ETV Bharat / state

মায়া মাথো মায়া... জুবিন গাৰ্গৰ মায়াত মায়াময় নলবাৰী

নলবাৰী ৰাস মহোৎসৱস্থলীত প্ৰতিদিনেই দেখা গৈছে ব্যাপক ভিৰ । ৰাস মহোৎসৱস্থলীৰ প্ৰজ্ঞাৰ দ্বাৰা নিবেদিত প্ৰদৰ্শনীস্থলীতো জুবিন গাৰ্গৰ মায়া ।

Tribute to Zubeen Garg in the Bharat Mata Pujan on the Nalbari Raas
জুবিন গাৰ্গৰ গীতৰ কলিৰে ষ্টলৰ নাম নলবাৰী ৰাসত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 12, 2025 at 5:54 PM IST

3 Min Read
Choose ETV Bharat

নলবাৰী: জুবিনময় নলবাৰীৰ ৰাসোৎসৱস্থলী । উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ ধৰ্মীয় অনুষ্ঠানৰূপে খ্যাত নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱত চৌদিশে প্ৰাণৰ শিল্পী জুবিনময় পৰিৱেশ । কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাথাকিলেও শিল্পীগৰাকীৰ কালজয়ী সৃষ্টিক জীয়াই ৰখাৰ প্ৰয়াস সকলোৰে ।

তাৰ মাজতে নলবাৰী ৰাসৰ এখন ষ্টলত দেখা গৈছে অজস্ৰ ৰাস যাত্ৰীৰ ভিৰ । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এসময়ৰ চুপাৰ হিট এলবামবোৰ প্ৰতিকীৰূপে নলবাৰী ৰাসত জীপাল হৈ উঠিছে । জুবিন গাৰ্গৰ গীতৰ কলিৰে ষ্টলৰ নাম নলবাৰী ৰাসত । প্ৰজ্ঞা নলবাৰীৰ উদ্যোগত ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱত ভাৰত মাতা পূজনস্থলীত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নিৰ্মাণ কৰা হৈছে এসময়ত ৰেডিঅ', ভিচিডি, ডেক আদিত বাজি থকা এলবামসমূহৰ প্ৰতিচ্ছবিৰে 'মায়া মাথো মায়া' নামেৰে এখন ষ্টল । য'ত অখণ্ড ভাৰতৰ ইতিহাস জনাৰ সমান্তৰালভাৱে প্ৰাণৰ শিল্পীগৰাকীৰ সৃষ্টিৰাজিও উপভোগ কৰিবলৈ সক্ষম হৈছে সকলো ৰাস দৰ্শনাৰ্থীয়ে ।

জুবিন গাৰ্গৰ গীতৰ কলিৰে ষ্টলৰ নাম নলবাৰী ৰাসত (ETV Bharat Assam)

জুবিন গাৰ্গৰ গীতৰ কলি যেনে এন্ধাৰ হব নোৱাৰোঁ, মায়াবিনী ৰাতিৰ বুকু, মনে যদি টুকে চকুলো, অমানিশা সাৰে আছে, মই নথকাৰ অনুভৱ ইত্যাদিৰ লগতে জুবিন গাৰ্গৰ সংলাপ 'কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে' আদি নামেৰেও ষ্টল বিৰাজমান নলবাৰী ৰাসৰ ভাৰত মাতা পূজনথলীত ।

Tribute to Zubeen Garg in the Bharat Mata Pujan on the Nalbari Raas
অখণ্ড ভাৰতৰ মানচিত্ৰ (ETV Bharat Assam)

তাৰ মাজতে এই 'মায়া মাথো মায়া' নামৰ ষ্টলখনে দৃষ্টি আকৰ্ষণ কৰিছে ৰাস দৰ্শনাৰ্থীসকলৰ । প্ৰাণৰ শিল্পী গৰাকীৰ কেছেটৰ যুগৰ চুপাৰ হিট এলবামবোৰৰ নাম ছবিৰ লগতে প্ৰাণৰ শিল্পীগৰাকীক লৈ লিখা অসংখ্য লেখকৰ পুথিও উপলব্ধ । যিবোৰ ৰাস দৰ্শনাৰ্থীয়ে এবাৰ পঢ়ি চাই প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই আহিব পাৰে । আনহাতে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনাই তৈয়াৰ কৰিছে এটি ষ্টল । উল্লেখযোগ্য য়ে প্ৰজ্ঞাৰ দ্বাৰা নিবেদিত উক্ত স্থানত অখণ্ড ভাৰত পৰিক্ৰমাত ভাৰতৰ ঐতিহ্যৰ ছবি দাঙি ধৰিবলৈ চেষ্টা চলোৱা হৈছে ।

Tribute to Zubeen Garg in the Bharat Mata Pujan on the Nalbari Raas
জুবিন গাৰ্গৰ মায়াত মায়াময় নলবাৰী (ETV Bharat Assam)

এই সন্দৰ্ভত এগৰাকী আয়োজকে কয়, "নলবাৰী ৰাস মহোৎসৱত প্ৰজ্ঞাৰ দ্বাৰা নিবেদিত অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতবৰ্ষৰ গৌৰৱ তথা প্ৰদৰ্শনী যোৱা ৬ তাৰিখৰ পৰা আৰম্ভ হৈছে । ৬ তাৰিখৰ পৰা এই প্ৰজ্ঞাৰ প্ৰদৰ্শনীস্থলীত অভাৱনীয় ভিৰ দেখা পাইছোঁ । আমি এইবাৰ অখণ্ড ভাৰতৰ মানচিত্ৰ আৰু ভাৰত মাতাৰ প্ৰতিমূৰ্তি থকাৰ উপৰিও আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ এখন ষ্টল ৰাখিছোঁ । তাত আমি অভাৱনীয় ভিৰ দেখা পাইছোঁ ।"

লগতে পঢ়ক: মিচিং ডেকাটিয়ে মিচিং ভাষাতেই গাই গৈছে ভূপেন হাজৰিকাৰ গীত

জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য: এটা ব্য়তিক্ৰমী অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণগতিত