ETV Bharat / state

গোগামুখ-ঘিলামৰা ঢকুৱাখনা সংযোগী ৰাজ্যিক ঘাইপথেৰে পুনৰ আৰম্ভ যাতায়ত

পথৰ ওপৰেদি পানী বাগৰি থকাত প্ৰায় এপষেক ধৰি বন্ধ হৈ আছিল সংযোগ ব্য়ৱস্থা ।

Traffic resumed on the Gogamukh-Ghilamara-Dhakuakhana State Highway
গোগামুখ-ঘিলামৰা ঢকুৱাখনা সংযোগী ৰাজ্যিক ঘাইপথেৰে পুনৰ আৰম্ভ যাতায়ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 2:50 PM IST

2 Min Read
Choose ETV Bharat

ধেমাজি : বিগত এপষেক ধৰি বানপানীয়ে জুৰুলা কৰিছে ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকক । ঠায়ে ঠায়ে পানী শুকাইছে যদিও যাতায়তত ৰাইজে সমস্য়াৰ সন্মুখীন হ'বলগীয়া হৈছে । আনকি বিধ্বস্ত পথৰ বাবে শিক্ষাৰ্থীসকলে যাব পৰা নাই বিদ্য়ালয়লৈ ।

গোগামুখ-ঘিলামৰা ঢকুৱাখনা সংযোগী ২২নং ৰাজ্যিক ঘাইপথে একেই দৃশ্য় পৰিলক্ষিত হৈছে । ৰাজ্য় চৰকাৰৰ সংশ্লিষ্ট বিভাগে ক্ৰ'ছৱে নিৰ্মাণৰ কাম খৰতকীয়াকৈ আগবঢ়াই আছে যদিও শেহতীয়াকৈ পথৰ ওপৰেদি পানী বাগৰি থকাত প্ৰায় এপষেক ধৰি বন্ধ হৈ আছিল এই পথটো ৷ গোগামুখ-ঘিলামৰা ঢকুৱাখনা সংযোগী ২২নং ৰাজ্যিক ঘাইপথৰ চামপৰা নিৰ্মীয়মাণ ক্ৰ'ছৱেৰ ওপৰৰে বিগত ১৫দিন ধৰি জীয়াঢলৰ বাঢ়নী পানী বাগৰি যাতায়ত ব্যাহত হৈ পৰিছিল ৷ স্থানীয় কণ কণ শিক্ষাৰ্থী, কৰ্মচাৰী উপৰি গোগামুখ, ঘিলামৰা-ঢকুৱাখনাবাসীয়ে যাতায়তৰ বাবে জীয়াতু ভুগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷

গোগামুখ-ঘিলামৰা ঢকুৱাখনা সংযোগী ৰাজ্যিক ঘাইপথেৰে পুনৰ আৰম্ভ যাতায়ত (ETV Bharat Assam)

উল্লেখ্য যে যোৱা ১০ জুনৰ পৰা ধাৰাবাহিকভাৱে পানী বাগৰি থকা বাবে প্ৰশাসনে এই পথটো বন্ধ কৰি এটা বিকল্প পথেৰে যাতায়ত কৰাৰ নিৰ্দেশনা দিছিল ৷ এই সন্দৰ্ভত এগৰাকী শিক্ষয়িত্ৰীয়ে কয়, “ বিগত ১০-১৫ দিনেই পথৰ ওপৰেদি পানী বাগৰি থকা বাবে যাতায়তত ব্য়াঘাত জন্মিছিল ৷ আচলতে দলং এখন হোৱা হ’লে ভাল আছিল ৷ এনেকৈ হোৱা বাবে যাতায়তো বন্ধ হোৱাত চাৰিওফালে অসুবিধা হৈছে ৷ আজি পানী অলপ শুকাইছে কাৰণে এই পথেদি পাৰ হ'ব পাৰিছো, পানী আহিলে আকৌ একেই পৰিস্থিতি হ'ব ৷“

Traffic resumed on the Gogamukh-Ghilamara-Dhakuakhana State Highway
গোগামুখ-ঘিলামৰা ঢকুৱাখনা সংযোগী ৰাজ্যিক ঘাইপথেৰে পুনৰ আৰম্ভ যাতায়ত (ETV Bharat Assam)

একেদৰে আন এগৰাকী লোকে কয়, "এইটো ঘিলামৰা-গোগামুখ সংযোগী পথ ৷ এই পথটো পানীয়ে বিধ্বস্ত কৰা বাবে যাতায়তত ৰাইজে সমস্য়াৰ সন্মুখীন হৈ আহিছে । কালিৰে পৰা পানী কমিবলৈ আৰম্ভ কৰাত আজিৰে পৰা নিৰ্মীয়মান ক্ৰ'ছৱেৰ কাষেৰে সকলো ধৰণৰ বাহন চলাচল কৰিছে । সেইবাবে অঞ্চলবাসীয়ে সাময়িকভাৱে বৃহৎ সকাহ লাভ কৰিছে ৷"

লগতে পঢ়ক:মৰণফান্দত পৰিণত কাঠৰ দলং, আন গাড়ী বাদেই এম্বুলেঞ্চো সোমাব নোৱাৰে গাঁৱত

জোনাই নাহৰ নলাত ভয়াৱহ গৰাখহনীয়া; দিক-বিদিক হেৰুৱাইছে গঞা ৰাইজে

বেকী নদীৰ খহনীয়াৰ কালৰূপ, মথাউৰি নিৰ্মাণৰ বাবে চৰকাৰক আহ্বান ৰাইজৰ