ETV Bharat / state

ধৰ্ম, বিশ্বাস আৰু পৰম্পৰাৰ এনাজৰী 'ৰৃঃদৃন': টানি জনগোষ্ঠীৰ এই ধৰ্মীয় সূতাডালৰ বিষয়ে জানেনে ?

বিভিন্ন পূজা-পাৰ্বণত ব্যৱহৃত সূতাৰে তৈয়াৰী ধৰ্মীয় 'ঢাগা'ৰ বিষয়ে সকলো অৱগত । কিন্তু 'দঃঞি পঃল' য়ৌলাম (ধৰ্ম)ৰ অৰ্থাৎ টানি জনগোষ্ঠীৰ ঢাগা 'ৰৃঃদৃন'ৰ বিষয়ে জানো আহক ।

traditions of Tani people
'ৰৃঃদৃন': টানি জনগোষ্ঠীৰ এই ধৰ্মীয় সূতাডালৰ বিষয়ে জানেনে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 5, 2025 at 2:30 PM IST

|

Updated : December 5, 2025 at 2:37 PM IST

6 Min Read
Choose ETV Bharat

জোনাই : বিভিন্ন পূজা-পাৰ্বণত ব্যৱহৃত সূতাৰে তৈয়াৰী ধৰ্মীয় 'ঢাগা', যাক অতি পৱিত্ৰ অন্তৰেৰে হাতত বান্ধি দিয়া হয়, সেই বিষয়ে আমি সকলো অৱগত । কিন্তু এনে এবিধ লতাজাতীয় উদ্ভিদেৰে তৈয়াৰী ধৰ্মীয় ঢাগা 'দঃঞি পঃল' য়ৌলাম (ধৰ্ম) টানি গোষ্ঠীৰ জনসমাজত প্ৰচলিত । সেই লতাজাতীয় উদ্ভিদ 'ৰৃঃদৃন' নামেৰে সমৃদ্ধ ।

ৰৃঃদৃন হৈছে এবিধ লতাজাতীয় বনৰীয়া উদ্ভিদৰ পৰা তৈয়াৰ কৰা আৰু টানি জনগোষ্ঠীয়ে ধৰ্মীয় কামত ব্যৱহাৰ কৰা এবিধ পৱিত্ৰ ঢাগা ।

'ৰৃঃদৃন': টানি জনগোষ্ঠীৰ এই ধৰ্মীয় সূতাডালৰ বিষয়ে জানেনে ? (ETV Bharat Assam)

কি এই ৰৃঃদৃন

এই ৰৃঃদৃন বা ঢাগাৰ বিষয়ে অৱসৰপ্ৰাপ্ত শিক্ষক তথা জ্যেষ্ঠ নাগৰিক দত্তৰাম দলেয়ে কয়, "ৰৃঃদৃন এবিধ লতাজাতীয় উদ্ভিদ । ৰৃঃদৃনক 'দঃঞি পঃল' য়ৌলাম (ধৰ্ম) টানি জনগোষ্ঠীৰ লোক বুলি পৰিচয় দিয়া লোকসকলৰ কাৰণে এটা এৰাব নোৱৰা সম্পদ হিচাপে গণ্য কৰা হয় । কাৰণ যদি এজন মানুহে ৰৃঃদৃনেৰে পকোৱা ৰছী হাতত বান্ধি লয়, তেতিয়া এই লোকৰ কোনো অপায়-অমংগল হ'ব নোৱাৰে তথা কোনো অপদেৱতাই সেই লোকসকলক লগ দিব নোৱাৰে বুলি বিশ্বাস কৰে ।"

ৰৃঃদৃন লতাৰ পৰা উলিওৱা পদ্ধতি আৰু ইয়াৰ ব্যৱহাৰ সন্দৰ্ভত দত্তৰাম দলেৰ ব্যখ্যা

ৰৃঃদৃন লতা প্ৰায় ২০ৰ পৰা ৫০ ফুট পৰ্যন্ত দীঘলকৈ বগাই যায় । লতাডালৰ প্ৰায় ১০ ফুট আঁতৰে আঁতৰে গাঁঠি থাকে । এই বগাই যোৱা ৰৃঃদৃন লতাডাল গুৰিৰ পৰা কাটি আনি গাঁঠিয়ে গাঁঠিয়ে কাটি টুকুৰা কৰি প্ৰথমে জমা কৰি ল'বলগা হয় । ইয়াৰ পিছত প্ৰতিটো টুকুৰাক কটাৰিৰে দুফাল কৰি মাজৰ মজ্জা অংশ উলিয়াই দিয়া হয় আৰু ওপৰৰ ছাল অংশৰ পৰা ভিতৰ ভাগৰ সেউজীয়া অংশ চুঁচি গুচাই দিয়াৰ পাছত ওপৰৰ ছাল চুঁচি দিয়াৰ লগে লগে ধুনীয়া আৰু উজ্জ্বল বগা অংশ ওলাই পৰে । ইয়াৰ পিছত বগা অংশটো শুকুৱাই ৰছী তৈয়াৰ কৰা হয় । এই ৰছী অৰ্থাৎ ৰৃঃদৃনক মন্ত্ৰ জপ কৰি হাতত ভক্তিৰে মোমাই ঢাগা হিচাপে বিভিন্ন ধৰ্মীয় অনুষ্ঠানত বান্ধি দিয়া হয় ।

