নগাঁৱত কৰুণ ঘটনা: শৌচাগাৰৰ টেংকিত পৰা শ্ৰমিকক উদ্ধাৰ কৰিবলৈ মৃত্যু গৃহস্থৰ, শ্ৰমিকৰো মৃত্যু
মিস্ত্ৰীজনক উদ্ধাৰ কৰাটো সহজ নহ'ল মণ্টু বৰদলৈৰ বাবে । আনকি নিজৰ প্ৰাণো দিবলগীয়া হয় মণ্টু বৰদলৈ নামৰ আৰক্ষী বিষয়াজনে ।

Published : October 30, 2025 at 7:27 PM IST
নগাঁও: নগাঁও জিলাৰ বঢ়মপুৰত এক কৰুণ ঘটনা সংঘটিত হৈছে । শৌচাগাৰৰ টেংকি নিৰ্মাণৰ কামত নিয়োজিত শ্রমিকৰ লগতে আৰক্ষীত কৰ্মৰত গৃহস্থৰো একেলগে মৃত্যু হোৱা ঘটনাই শোকাকুল কৰি তুলিছে সমগ্ৰ নগাঁওবাসীক ।
ঘটনাটো সংঘটিত হৈছে বৃহস্পতিবাৰে দুপৰীয়া । বঢ়মপুৰৰ মণ্টু বৰদলৈয়ে নিজৰ ঘৰৰ বাবে নিৰ্মাণ কৰি আছিল শৌচাগাৰ । অসম আৰক্ষীত সহকাৰী উপ-পৰিদৰ্শক হিচাপে নিয়োজিত মণ্টু বৰদলৈৰ বাসগৃহৰ শৌচাগাৰ নিৰ্মাণত নিয়োজিত হৈছিল পুৰণিগুদাম চলচলিৰ এটা মিস্ত্ৰীৰ দল ।
মিস্ত্ৰীৰ দলটোৱে নিৰ্মাণকাৰ্য চলাই থকাৰ সময়তে বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হয় কৰুণ ঘটনাটো । শৌচাগাৰৰ টেংকি নিৰ্মাণ কৰি থকা অৱস্থাত নিৰ্মীয়মাণ শৌচাগাৰৰ টেংকিৰ তক্তা খুলিবলৈ চেষ্টা কৰোঁতেই টেংকিৰ ভিতৰত সোমাই পৰে ৩৫ বছৰীয়া ভাইটি নামৰ মিস্ত্ৰীজন । লগে লগে মিস্ত্ৰীকেইজনৰ মাজত হুৱাদুৱা লাগে ।
ইফালে ঘটনাৰ খবৰ পায়েই শৌচাগাৰৰ টেংকিটোৰ ওচৰত উপস্থিত হয় ঘৰটোৰ স্বত্বাধিকাৰী মণ্টু বৰদলৈ । অসম আৰক্ষীত কৰ্মৰত মণ্টু বৰদলৈয়ে মিস্ত্ৰীজনৰ অসহায় অৱস্থা সহিব নোৱাৰি নিজেই টেংকিৰ ভিতৰত প্ৰৱেশ কৰি মিস্ত্ৰীজনক উদ্ধাৰৰ চেষ্টা কৰে । কিন্তু মিস্ত্ৰীজনক উদ্ধাৰ কৰাটো সহজ নহ'ল মণ্টু বৰদলৈৰ বাবে । আনকি নিজৰ প্ৰাণো দিবলগীয়া হয় মণ্টু বৰদলৈ নামৰ আৰক্ষী বিষয়াজনে ।
শ্ৰমিকক উদ্ধাৰ কৰিবলৈ শৌচাগাৰৰ টেংকিত সোমাই যোৱা গৃহস্থ তথা আৰক্ষী বিষয়াজনৰো মৃত্যু হোৱাৰ খবৰে সকলোকে শোকাকুল কৰি তোলে । এটা নিৰ্মীয়মাণ শৌচাগাৰৰ টেংকিত শ্ৰমিকৰ লগতে আৰক্ষীত কৰ্মৰত ঘৰৰ মালিকৰো মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষীৰ দল । আৰক্ষীৰ দল উপস্থিত হৈ দুয়োজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এজন শ্ৰমিকৰ প্ৰাণ ৰক্ষাৰ বাবে মালিকে নিজৰ প্ৰাণ দিয়া ঘটনাই সকলোকে মৰ্মাহত কৰাৰ লগতে হৃদয় চুই গৈছে ।

