২০ দিনৰ মূৰত নিউ তিনিচুকীয়া–গুৱাহাটী ৰে’লপথেৰে পুনৰ চলিব ৰে’ল
শেহতীয়া বিধ্বংসী বানত ৰে’লপথ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হোৱাত নিউ তিনিচুকীয়া আৰু গুৱাহাটীৰ মাজত চলাচল কৰা বহু দূৰণিবটীয়া ৰে’ল বাতিল অথবা পথ সলনি কৰিবলগীয়া হৈছিল ।

Published : August 13, 2026 at 7:57 PM IST
তিনিচুকীয়া: উজনি অসমলৈ ৰে’ল যোগাযোগ পুনৰ স্বাভাৱিক হোৱাৰ দিশে আগবাঢ়িছে । যোৱা ১৯ জুলাইত প্ৰলয়ংকৰী বানত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত বিগত প্ৰায় ২০ দিন ধৰি উজনি অসমলৈ ৰে’ল যাতায়াত ব্যাহত হৈ আছিল ।
বানত বিধ্বস্ত হোৱা নিউ তিনিচুকীয়া–গুৱাহাটী মূল ৰে’লপথটো পুনৰুদ্ধাৰ কৰি ৰে’ল চলাচলৰ বাবে উপযোগী কৰি তোলা হৈছে । ৰে’ল বিভাগে ঘোষণা কৰা অনুসৰি, শুকুৰবাৰৰ পৰা এই পথছোৱাৰে দূৰণিবটীয়া ৰে’লৰ চলাচল পুনৰ আৰম্ভ হ’ব ।
তিনিচুকীয়া মণ্ডল ৰে’ল প্ৰৱন্ধকৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত তিনিচুকীয়া মণ্ডলৰ ৰে’ল প্ৰৱন্ধক পৰাগ কাত্ৰেই এই কথা সদৰী কৰে । ৰে’ল বিভাগৰ বিষয়া-কর্মচাৰী আৰু পুনৰুদ্ধাৰকাৰী দলৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত বানত ক্ষতিগ্ৰস্ত হোৱা ৰে’লপথৰ বিভিন্ন অংশৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে বুলি সংবাদমেলত বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে, শেহতীয়া বিধ্বংসী বানত উজনি অসমৰ কেইবাটাও অঞ্চলত ৰে’লপথ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছিল । ইয়াৰ ফলত নিউ তিনিচুকীয়া আৰু গুৱাহাটীৰ মাজত চলাচল কৰা বহু দূৰণিবটীয়া ৰে’ল বাতিল অথবা পথ সলনি কৰিবলগীয়া হৈছিল । বিশেষকৈ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আদি উজনি অসমৰ জিলাসমূহৰ পৰা ৰাজ্যৰ বিভিন্ন অঞ্চললৈ ৰে’ল যোগাযোগত ব্যাপক প্ৰভাৱ পৰিছিল ।
ৰে’লৱেৰ বিষয়াগৰাকীয়ে কয়, ‘‘বাঢ়নী পানী শুকুৱাৰ পাছতে ৰে’ল বিভাগে ক্ষতিগ্ৰস্ত ৰে’লপথসমূহ চিনাক্ত কৰি যুদ্ধকালীন তৎপৰতাৰে পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰে । ৰে’লপথৰ ক্ষতিগ্ৰস্ত অংশত মাটি ভৰোৱা, ট্ৰেক মেৰামতি, বেলাষ্ট পুনৰ সংস্থাপন আৰু অন্যান্য কাৰিকৰী কাম সম্পন্ন কৰাৰ পাছত পথছোৱা ৰে’ল চলাচলৰ বাবে সাজু কৰি তোলা হয় ।’’
ৰে’ল বিভাগে জানিবলৈ দিয়া অনুসৰি, শুকুৰবাৰৰ পৰা নিউ তিনিচুকীয়া–গুৱাহাটী মূল ৰে’লপথছোৱাৰে দূৰণিবটীয়া ৰে’লসমূহ পুনৰ চলাচল কৰিব । ইয়াৰ ফলত বিগত কেইবাদিন ধৰি ৰে’ল যোগাযোগ বিচ্ছিন্ন হৈ থকা উজনি অসমৰ যাত্ৰীসকলৰ লগতে বহিঃৰাজ্যলৈ যাতায়াত কৰা যাত্ৰীসকলেও যথেষ্ট সকাহ লাভ কৰিব বুলি আশা কৰা হৈছে । একে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সৈতে উজনি অসমৰ বাণিজ্যিক আৰু যাতায়াত ব্যৱস্থাও ক্ৰমান্বয়ে স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে ।
অৱশ্যে বানৰ পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক নোহোৱালৈকে ৰে’ল চলাচলৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিব ৰে’ল বিভাগে । বানপীড়িত বহু লোক এতিয়াও ৰে’লপথৰ কাষৰ বিভিন্ন স্থানত আশ্ৰয় লৈ থকাৰ পৰিপ্ৰেক্ষিতত যাত্ৰী আৰু স্থানীয় লোকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই পথছোৱাৰে চলাচল কৰা ৰে’লসমূহৰ সৰ্বাধিক গতি ঘণ্টাত ২০ কিলোমিটাৰত সীমাবদ্ধ ৰখা হ’ব ।
ৰে’ল বিভাগে প্ৰকাশ কৰা মতে, ৰে’লপথৰ নিৰাপত্তা আৰু যাত্ৰীৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে । পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক নোহোৱালৈকে ৰে’লপথৰ বিভিন্ন অংশত নিৰীক্ষণ আৰু সতৰ্কতামূলক ব্যৱস্থা অব্যাহত থাকিব । প্ৰয়োজন অনুসৰি ৰে’লৰ গতি আৰু চলাচলৰ ক্ষেত্ৰত অতিৰিক্ত সুৰক্ষা ব্যৱস্থাও গ্ৰহণ কৰা হ’ব ।
দীৰ্ঘদিন ধৰি উজনিলৈ এই পথেৰে ৰে’ল যোগাযোগ ব্যাহত হৈ থকাৰ ফলত যাত্ৰীসকলৰ লগতে ব্যৱসায়ী, চাকৰিয়াল, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন শ্ৰেণীৰ লোক সমস্যাৰ সন্মুখীন হৈছিল । ২০ দিনৰ অন্তত মূল ৰে’লপথছোৱা পুনৰ মুকলি হোৱাত উজনি অসমৰ জনসাধাৰণৰ মাজত স্বাভাৱিক যাতায়াত ব্যৱস্থা ঘূৰি অহাৰ আশা বৃদ্ধি পাইছে । বানৰ ক্ষয়-ক্ষতিৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰি পৰ্যায়ক্ৰমে ৰে’ল চলাচল স্বাভাৱিক কৰাৰ ওপৰত ৰে’ল বিভাগে গুৰুত্ব আৰোপ কৰিছে ।

