ETV Bharat / state

অভি-নীল হত্যাৰ অভিযুক্তৰ হৈ কিয় ওকালতি কৰিছে ? ক'লে অধিবক্তা মানস শৰণীয়াই

অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানিৰ পুনৰ অন্য় এক তাৰিখ। অভি-নীলৰ হত্যাত দুখ প্ৰকাশ অভিযুক্ত পক্ষৰ অধিবক্তাৰ । অভি-নীলৰ হত্যাকাণ্ডৰ সময়ত ১৫০-২০০ লোক থকাৰ যুক্তি অধিবক্তাৰ ।

Abhi Neel murder case trial
অভি-নীল হত্যাৰ অভিযুক্তৰ হৈ কিয় ওকালতি কৰিছে ? ক'লে অধিবক্তা মানস শৰণীয়াই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 28, 2026 at 9:23 AM IST

|

Updated : February 28, 2026 at 11:22 AM IST

4 Min Read
Choose ETV Bharat

নগাঁও : ২০১৮ চনৰ ৮ জুনত সংঘটিত অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ গণহত্যাৰ গোচৰ সম্পৰ্কত অভিযুক্তৰ হৈ ওকালতি কৰা অধিবক্তা মানস শৰণীয়াইও শুক্ৰবাৰে য়ুক্তি দিলে যে তেওঁ এই ঘটনাটোৰ সৈতে কিয় জড়িত হৈ পৰিছে ৷

"মোৰ কথাটো হৈছে কি দোষীয়ে শাস্তি পাব লাগে, নিৰ্দোষীয়ে শাস্তি পাব নালাগে । এতিয়া মোৰ যিখিনি আচামী আছে, মই দেখিছোঁ যে তেওঁলোকৰ ইনভল্ভমেণ্ট তেনেদৰে নাই । গতিকে মই নিৰ্দোষীক বচোৱাৰ বাবেহে ওকালতি কৰিছোঁ । অভিজিৎ-নীলৰ হত্যাকাণ্ডটোত ব্যক্তিগতভাৱে ময়ো দুখ পাইছোঁ । দুজন নিৰীহ যুৱক, খুব ভৱিষ্যৎ থকা যুৱক হেৰুৱালগা হৈছে । কিন্তু যিসকলে আজি ৪৮ৰ পৰা ৪৫ জন মানুহে ট্ৰায়েলত আহি আছে, তেওঁলোক সঁচাকৈয়ে এই ঘটনাৰ লগত জড়িত নেকি, সেইটো চোৱাটো প্ৰয়োজনীয় ।" এই বক্তব্য অভি-নীল হত্যাকাণ্ডত অভিযুক্তৰ হৈ ওকালতি কৰা অধিবক্তা মানস শৰণীয়াৰ ।

অভি-নীল হত্যাৰ অভিযুক্তৰ হৈ কিয় ওকালতি কৰিছে ? ক'লে অধিবক্তা মানস শৰণীয়াই (ETV Bharat Assam)

শুকুৰবাৰে অভি-নীল হত্যাকাণ্ডৰ অভিযুক্তৰ হৈ শুনানিত অংশগ্ৰহণ কৰি তেওঁ কিয় এই গোচৰত ওকালতি কৰিছে তাৰ ব্যাখ্যা আগবঢ়াই কয়, "যিসকল নিৰ্দোষী মানুহ তেওঁলোক যাতে আইনৰ চকুত দোষী সাব্যস্ত নহয় সেইটো মোৰ প্ৰচেষ্টা আছে আৰু সেইটো মই কৰিছোঁ । তেওঁলোক নহয়, যিকোনো মানুহৰ ক্ষেত্ৰত এগৰাকী অধিবক্তা হিচাপে মই সেইটোৱে কৰিম । মোৰ যিটো ধৰ্ম অধিবক্তাৰ, সেইটো মই পালন কৰিছোঁ । গতিকে মই এই কেছটোত বিশেষ টিপ্পনি দিব নোৱাৰিম ।"

উল্লেখ্য যে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতত চলি থকা ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত শুকুৰবাৰে অভিযুক্ত পক্ষৰ অধিবক্তাৰ যুক্তি দৰ্শোৱাৰ অন্তিম তাৰিখ আছিল । শুকুৰবাৰে যুক্তি দৰ্শোৱাৰ পিছত অভিযুক্তৰ অধিবক্তাই পুনৰ আৰু এটা দিন বিচাৰে । বৃহস্পতিবাৰ আৰু শুকুৰবাৰে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াত অভিযুক্ত পক্ষৰ হৈ যুক্তি দৰ্শায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়াই ।

শুকুৰবাৰেও আদালতত অভিযুক্তৰ পক্ষত যুক্তি দৰ্শোৱাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত অভিজিৎ, নীলোৎপলৰ হত্যাকাণ্ডক লৈ দুখ প্ৰকাশ কৰে অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াই ।

জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়াৰ মতে, অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ হত্যাকাণ্ডৰ সময়ত কেৱল ৪৮ জন লোকেই নাছিল, সেই সময়ত ঘটনাস্থলীত ১৫০-২০০ লোক উপস্থিত আছিল । এনে ক্ষেত্ৰত নিৰ্দোষী লোকে যাতে শাস্তি নাপায় তাৰবাবে যুক্তি দৰ্শোৱা বুলি উল্লেখ কৰে অধিবক্তা মানস শৰণীয়াই ।

ইয়াৰ বিপৰীতে নীল-অভিৰ হত্যাকাণ্ডত জড়িত আটাইকেইজন অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত অটল অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ দুই দুৰ্ভগীয়া পিতৃ । অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ দুই পিতৃয়ে উল্লেখ কৰা মতে, নগাঁও আদালতত শুকুৰৰবাৰে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াত অভিযুক্ত পক্ষৰ অধিবক্তাৰ যুক্তি দৰ্শোৱা সামৰণি পৰিব লাগিছিল যদিও অতিৰিক্ত এটা দিন পুনৰ সময় বিচৰাত আদালতে অহা ৬ মাৰ্চত পুনৰ শুনানিৰ দিন ধার্য কৰিছে । ৬ মাৰ্চত অভিযুক্ত পক্ষৰ অধিবক্তাই অন্তিম যুক্তি দৰ্শোৱাৰ পাছত ১৩ মাৰ্চত ভুক্তভোগী পক্ষৰ অধিবক্তাই বিপক্ষৰ অধিবক্তাৰ যুক্তিৰ ওপৰত অন্তিম যুক্তি দৰ্শাব ।

আনহাতে, ১৩ মাৰ্চতে বিচাৰ প্ৰক্ৰিয়া চূড়ান্ত হোৱাৰ আশা প্ৰকাশ কৰিছে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ দুই পিতৃয়ে । অৱশ্যে ৰায়দানৰ বাবে দণ্ডাধীশে পৰৱৰ্তী সময়ত কিছু সময় লৈ ৰায়দান কৰাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ দুই পিতৃয়ে ।

উল্লেখ্য যে ২০১৮ চনৰ ৮ জুনত সংঘটিত অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ হত্যাৰ ন্যায়ৰ দাবীত সমগ্ৰ ৰাজ্য, নতুন দিল্লীৰ লগতে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ৰাছিয়াতো প্ৰতিবাদ সাব্যস্ত হৈছিল।

লগতে পঢ়ক :অভিযুক্তৰ মৃত্যুদণ্ডৰ দাবীত অটল অভি-নীলৰ পিতৃ
লগতে পঢ়ক :এপ্ৰিল মাহৰ ভিতৰত হ’ব পাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান
Last Updated : February 28, 2026 at 11:22 AM IST