অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ, শীঘ্ৰে ৰায়দানৰ সম্ভাৱনা
সামৰণিৰ দিশে আগবাঢ়িছে অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া । আৰম্ভ হৈছে অধিবক্তাৰ যুক্তি দৰ্শোৱা প্ৰক্ৰিয়া ।

Published : February 5, 2026 at 8:30 PM IST
নগাঁও: সমগ্ৰ ৰাজ্য জোকাৰি যোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া প্ৰায় সামৰণিৰ দিশে আগবাঢ়িছে । কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হোৱা অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ভুক্তভোগী পৰিয়ালৰ দাবীত চলি আছে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত । ২০১৮ চনৰ পৰাই নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত চলি থকা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ বৃহস্পতিবাৰেও আদালতে গ্ৰহণ কৰে শুনানি ।
নৃশংস হত্যাকাণ্ডটোৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি থকা নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতে ইতিমধ্যেই গোচৰটোৰ তদন্তকাৰী আৰক্ষী বিষয়াসহ ৭১ গৰাকীকৈ সাক্ষীৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ কৰাৰ পাছত অভিযুক্তৰ ভাষ্য গ্ৰহণ প্ৰক্রিয়াও সম্পূৰ্ণ কৰিছে । গোচৰটোৰ চূড়ান্ত ৰায়দানৰ বাবে আজিৰ পৰা একেলগে তিনিদিন পৰ্যন্ত আদালতে গ্ৰহণ কৰিব অধিবক্তাৰ যুক্তি । বৃহস্পতিবাৰৰ পৰা প্ৰথম তিনিদিন ভুক্তভোগী পক্ষৰ তথা চৰকাৰী পক্ষৰ অধিবক্তাই যুক্তি দৰ্শাব নগাঁও আদালতত ।
প্ৰথমদিনা যুক্তি দৰ্শোৱা আৰু বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত ভুক্তভোগী পক্ষৰ অধিবক্তা জিয়াউল কামাৰে সংবাদ মাধ্যমৰ আগত কয়, "আজিৰ পৰা আদালতত যুক্তি দৰ্শোৱা প্ৰক্ৰিয়া আৰম্ভ হৈছে । আমি আজি প্ৰথমদিনা অভিযুক্তই কিদৰে হত্যাকাণ্ড সংঘটিত কৰিছিল, হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰসমূহৰ বিষয়ে আদালতত প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা হৈছে ।"
তেওঁ কয়, "লগতে সাক্ষীসকল দেখুৱাই দিয়া হৈছে । কাৰ পৰিকল্পনাত এই ঘটনাটো কেনেকৈ ঘটিল এই বিষয়সমূহো আদালতত উপস্থাপন কৰা হৈছে । গোচৰটোত মৃত্যুদণ্ডৰ লগতে যাবজ্জীৱন কাৰাদণ্ডৰ সম্ভাৱনা আছে । সাত তাৰিখে আমাৰ যুক্তি দৰ্শোৱা সম্পন্ন হ’ব । তাৰ পাছত বিপক্ষৰ অধিবক্তাই কিমান সময় লয় আৰু ৰায়দান লিখোঁতে কিমান সময়ৰ প্ৰয়োজন হয় তাৰ নিৰ্ভৰ কৰিব ৰায়দানৰ সময় ।”
গোচৰৰ শুনানিত অধিবক্তাই যুক্তি দৰ্শোৱাৰ সময়ত আদালতত উপস্থিত থাকে অভি-নীলৰ দুই দুৰ্ভগীয়া পিতৃ অজিত নাথ আৰু গোপালচন্দ্ৰ দাস । শুনানিত উপস্থিত থাকি অভিজিৎ নাথৰ পিতৃ অজিত নাথে কয়, “আমি ইমান দিনে আশা পালিয়েই জীয়াই আছোঁ । আদালতৰ প্ৰতি আমাৰ আস্থা আছে । প্ৰথমদিনা অধিবক্তাই সুন্দৰকৈ যুক্তি দৰ্শাইছে । ন্যায়াধীশেও সুন্দৰকৈ শুনিছে ।"
তেওঁ পুনৰ কয়, "আজি যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছে এয়া হয়তো গোচৰটোৰ অন্তিম পৰ্যায় । ইয়াৰ পাছত ৰায়দান হ’ব । আমি আজি সুখী আৰু হয়তো কিছুদিনৰ ভিতৰতেই আমি ন্যায় লাভ কৰিম । মোৰ এটা মাত্ৰ ল’ৰা আছিল । এতিয়া ন্যায়ালয়ে কি ৰায় দিয়ে তাকে লৈ জীয়াই থাকিম ।”
শুনানিত উপস্থিত থাকি নিলোৎপল দাসৰ পিতৃ গোপালচন্দ্ৰ দাসে কয়, “আদালতৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আছে । এটা সময়ত আমাৰ বিশ্বাস প্ৰায় ভাঙিয়েই গৈছিল । এটা সময়ত আমি ভাবিছিলোঁ । আমি সচাকৈ ন্যায় পাম নে নাপাম ? সন্দেহজনক এটা অৱস্থাত আমি উপনীত হৈছিলোঁ । শেষত আজিৰ পৰা আদালতত যুক্তি দৰ্শোৱা প্ৰক্ৰিয়া আৰম্ভ হোৱাত আমি অলপ সকাহ পাইছোঁ । আমি ন্যায়ৰ ফলাফল হয়তো পাম । আমি আশা ৰাখিছোঁ ।”
উল্লেখযোগ্য যে, ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড । গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নিলোৎপল দাসক এদল লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ।
ঘটনা সন্দৰ্ভত ডিফু আৰক্ষীয়ে মুঠ ৪৮ জনকৈ লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে এমাহৰ ভিতৰতে অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল । মুঠ ৪৮ গৰাকী অভিযুক্তৰ তিনিগৰাকী জুভেইনাল হিচাপে চিনাক্ত হোৱাত মুঠ ৪৫ জন অভিযুক্তৰ বিৰুদ্ধে আদালতত যুক্তি দৰ্শোৱা হৈছে বুলিও জানিবলৈ দিয়ে অভি-নীলৰ পিতৃয়ে ।

