ETV Bharat / state

পুৰী খাই জুবিন গাৰ্গে মৰমত দিয়া ধনো কেনেকৈ ওভতাই লৈছিল সিদ্ধাৰ্থ-শেখৰে ? তুলতুলক সুধিলে এছ আই টিয়ে

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি আছে ৷ চি আই ডিৰ কাৰ্যালয়ত পদপথৰ ব্যৱসায়ী তুলতুল কছাৰী ।

Tultul Kachari a street vendor at the CID office regarding investigation of Zubeen Garg death case
চি আই ডিৰ কাৰ্যালয়ত পদপথৰ ব্যৱসায়ী তুলতুল কছাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 30, 2025 at 4:17 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে এছ আই টিৰ তদন্ত প্ৰক্ৰিয়া । ইতিমধ্যে এছ আই টিয়ে ৯০ জনৰো অধিক লোকৰ ভাষ্য গ্ৰহণ কৰিছে । চি আই ডিৰ কাৰ্যালয়ত দৈনিক অব্যাহত আছে ভাষ্য গ্ৰহণৰ প্ৰক্ৰিয়া । এই প্ৰক্ৰিয়াৰ মাজতে বৃহস্পতিবাৰে চি আই ডিৰ কাৰ্যালয়ত ভাষ্য দিবলৈ আহে এজন বিশেষ ব্যক্তি । যিজন ব্যক্তিৰ পদপথৰ দোকানত পুৰী খাইছিল জনতাৰ শিল্পী জুবিন গাৰ্গে ।

তেওঁৰ নাম তুলতুল কছাৰী আৰু তেওঁৰ দোকানখন আছে ভঙাগড়ৰ মেডিকেল কলেজৰ সন্মুখত । য'ত প্ৰায়ে পুৰী খাইছিল জুবিন গাৰ্গে । পুৰী খোৱাৰ পিছত জুবিন গাৰ্গে তুলতুল কছাৰীক দি গৈছিল অতিৰিক্ত ধন । কিন্তু জুবিন গাৰ্গৰ সংগী সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামীয়ে জুবিন গাৰ্গৰ অজ্ঞাতে সেই অতিৰিক্ত ধন তুলতুল কছাৰীৰ পৰা ওভতাই লৈছিল । সেই কথা ইতিমধ্যে সংবাদ মাধ্যমযোগে ৰাজহুৱা হোৱাৰ পিছত এছ আই টিয়ে ভাষ্যগ্ৰহণৰ বাবে মাতি পঠিয়াই তুলতুল কছাৰীক ।

চি আই ডিৰ কাৰ্যালয়ত পদপথৰ ব্যৱসায়ী তুলতুল কছাৰী (ETV Bharat Assam)

সেই মৰ্মে বৃহস্পতিবাৰে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হয় তুলতুল কছাৰী । সংবাদ মাধ্যমৰ আগত তুলতুল কছাৰীয়ে কয়,"টিভিত বাইট দিয়া বাবে কালি ফোন কৰি মোক চি আই ডিৰ কাৰ্যালয়লৈ ১১ বজাত আহিব দিয়ে । জুবিন দাই পুৰী খাই মৰমতে অতিৰিক্তভাৱে দি যোৱা টকাখিনি সিদ্ধাৰ্থ আৰু শেখৰে ওভতাই লৈ যোৱা বিষয়টো সন্দৰ্ভত মোক ইয়ালৈ মতা হৈছে । জুবিন দাই যি সময়তে মোৰ তাত পুৰী খাবলৈ আহিছিল তেতিয়া সদায়ে দাদাই মৰমতে টকা এহাজাৰ, পোন্ধৰশ নাইবা দুই হাজাৰ বেছিকৈ দি গৈছিল ।"

সিদ্ধাৰ্থ আৰু শেখৰৰ ওপৰত অভিযোগ উত্থাপন কৰি তেওঁ কয়,"দাদা ব্যস্ত হৈ থকাৰ সময়তে বেছিকৈ দি যোৱা টকাখিনিৰ বিষয়ে সিদ্ধাৰ্থ আৰু শেখৰে মোক মনে মনে সোধে যে বিল কিমান হৈছিল । মই পকেটৰ পৰা পইচা উলিয়াই ৫ হাজাৰ টকা দিয়া বুলি ক'লে দুহাজাৰ বিলৰ বুলি কৈ এহাজাৰ বেছিকৈ দি বাকী দুই হাজাৰ টকা তেওঁলোকে লৈ যায় । সেই বিষয়ে টিভিত দিয়া বাইটৰ বাবে মোৰ ভাষ্য ল'বলৈ আজি মোক মাতিছে আৰু যাৰ বাবে মই আহিছোঁ ।"

উল্লেখ্য যে চি আই ডিৰ কাৰ্যালয়ত প্ৰতিদিনে নতুন নতুন সাক্ষীৰ ভাষ্য সংগ্ৰহ কৰিছে এছ আই টিয়ে । এতিয়ালৈ ৯০ৰো অধিক লোকৰ ভাষ্য সংগ্ৰহ কৰিছে এছ আই টিয়ে । এই কথা জানিবলৈ দিয়ে এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই । এছ আই টিয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰতে তদন্ত প্ৰক্ৰিয়া শেষ কৰি আদালতত অভিযোগনামা দাখিলৰ বাবে দ্ৰুতগতিত তদন্ত প্ৰক্ৰিয়া আগুৱাই নিছে । লক্ষণীয় বিষয় যে এছ আই টিয়ে বুধবাৰে মঙলদৈ কেন্দ্ৰীয় ৰঙালী বিহু কমিটী, লখিমপুৰ ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীকে ধৰি ৪ খন বিহু কমিটীৰ প্ৰতিনিধিৰ ভাষ্য গ্ৰহণ কৰে ।

লগতে পঢ়ক: ১৫ ফুট দীঘল পেঁপা, দীঘল বাঁহী, ডাঙৰ দবা, কি নাই লোকশিল্পী পাৰ্থপ্ৰতীমৰ

‘এয়া আকাশবাণী ডিব্ৰুগড়’ বুলি কোৱা সেই চিনাকি কণ্ঠ চিৰদিনৰ বাবে হেৰাই গ'ল