traditions of Tani people
'ৰৃঃদৃন': টানি জনগোষ্ঠীৰ এই ধৰ্মীয় সূতাডালৰ বিষয়ে জানেনে ? (ETV Bharat Assam)

ৰৃঃদৃন (ঢাগা)ৰ উৎপত্তি কাহিনী

টানি জনগোষ্ঠীৰ জনবিশ্বাসত এই সম্পৰ্কে এটা কাহিনী আছে । টানি জনগোষ্ঠীৰ লোকসকল হ'ল অসমৰ মিচিং, অৰুণাচলৰ আদি, মিয়ং, পাদি, পাদাম, বৰি, বকাৰ, মিলাং, গাল, নিচি, আপাটানি, তাগিন । তাৰ উপৰি তিব্বততো কিছু লোক থকাৰ উমান পোৱা যায় ।

ৰৃঃদৃনৰ উৎপত্তিৰ বিষয়ে ক'বলৈ গ'লে মানৱ জন্ম ৰহস্যৰ বিষয়ে কিছু কথা নক'লে আধৰুৱা হ'ব । কাৰণ ৰৃঃদৃন (ঢাগা) আৰু মানুহ ওতপ্ৰোতভাৱে জড়িত । টানি জনগোষ্ঠীৰ লোকসকলৰ কিংবদন্তি অনুসৰি, পৃথিৱীখনেই সূৰ্যৰ পৰা সৃষ্টি হৈছে । সূৰ্য সৃষ্টি হৈছে কৌয়ুম (শূন্য)ৰ পৰা । এয়া হৈছে 'দঃঞি পঃল' য়ৌলাম (ধৰ্ম)ৰ গণনা মতে ।

traditions of Tani people
'ৰৃঃদৃন': টানি জনগোষ্ঠীৰ এই ধৰ্মীয় সূতাডালৰ বিষয়ে জানেনে ? (ETV Bharat Assam)

ৰৃঃদৃনৰ ব্যৱহাৰ

ৰৃঃদৃন (ঢাগা)ক দঃঞি পঃল গাংগিং অৰ্থাৎ নামঘৰ বা মন্দিৰ, ঘৰৰ বিভিন্ন পূজা, বিয়া-সভাত আৰু বিভিন্ন শুভকামত টানি জনগোষ্ঠীৰ লোকসকলে ব্যৱহাৰ কৰে । দঞি-প'ল ধর্ম বা 'দঃঞি পঃল' ধর্ম বুলি ক'লে টানি জনগোষ্ঠীৰ সমাজকে বুজা যায় । টানি জনগোষ্ঠীৰ অসমৰ মিচিংসকলে দঃঞিক মাতৃ (আনে) আৰু পঃলক পিতৃ (আবু) বুলি বিশ্বাস কৰে ।

দঃঞি পঃল দিৱস

দঃঞি পঃল ধর্মক অসমৰ মিচিং আৰু অৰুণাচলৰ আদি, মিয়ং, পাদি, পাদাম, বৰি, বকাৰ, মিলাং, গাল, নিচি, আপাটানি, তাগিনসকলে আদিম যুগৰ পৰাই ভগৱান বা ঈশ্বৰ বুলি বিশ্বাস কৰি আহিছে । 'দঃঞি পঃল দিৱস' মূলত অসম আৰু অৰুণাচল প্ৰদেশৰ টানি গোষ্ঠী, বিশেষকৈ মিচিং লোকসকলৰ এক উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান । এই দিনটোত 'দঞি-পল' (সূৰ্য আৰু চন্দ্ৰ) দেৱতাক পূজা কৰি তেওঁলোকৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা উদযাপন কৰা হয় ।

