অসমীয়া বিদ্বেষী মন্তব্য কৰি ৰঙাঘৰৰ আলহী দুজন, কেইবাজনকো জেৰা ধিং আৰক্ষীৰ
ভূমিকেন্দ্ৰিক সংঘাতৰ পৰিণতি । অসমীয়া জাতিক উদ্দেশ্যি ভাবুকি প্ৰদান কৰি আৰক্ষীৰ জালত পৰিল দুই মাতব্বৰ । ঘটনা সন্দৰ্ভত ৰুজু দুটাকৈ গোচৰ ।

Published : November 15, 2025 at 4:41 PM IST
নগাঁও : ভূমিকেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি নগাঁৱত তীব্ৰ উত্তেজনা । ঘটনাটোত এক বিশেষ সম্প্ৰদায়ৰ লোকে সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিব পৰা মন্তব্য কৰাৰ অভিযোগ উঠিছে । নগাঁও জিলাৰ ধিঙৰ বৰবিল কছাৰীবড়ীত সংঘটিত হৈছে এই ঘটনাটো । এই ঘটনাৰ পাছতেই কঠোৰ হৈ পৰিছে নগাঁও আৰক্ষী । বিগত ১১ নৱেম্বৰত সংঘটিত ঘটনাত জড়িত ২ অভিযুক্তক শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ হাতত পৰিছে এটা ভিডিঅ' । ভিডিঅ'টোত কেইবাজনো লোকক দেখা গৈছে । য'ত লোকসকলে অসমীয়া জাতিক উদ্দেশ্যি মুকলিকৈ ভাবুকি দিছে আৰু আপত্তিজনক মন্তব্য কৰিছে ।
নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰাই জনোৱা মতে ধিঙৰ আঠগাঁৱৰ ফুলেন কলিতা নামৰ এজন লোকৰ ভূমিত একাংশ লোকে প্ৰৱেশ কৰি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ উপৰিও বিভিন্ন ভয় ভাবুকি প্ৰদান কৰিছিল । কেৱল ভয় ভাবুকি প্ৰদান কৰাতে ক্ষান্ত নাথাকি লোকসকলে অসমীয়া জাতিক উদ্দেশ্যি অতি আপত্তিজনক আৰু হিংসাত্মক মন্তব্য কৰিছিল । এই সন্দৰ্ভত ফুলেন কলিতাই ধিং আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত ২৭৬/২৫ নম্বৰত এক গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰে ধিং আৰক্ষীয়ে ।
একেদৰে অসমীয়া জাতিক উদ্দেশ্যি ভিন্ন ভাবুকি দিয়া মন্তব্যৰ বাবে ধিং আৰক্ষী থানাতে ২৭৭/২৫ নম্বৰত আন এটা গোচৰ ৰুজু কৰি অভিযুক্তক চিনাক্ত কৰা হয় । এই সন্দৰ্ভত ধিং আৰক্ষীয়ে ২৭৭/২০২৫ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ১৯৬/১৮, ১৯৭/১(D)/ ২৯৯/ ৩০২ বি এন এছ ধাৰাত ৰুজু হোৱা গোচৰৰ ভিত্তিত অনুসন্ধান চলাই শুকুৰবাৰে নিশা দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধিঙৰ তাঁতীকটাৰ জাকিৰ হুছেইন আৰু ইউচুফ আলীক নিশা আটক কৰি জেৰা চলোৱাৰ অন্তত পুৱা গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জনাইছে ।
এই সন্দৰ্ভত নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰাই কয়, "ঘটনা সন্দৰ্ভত আন ৬ জনকৈ অভিযুক্তক আটক কৰি তদন্ত অব্যাহত ৰখা হৈছে ।"
লগতে পঢ়ক :৪০ হাজাৰ টকাত নৱজাতকক বিক্ৰী কৰিলে পিতৃয়ে

