দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ'ল এছিয়াটিক প্ৰজাতিৰ দুটা ভালুক
কাজিৰঙাস্থিত চেণ্টাৰ ফৰ ৱাইল্ডলাইফ ৰিহেবিলিটেশ্যন এণ্ড কনজাৰ্ভেচনত পুনৰ্বাসৰ পাছতে দুটাকৈ ভালুক মুকলি কৰি দিয়া হ'ল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত ৷

Published : June 5, 2026 at 7:00 PM IST
তেজপুৰ/কাজিৰঙা: বিশ্ব পৰিৱেশ দিৱসৰ দিনা অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসত এক নতুন অধ্যায় সংযোজিত হৈছে । ২০২৫ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটৰ দিচৈ সংৰক্ষিত বনাঞ্চলত স্থানীয় এজন যুৱকে প্ৰায় ৪৫-৫০ দিনীয়া দুটা ভালুক পোৱালি উদ্ধাৰ কৰিছিল । পৰৱৰ্তী সময়ত পোৱালিকেইটাক যোৰহাট বন সংমণ্ডলৰ ন-কছাৰী বিট কাৰ্যালয়ত জমা দিয়া হয় । তাৰ পিছতে বিশেষ যত্ন আৰু পুনৰ্বাসনৰ বাবে কাজিৰঙাস্থিত চেণ্টাৰ ফৰ ৱাইল্ডলাইফ ৰিহেবিলিটেশ্ব'ন এণ্ড কনজাৰ্ভেশ্ব'ন লৈ স্থানান্তৰ কৰা হৈছিল পোৱালিকেইটা ।
দীৰ্ঘদিন ধৰি কাজিৰঙাস্থিত চেণ্টাৰ ফৰ ৱাইল্ডলাইফ ৰিহেবিলিটেশ্ব'ন এণ্ড কনজাৰ্ভেশ্ব'নত এছিয়াটিক প্ৰজাতিৰ ক’লা ভালুক দুটাক চিকিৎসা আৰু বৈজ্ঞানিক পুনৰ্বাসনৰ পিছত শুকুৰবাৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হয় ৷ এই কথা জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালিকা সোণালী ঘোষে ।
On #WorldEnvironmentDay, we celebrate one of Assam’s inspiring conservation success stories under the leadership of HCM Dr. @himantabiswa.
— Chief Minister Assam (@CMOfficeAssam) June 5, 2026
After months of dedicated care and rehabilitation at CWRC, @kaziranga_, two orphaned Asiatic black bear cubs were successfully released into… pic.twitter.com/P0bqWh04BP
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সত কয়,"মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে । মাহ মাহ ধৰি চিডব্লিউআৰচিত চলা চিকিৎসা আৰু পুনৰ্বাসনৰ পিছত দুটা এছিয়াটিক ক’লা ভালুক পোৱালিক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি বন্যপ্ৰাণীক নতুন জীৱন আৰম্ভ কৰাৰ সুযোগ প্ৰদান কৰা হৈছে ।"
উল্লেখ্য যে, ২০০২ চনত স্থাপিত কাজিৰঙাৰ চেণ্টাৰ ফৰ ৱাইল্ডলাইফ ৰিহেবিলিটেশ্ব'ন এণ্ড কনজাৰ্ভেশ্ব'নত চমুকৈ চিডব্লিউআৰচি হৈছে অসম বন বিভাগ, আন্তঃৰাষ্ট্ৰীয় পশু কল্যাণ নিধি আৰু ভাৰতীয় বন্যপ্ৰাণী ন্যাসৰ যৌথ উদ্যোগত প্ৰতিষ্ঠা লাভ হোৱা কেন্দ্ৰ । চিডব্লিউআৰচিতে পশুচিকিৎসক ডাঃ ভাস্কৰ চৌধুৰী আৰু তেওঁৰ দলৰ তত্বাৱধানত ভালুক পোৱালিকেইটাক চিকিৎসা কৰা হৈছিল ৷

চিডব্লিউআৰচিত থকাৰ সময়ত বৈজ্ঞানিক সমীক্ষা আৰু মূল্যায়নৰ পিছত পোৱালিকেইটাৰ বাবে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক আটাইতকৈ উপযুক্ত মুক্তি স্থান হিচাপে নিৰ্বাচন কৰা হয় । বনাঞ্চলখনৰ ঘন অৰণ্য, প্ৰচুৰ খাদ্য সম্পদ, কম মানৱ হস্তক্ষেপ আৰু স্থানীয় সম্প্ৰদায়ৰ সহযোগিতাই ইয়াক পুনৰ সংস্থাপনৰ বাবে আদৰ্শ স্থান হিচাপে প্ৰতিষ্ঠা কৰে ।

মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনৰ কাৰ্যালয়ে আনুষ্ঠানিক অনুমোদন প্ৰদান কৰাৰ পিছত ডাঃ ভাস্কৰ চৌধুৰী, ডাঃ মেহেদী হাছান আৰু চিডব্লিউআৰচিৰ বিশেষজ্ঞ দলৰ নেতৃত্বত পোৱালি কেইটাক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চোৰাইপুং ৰেঞ্জত স্থানান্তৰ কৰি সফলতাৰে মুকলি কৰা হয় । এই সফলতাক অসমৰ বন্যপ্ৰাণী সংৰক্ষণ ইতিহাসৰ এক মাইলৰ খুঁটি হিচাপে বিবেচনা কৰা হৈছে ।
লগতে পঢ়ক:তপন বেজৰ বাঁহ-বেতৰ শিল্পৰ বিশ্বমুখী যাত্ৰা; একাংশ নৱপ্ৰজন্মই আনিছে আশাৰ বতৰা

