মাজুলীৰ দুটি অনাথ শিশুৱে লাভ কৰিলে নতুন পিতৃ-মাতৃ: উৰা মাৰিলে আমেৰিকালৈ
মাজুলীৰ স্পেচিয়েলাইজ এড'পশ্য়ন এজেন্সিত আশ্ৰয় লৈ থকা দুটি শিশুক দত্তক সন্তান ৰূপে গ্ৰহণ কৰিলে আমেৰিকাৰ দম্পতীয়ে ।

Published : January 3, 2026 at 6:14 PM IST
মাজুলী: পিতৃ-মাতৃ নথকা দুটি শিশু কেনেবাকৈ আহিছিল মাজুলীলৈ । নাছিল কোনো ঠিকনা । পিচে এদিন মাজুলীৰ স্পেচিয়েলাইজ এড'পশ্য়ন এজেন্সিৰ বিষয়ববীয়াই শিশু দুটিক তেওঁলোকৰ কাৰ্যালয়লৈ আনিলে । তাতেই তেওঁলোকে লালন-পালন কৰিলে এই শিশু দুটিক । আৰু আজি শিশু দুটিয়ে লাভ কৰিলে নতুন ঠিকনা । লাভ কৰিলে 'পিতৃ-মাতৃ'ক ।
মাজুলীৰ পৱিত্ৰ ভূমিৰ পৰা দুটিকৈ শিশুৱে লাভ কৰিছে এক নতুন ঠিকনা । মাজুলীৰ স্পেচিয়েলাইজ এড'পশ্য়ন এজেন্সিৰ উদ্যোগত দুটিকৈ শিশুক আমেৰিকাৰ এটা পৰিয়ালে দত্তক সন্তান হিচাপে গ্ৰহণ কৰিলে ।
মাজুলীৰ ইতিহাসত এক আৱেগিক ক্ষণ । মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত যেন আজি কোনো ধৰ্মীয় উৎসৱ নহয়, বৰঞ্চ এক মানৱীয়তাৰ উৎসৱহে পালন কৰা হয় । মাজুলীৰ স্পেচিয়েলাইজ এড'পশ্য়ন এজেন্সি (Specialized Adoption Agency)ত আশ্ৰয় লৈ থকা দুটিকৈ শিশুক আজি আইনী প্ৰক্ৰিয়াৰে অৰ্পণ কৰা হ’ল আমেৰিকাৰ এক দম্পতীৰ হাতত । আমেৰিকাৰ পৰা অহা এই দম্পতীয়ে শনিবাৰে আনুষ্ঠানিকভাৱে শিশু দুটিক দত্তক হিচাপে গ্ৰহণ কৰে ।
জিলা প্ৰশাসন, জিলা শিশু সুৰক্ষা গোট (DCPU) আৰু সূৰ্যোদয় নামৰ এটা এন জি অ’ৰ যৌথ প্ৰচেষ্টাত এই সমগ্ৰ প্ৰক্ৰিয়াটো সফল হয় । আমেৰিকাৰ পৰা অহা এই দম্পতীয়ে মাজুলীৰ আতিথ্য আৰু প্ৰশাসনৰ তৎপৰতাক ধন্যবাদ জনাইছে । এই সন্দৰ্ভত জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে কয়, "আন্তঃৰাষ্ট্ৰীয় বিধি অনুসৰি সকলো নীতি-নিয়ম পালন কৰি শিশু দুটিক নতুন পিতৃ-মাতৃৰ হাতত অৰ্পণ কৰা হৈছে । মাজুলীৰ আকাশ-বতাহৰ সুবাস লৈ ডাঙৰ হোৱা এই শিশু দুটিয়ে এতিয়া আমেৰিকাৰ উন্নত পৰিৱেশত এক সুন্দৰ ভৱিষ্যৎ গঢ়িব বুলি সকলোৱে আশাবাদী । নিঃসন্দেহে এয়া মাজুলীৰ বাবে এক বিৰল আৰু গৌৰৱৰ বিষয় ।"
দেশৰ সীমা নেওচি শিশু দুটিয়ে লাভ কৰা এই নতুন জীৱনটো সুখৰ হওক, তাৰেই কামনা কৰিছে মাজুলীবাসীয়ে । ইফালে, মাজুলীৰ স্পেচিয়েলাইজ এড'পশ্য়ন এজেন্সিৰ এগৰাকী বিষয়ববীয়াই কয় যে এইটো মাজুলীবাসীৰ বাবে গৌৰৱৰ বিষয় ।

