁৱৰ ।
ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ সাৰন্দা বনাঞ্চলত যোৱা দেওবাৰে সন্ধিয়া নক্সালবিৰোধী অভিযানৰ সময়ত নক্সালবাদীয়ে সংস্থাপন কৰা ইম্প্ৰ'ভাইজড এক্সপ্ল'ছিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণত চি আৰ পি এফৰ কোব্ৰা বেটেলিয়নৰ জোৱান দুজন গুৰুতৰভাৱে আহত হয় ।
চি আৰ পি এফৰ তথ্য অনুসৰি, চোতানাগ্ৰা থানা এলেকাৰ অন্তৰ্গত বালিবা গাঁৱৰ সমীপত নিৰাপত্তাৰক্ষীয়ে নক্সালবিৰোধী অভিযান চলোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হয় । এই বিস্ফোৰণত ২০৯ কোব্ৰা বেটেলিয়নৰ দুই জোৱান ক্ৰমে হেড কনিষ্টবল অলক দাস আৰু নাৰায়ণ দাস গুৰুতৰভাৱে আহত হয় ।
ইফালে প্ৰাথমিক চিকিৎসাৰ অন্তত দুয়োজনকে আন জোৱানসকলে অতি কষ্টৰে জংঘলৰ পৰা উলিয়াই আনি তেওঁলোকৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ৰাঁচীলৈ বিমানেৰে লৈ যোৱা বুলি চি আৰ পি এফৰ এজন বিষয়াই জানিবলৈ দিয়ে ।
আনহাতে, পশ্চিম সিংভূমৰ আৰক্ষী অধীক্ষক অমিত ৰেণুৱে সংবাদ সংস্থাক জনোৱা মতে, আই ই ডি বিস্ফোৰণৰ সময়ত সাৰন্দা বনাঞ্চলত মাওবাদীৰ বিৰুদ্ধে অভিযানত নিয়োজিত এটা দলৰ সদস্য আছিল কোব্ৰা বেটেলিয়নৰ জোৱান দুজন । তেওঁ লগতে কয় যে দুয়োজন জোৱানক চি আৰ পি এফৰ বেৰেকত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে ৰাঁচীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ বিমানযোগে প্ৰেৰণ কৰা হয় ।
ইফালে পৰিয়ালৰ সূত্ৰই জনোৱা মতে, মাওবাদীৰ এটা দলে আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰি কোব্ৰা কমাণ্ডোৰ প্ৰায় ৩০ জনীয়া এটা দলে অভিযান আৰম্ভ কৰে ৷ কিন্তু এই অভিযানৰ আগতীয়া খবৰ লাভ কৰি মাওবাদীৰ দলটোৱে পলায়ন কৰে যদিও ঠায়ে ঠায়ে পুতি থৈ যোৱা আই ই ডি এই অভিযানৰ সময়ত বিস্ফোৰণ হোৱাত প্ৰথমে পলাশবাৰী সমষ্টিৰ বাটৰহাত গোঁসাই মেধিপাৰাৰ অলক দাস গুৰুতৰভাবে আহত হয় ৷ তাৰ পিছত পুনৰ আন এটা আই ইডি বিস্ফোৰণত বঙাইগাঁৱৰ নাৰায়ণ দাস গুৰুতৰভাৱে আহত হয় ৷
আনহাতে, দুয়োগৰাকীকে ৰাঁচী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে দুয়োগৰাকীকে দিল্লীৰ এইমছ হাস্পতাললৈ স্থানান্তৰ কৰা হয় । বৰ্তমানো তেওঁলোক তাতেই চিকিৎসাধীন হৈ আছে ৷
অলক দাসে দেহৰ বিভিন্ন অংগত আঘাত পোৱাৰ লগতে সোঁভৰিখন সম্পূৰ্ণৰূপে কাটি পেলাবলগীয়া হৈছে ৷ আনহাতে, নাৰায়ণ দাসৰো বাওঁভৰিখন কাটি পেলোৱাৰ লগতে দুচকুতো গুৰুতৰভাৱে আঘাত পোৱা বুলি জানিব পৰা গৈছে ।
ইফালে সকলো সময়তে সাহসৰ পৰিচয় দি অহা কোব্ৰা কমাণ্ডো অলক দাসৰ বাসগৃহত শোকৰ ছাঁ পৰিছে ৷ তেওঁৰ পত্নীয়ে জানিবলৈ দিয়া মতে, তেওঁ সুস্থ হৈ উঠালৈ প্ৰায় তিনিমাহ সময় লাগিব ৷ পত্নীয়ে কয়, "ঝাৰখণ্ডত বোমা বিস্ফোৰণ হৈ ভৰিখন কটা গৈছে । সোঁভৰিখন । ১৩ তাৰিখে ডিউটীত গৈছিল, মোক ৰাতি ফোন কৰিছিল । ফোন কৰি কৈছে মই ডিউটীত যাওঁ, মাইনাটোক ভালকৈ ৰাখিবা । তাৰ পিছত আৰু মানে... ফোনটো সিদিনা লগাই নাই । এনেই ডিউটীত গ'লে গমে পাওঁ ফোনটো নালাগে, মেছেজ দি থয় আমাক, মাইনাটোক ভালকৈ ৰাখিবা মই ডিউটীতে আছোঁ এতিয়া, ভালে আছোঁ খোৱা-লোৱা কৰি আছোঁ । "
তেওঁ লগতে কয়, "ইহঁতৰ আৰ্টৰ ক্লাছ থাকে, ডান্সৰ ক্লাছ থাকে লৈ গৈছোঁ । সাতটামানত আহিছোঁ... তাৰ পিছত তাৰ পৰা ফোন আহিছে এটা । লগৰে এজনে ফোন কৰিছে । কৈছে অলকদাৰ লগত মই একেলগে ডিউটীত গৈছিলোঁ, তেওঁ অলপ দুখ পাইছে । ভালদৰে কোৱা নাছিল, মোৰ ভয় লাগিল বেলেগ নম্বৰ । বাৰে বাৰে ফোন আহি আছে, সেইখিনি সময়ত এশটামান নম্বৰৰ পৰা ফোন আহিছে । অফিচৰ পৰাও কৰি আছে, লগৰবিলাকেও কৰি আছে । তেতিয়াই গম পাইছোঁ কিবা এটা হৈছে নিশ্চয় ।"
অলক দাসৰ পত্নীয়ে আৰু কয়, "... কালি যে চাওঁ গোটেই ভৰিখনে হেৰুৱাইছে । ১৩ তাৰিখে গৈ ১৪ তাৰিখে হৈছে । আমি ১৪ তাৰিখে মানে ৭.৩০ টামানত গম পাইছোঁ । তিনিমাহ থাকিব লাগিব বুলি কৈছে ।"

