ETV Bharat / state

এদিন পূৰ্বে নিৰুদ্দেশ, পিছদিনা ওলাল প্ৰথম শ্ৰেণীত অধ্যয়নৰত কণমানিৰ মৃতদেহ

তামাৰহাটত নিৰুদ্দেশ হোৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ, স্থানীয় ৰাইজ আৰু আৰক্ষীৰ যৌথ অভিযানত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ ৷

CHILDREN DROWNED WHILE BATHING
প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 10, 2026 at 6:02 PM IST

2 Min Read
Choose ETV Bharat

ধুবুৰী: ধুুবুৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ জিলাখনৰ তামাৰহাট অঞ্চলত শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা এটা কণমানিৰ মৃতদেহ দেওবাৰে উদ্ধাৰ কৰা হৈছে ৷ এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

ঘটনা অনুসৰি, তামাৰহাটৰ মুছলমানপাৰা গাঁৱৰ পৰা নিৰুদ্দেশ হৈ থকা ছাত্ৰজনৰ মৃতদেহটো দেওবাৰে স্থানীয় ৰাইজ আৰু আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ কৰা হয় ৷ এছডিআৰএফে ছাত্ৰজনক সুকলমে উদ্ধাৰ কৰিবলৈ তৎপৰতাৰে অভিযান আৰম্ভ কৰিছিল যদিও ব্যৰ্থ হয় ৷

তামাৰহাটত শোকৰ ছাঁ (ETV Bharat Assam)

হাতীধুৰা পাব্লিক স্কুলৰ প্ৰথম শ্ৰেণীত অধ্যয়নৰত কণমানি ছাত্ৰজনে ঘৰৰ সমীপৰ পথাৰৰ ওচৰতে অবৈধভাৱে খান্দি থোৱা এটা গাঁতত পৰি মৃত্যুক আঁকোৱালি লয় ৷ শনিবাৰে বিদ্যালয়ৰ পৰা আহি দ পুখুৰীত গা ধুবলৈ গৈছিল ছাত্ৰজনে ৷ গা ধুবলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰে শিশুটো ৷

জানিব পৰা মতে, ধুতুৰামাৰী গাঁৱৰ আব্দুল হাছিব নামৰ এজন লোকে এক্সেভেটৰ সহায়েৰে চুবুৰীটোৰ মাজতে খান্দিছিল এটা প্ৰকাণ্ড গাঁত । কোনোধৰণৰ নিয়ম অবিহনে খন্দা গাঁতটোত দিয়া হোৱা নাছিল কোনোধৰণৰ বেৰ ৷ যাৰ ফলত এই গাঁতটোত পৰিয়েই শিশুটিৰ মৃত্যু ঘটে বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । পৰৱৰ্তী সময়ত স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত তামাৰহাট আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷

ঘটনা সন্দৰ্ভত এজন স্থানীয় যুৱকে কয়, ‘‘মুছলমানপাৰা গাঁৱত আব্দুল হাছিব নামৰ এজন লোকে এক্সেভেটৰেৰ চুবুৰীৰ মাজত খান্দিছিল এটা প্ৰকাণ্ড গাঁত । সেই গাঁ‌তটো খন্দাৰ পিছত তেওঁ উক্ত ঠাইডোখৰত কোনো বেৰ বা চিহ্ন দিয়া নাছিল । যাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে ৷’’

সম্প্ৰতি স্থানীয় ৰাইজে ব্যক্তিজনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৷

লগতে পঢ়ক: ঘৰৰ পৰা নাপালেগৈ কৰ্মস্থলী; আদবাটতে যমে নিলে চাইকেল আৰোহীক