জানুৱাৰীত অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত ত্ৰিপাক্ষিক আলোচনাৰ প্ৰবল সম্ভাৱনা
মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত আগভাগ লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে । সেই অনুসৰি জানুৱাৰী মাহৰ ভিতৰত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

By PTI
Published : November 27, 2025 at 11:11 AM IST
গুৱাহাটী: অসম চুক্তি ৰূপায়ণৰ সন্দৰ্ভত কেন্দ্ৰ, অসম চৰকাৰ আৰু আছুৰ মাজত ত্ৰিপাক্ষিক আলোচনা অহা বছৰৰ জানুৱাৰী মাহৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি বুধবাৰে বিধানসভাত অৱগত কৰা হয় ।
অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই কয় যে সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত ন্যায়াধীশ(অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বাবে ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছে ।
মন্ত্ৰী বৰাই কয়, ‘‘মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত আগভাগ লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে । সেই অনুসৰি জানুৱাৰী মাহৰ ভিতৰত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।’’
অসম চুক্তি সন্দৰ্ভত ন্যায়াধীশ শৰ্মা সমিতিৰ প্ৰতিবেদনত ৬৭ টা পৰামৰ্শ দিয়া হৈছে ৷ ইয়াৰে ৪০ টা পৰামৰ্শ ৰাজ্য চৰকাৰৰ অধীনস্থ বুলিও মন্ত্ৰীগৰাকীয়ে কয় ।
২০২০ চনৰ ২৫ ফেব্ৰুৱাৰীত কমিটীয়ে অসম চুক্তি ৰূপায়ণৰ প্ৰতিবেদন তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৰ্পণ কৰিছিল, যাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত শীঘ্ৰে এই প্ৰতিবেদন দাখিল কৰিব পৰা যায় ৷ কিয়নো কেন্দ্ৰই এখন উচ্চ পৰ্যায়ৰ সমিতি(এইচ এল চি) গঠন কৰিছিল ।
২০২১ চনৰ অক্টোবৰ মাহত অসম চৰকাৰে ৪০ বছৰীয়া অসম চুক্তিৰ সকলো দফা বিশেষকৈ ৬ নং দফা ৰূপায়ণৰ বাবে তিনি মাহৰ ভিতৰত ৰোডমেপ প্ৰস্তুত কৰিবলৈ আঠজনীয়া এখন সমিতি গঠন কৰিছিল ।
অসম চুক্তিৰ ৬ নং দফা অনুসৰি, অসমীয়া মানুহৰ সংস্কৃতি, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্যক সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে উপযুক্ত হ’ব পৰা সাংবিধানিক বিধান আৰু প্ৰশাসনিক সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত অসম চৰকাৰ আৰু আছুৱে প্ৰথমবাৰৰ বাবে অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত ন্যায়াধীশ শৰ্মা সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰি স্থানীয় জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আলোচনা কৰিছিল ।
ইয়াত অন্যান্য নীতিৰ লগতে ১৯৭১ চনৰ ২৫ মাৰ্চত বা তাৰ পিছত অসমলৈ অহা সকলো বিদেশীৰ নাম চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা আঁতৰোৱা হ’ব ৷ লগতে তেওঁলোকক বিতাড়নৰ পদক্ষেপ লোৱা হ’ব বুলিও উল্লেখ কৰা হৈছে ।
মন্ত্ৰী অতুল বৰাই পুনৰ কয়, ‘‘১৯৭১ চনৰ পৰা ৰাজ্যখনত মুঠ ১,৩৫,৯০১ জন লোকক অবৈধ বিদেশী বুলি চিনাক্ত কৰা হৈছে যদিও ইয়াৰে মাত্ৰ ৩০,১৩০ জন লোককহে এতিয়ালৈকে বিতাড়ন কৰা হৈছে ।’’

