শতবৰ্ষ গৰকা গীৰ্জাত এইবাৰ উলহ-মালহেৰে পালন নহ'ব বৰদিন
সেমেকা হ'ব খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীসকলৰ মূল উৎসৱ ।

Published : November 4, 2025 at 3:01 PM IST
শিৱসাগৰ: জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰভাৱ এতিয়াও সকলোতে বিৰাজমান । সংগীতৰ মহানায়কৰ উপস্থিতি অবিহনে যেন স্তব্ধ হৈ পৰিছে সকলো । সকলোতে যেন এক বিশাল শূন্যতাই বিৰাজ কৰিছে । জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে জুবিন গাৰ্গৰ মৃত্যুত মিম্ৰয়মান হৈ পৰিছে । আপোন শিল্পীগৰাকীৰ আকস্মিক মৃত্যুত উৎসৱৰ আনন্দও যেন নোহোৱা হৈছে !
সকলোতে যেন এক বিৰাগ ভাব । দুৰ্গা পূজা, কালী পূজা, আনকি পোহৰ আৰু আনন্দৰ উৎসৱ দীপাৱলী জুবিন অবিহনে সেমেকা হৈ গ'ল । ২৫ ডিচেম্বৰত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীসকলৰ মূল উৎসৱ বৰদিন অথবা খ্ৰীষ্টমাছ; কিন্তু এই খ্ৰীষ্টমাছো জুবিন অবিহনে চেঁচা পৰিব । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গীৰ্জা কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীয়ে এইবাৰ বৰদিন উলহ-মালহেৰে উদযাপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
শিৱসাগৰত এইবাৰ বৰদিন হ'ব সেমেকা । বৰদিনৰ আলোকসজ্জা আগৰ দৰে নহয় । বাতিল কৰিছে বৰদিনৰ প্ৰীতিভোজ । আগতে বৰদিনৰ সন্ধিয়া কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীয়ে ব্যাপক উৎসাহেৰে আয়োজন কৰে । হাজাৰ হাজাৰ লোক গীৰ্জাত উপস্থিত হয় মম জ্বলাই সেৱা আগবঢ়াবলৈ, ছাণ্টাক্লজৰ লগত ফটো উঠিবলৈ ৷ কিন্তু এইবাৰ এই অনুষ্ঠানো বাতিল কৰিছে কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীয়ে ।
এই সন্দৰ্ভত মণ্ডলীৰ সম্পাদক অজয় কুমাৰ বেথেলে ই টিভি ভাৰতক কয়, "জুবিনৰ মৃত্যু আমাৰ সকলোৰে বাবে এক অপূৰণীয় ক্ষতি । জুবিনৰ অকাল মৃত্যুৰ প্ৰভাৱ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ ওপৰত পৰিছে । অসম-অসমীয়া আজি উকা হৈ পৰিছে । উত্তৰ-পূবৰ প্ৰথমটো গীৰ্জা কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীও জুবিনক হেৰুৱাই ক্ৰন্দনৰত । যাৰ বাবে আমি এইবাৰ বৰদিন অনুষ্টুপীয়াকৈ উদযাপন কৰিম ।"

মণ্ডলীৰ সম্পাদকগৰাকীয়ে আৰু কয়, "বৰদিনৰ উলাহ জুবিন অবিহনে ম্লান পৰিছে । এইবাৰ বৰদিনত আগৰ দৰে আলোকসজ্জা নাথাকে । মণ্ডলীয়ে বাতিল কৰিছো বৰদিনৰ প্ৰীতিভোজ । আমি বাতিল কৰিছো হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা বৰদিন সন্ধিয়াৰ কাৰ্যসূচী । বৰদিন অনুষ্টুপীয়া কৰি আমি খ্ৰীষ্টত বিশ্বাসী লোকসকলে জুবিনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছো । লগতে আমাৰ দাবী এতিয়াও অটুট আছে- জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু বিচাৰ লাগে । জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত সকলোৱে কঠোৰ শাস্তি পাওক ।"

