বানৰ অভিশাপ ! জোনাইত এতিয়া চৌদিশে ধ্বংসৰ কৰুণ ছবি
জোনাইৰ বানাক্ৰান্ত অঞ্চল মধুপুৰ, অৰুণ চাপৰি অঞ্চলত প্ৰায় স্তব্ধ জনজীৱন ৷ বান গ’ল ঠিকেই, কিন্তু দি গ'ল চকুপানী আৰু শূন্যতা ।

Published : July 16, 2026 at 2:16 PM IST
জোনাই: জোনাইৰ বানাক্ৰান্ত অঞ্চলত এতিয়া চৌদিশে বানে ধ্বংস কৰা কৰুণ ছবি ৷ জোনাইৰ মধুপুৰ, অৰুণ চাপৰি অঞ্চলত একপ্ৰকাৰ স্তব্ধ জনজীৱন ৷ বান গ’ল ঠিকেই, কিন্তু বানে দি থৈ যোৱা চকুপানী আৰু শূন্যতাক সাবটি বানাক্ৰান্তই এতিয়া অনিশ্চিত ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে ৷
বানে ধুই থৈ যোৱা অঞ্চলটোত এতিয়া চৌদিশে দুৰ্গন্ধময় পৰিৱেশ ৷ বিধ্বস্ত অঞ্চলটোৰ যাতায়াত ব্যৱস্থা ৷ বানে পুতি পেলোৱা অঞ্চলটোত চৌদিশে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ পৰিস্থিতি ৷ মুঠৰ ওপৰত বানৰ বিভীষিকা অঞ্চলটোত এতিয়াও আঁতৰা নাই ৷
চকুৰ সন্মুখৰ এই পৰিৱেশ প্ৰত্যক্ষ কৰি এগৰাকী স্থানীয় লোকে কয়, "সৰুৰে পৰা বানপানী দেখি আহিছোঁ, কিন্তু সেইদিনাৰ দৰে হোৱা বানপানী দেখা নাই । আমাৰ ভাষা নাই, সেই সময়ৰ বানপানী হোৱাৰ ছবি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ... আজিও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই ।"
জোনাই সমষ্টিৰ তেলাম আৰু মিছামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মধুপুৰ, অৰুণ চাপৰি, জামুগুৰি, উজনি মিছামৰা আৰু চিকেৰ গাঁৱৰ পাঁচ শতাধিক পৰিয়ালৰ বৰ্তমানো জীৱন বিপদাপন্ন হৈ আছে । নাই খেতিপথাৰ, নাই শৌচাগাৰ, নাই বিশুদ্ধ খোৱাপানী । হঠাৎ অহা বানে এফালৰ পৰা বুৰাই ধ্বংস কৰি থৈ গ'ল ঘৰ-দুৱাৰ, খেতি-বাতি, ঘৰৰ সমস্ত সা-সম্পত্তি । বহু লোকে ঘৰ এৰি আত্মীয়ৰ ঘৰত আশ্ৰয় লৈ আছে । কিন্তু উপায় নাই, নিজৰ আপোন গাঁওখনত থকা ঘৰখন এৰি থাকিব নোৱাৰে ।
বান আহিল আৰু গ’ল, কিন্তু শেষ হোৱা নাই বানাক্ৰান্তৰ দুখ-দুৰ্দশা, যান্ত্ৰণা ৷ পৰ্বতসম আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত দিন কটাইছে জোনাইৰ মধুপুৰ-অৰুণ চাপৰিৰ বানাক্ৰান্ত ৰাইজে ৷ বান আঁতৰি গ'ল যদিও জোনাইৰ মধুপুৰ-অৰুণ চাপৰি অঞ্চলত এতিয়াও স্বাভাৱিক হোৱা নাই জনজীৱন ।
ঘৰৰ চাৰিওফালে আজিও বানত ভাহি অহা কাঠ, জাবৰ-জোঁথৰ আৰু আৱৰ্জনাৰ দম । সেই আৱৰ্জনাৰ পৰা ওলোৱা দুৰ্গন্ধই সমগ্ৰ অঞ্চলটোত উৎকট পৰিৱেশৰ সৃষ্টি কৰিছে । এই অস্বাস্থ্যকৰ পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে । শিশুৰ পৰা বৃদ্ধলৈকে বহু লোকৰ জ্বৰ, চৰ্মৰোগ, ডায়েৰিয়া আদি বিভিন্ন ৰোগে দেখা দিয়া বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ।
আনহাতে, বানৰ পানী নামি গ'লেও এতিয়াও বোকা-পলসে আৱৰি ধৰি আছে ঘৰৰ চোতাল, পথাৰ, কৃষিভূমি; ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা । সমান্তৰালকৈ বানাক্ৰান্ত লোকসকলৰ মাজত বিশুদ্ধ খোৱাপানীৰ তীব্ৰ সমস্যাই দেখা দিছে । ইফালে ৰাইজে অভিযোগ কৰিছে যে যেতিয়া বানে অঞ্চলটো তচনচ কৰিছিল, তেতিয়া মন্ত্ৰী, বিধায়ক, জনপ্ৰতিনিধি, স্বাস্থ্যকৰ্মী আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ লানি নিছিগা ভিৰ আছিল, ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক শীঘ্ৰে পুনৰসংস্থাপন, উচিত ক্ষতিপূৰণ আৰু সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ।
কিন্তু আজি বান আঁতৰি যোৱাৰ পিছতে সেই প্ৰতিশ্ৰুতিবোৰো যেন পানীৰ সোঁতে উটুৱাই নিলে । বানৰ সময়ত নিয়মীয়াকৈ খবৰ লোৱা বহু জনপ্ৰতিনিধি, স্বাস্থ্যকৰ্মী আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ এতিয়া এগৰাকীও বানাক্ৰান্ত ৰাইজৰ খবৰ ল'বলৈ আহৰি নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে ।
এতিয়া মাথোঁ পুনৰ সংস্থাপন, স্বাস্থ্য সুৰক্ষাৰ লগতে উচিত ক্ষতিপূৰণৰ বাবে চৰকাৰৰ বাস্তৱ পদক্ষেপৰ অপেক্ষাত আছে হাজাৰ হাজাৰ মধুপুৰ, অৰুণ চাপৰিৰ বানাক্ৰান্ত ৰাইজ ।