দঃঞি পঃল য়ৌলাম প্ৰতিষ্ঠা দিৱস

এই দিনটোৰ উপৰি মিচিং জনগোষ্ঠীয়ে 'দঞি-পল য়ৌলাম প্ৰতিষ্ঠা দিৱস' (Donyi-Polo Yalam Pratishtha Diwas) উদযাপন কৰে । দঃঞি পঃল দিৱস বা দঞি-প'ল পূজা হ'ল অৰুণাচল প্ৰদেশ আৰু অসমৰ টানি আৰু অন্যান্য তিব্বত-বাৰ্মা মূলৰ লোকসকলৰ মাজত প্ৰচলিত এক ধৰ্মীয় পূজা, যি তেওঁলোকৰ সৰ্বপ্ৰাণবাদ আৰু শমনবাদৰ এক অংশ । এই উৎসৱত সূৰ্য (দঃঞি) আৰু চন্দ্ৰ (পঃল)ৰ উপাসনা কৰা হয় ।

দঃঞি পঃল য়ৌলাম বা ধৰ্ম

দঃঞি পঃল ধৰ্মটো টানি গোষ্ঠীৰ লোকসকলে পূৰ্বৰে পৰা পালন কৰি আহিছে যদিও মাজভাগত বিভিন্ন ধৰ্মলৈ ৰূপান্তৰ হ'ব ধৰিলে । বিশেষকৈ খ্ৰীষ্টান ধৰ্মলৈ বহু টানি গোষ্ঠীৰ পৰিয়ালৰ ধৰ্মান্তৰিত হয় । তেতিয়া এজন মহান ব্যক্তি তালাম ৰুকব'ৱে দঞি প'ল ধৰ্মটো 'গাংগিং' বা নামঘৰ নিৰ্মাণ কৰি পূজা কৰা পদ্ধতিৰে টানি গোষ্ঠীৰ লোকসকলৰ মাজলৈ ওভতাই অনাৰ চেষ্টা চলায় ।

traditions of Tani people
এগৰাকী টানি মহিলাৰ ৰৃঃদৃনৰ বাবে লতা সংগ্ৰহ (ETV Bharat Assam)

কাৰণ মুখে মুখে টানি গোষ্ঠীৰ লোকসকলে নিজকে দঞি প'ল ধৰ্মৰ বুলি পৰিচয় দিয়ে, কিন্তু ইয়াৰ কোনো শৃংখলাবদ্ধতা নাছিল । এটা ধৰ্ম কেতিয়াও মুখে মুখে চলি জীয়াই নাথাকে । এই কথা চিন্তা কৰি ধৰ্মগুৰু তালম ৰুগ'বৱে ১৯৮১ চনত কেইজনমান জ্যেষ্ঠ ব্যক্তিক লগত লৈ নিজৰ ঘৰতে পূজা বা প্ৰাৰ্থনা কৰা নিয়মটো আৰম্ভ কৰে ।

গাংগিং নিৰ্মাণ

তেতিয়াৰে পৰাই অসম-অৰুণাচলত বসবাস কৰা টানি গোষ্ঠীৰ লোকসকলে চিন্তা কৰিলে যে সঁচাকৈয়ে আমাৰ ধৰ্মটো গুৰুত্ব প্ৰদান কৰি গাংগিং বা নিজঘৰত শৃংখলাবদ্ধভাৱে নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে নকৰিলে হয়তো এটা সময়ত হেৰাই যোৱাৰ আকংশা আছে আৰু তেতিয়াৰে পৰাই লাহে লাহে গাঁৱে-ভূঞে গাংগিং বা নামঘৰ নিৰ্মাণ কৰি সপ্তাহৰ এটা বাৰত ৰাইজে গোট খাই প্ৰাৰ্থনা কৰে ।

traditions of Tani people
এগৰাকী টানি মহিলাৰ ৰৃঃদৃনৰ বাবে লতা সংগ্ৰহ (ETV Bharat Assam)

তদুপৰি, অখিল ভাৰতীয় ধৰ্ম আশ্ৰমেও অসম-অৰুণাচল প্ৰদেশৰ টানি গোষ্ঠীৰ লোকসকলক নিজৰ ধৰ্ম ৰক্ষা কৰি অস্তিত্ব ৰক্ষা কৰাৰ পৰামৰ্শ আগবঢ়ায় । অৱশ্যে অৰুণাচলত বিকাশ পৰিষদ নামেৰে দঞি প'ল ধৰ্মটো পৰিচালনা কৰে । সেয়ে টানি গোষ্ঠীৰ লোকসকলে তালাম ৰুকব'ক ধৰ্মগুৰুৰ মান্যতা প্ৰদান কৰিছে ৷ ধৰ্ম গুৰু তালম ৰুকব'ৰ জন্মস্থান অৰুণাচল প্ৰদেশৰ পাচিঘাটত । উল্লেখ্য যে ১৯৩৭ চনত পাচিঘাটত জন্মগ্ৰহণ কৰা তালম ৰুকব'ৰ ২০০১ চনত মৃত্যু হয় ৷

লগতে পঢ়ক :কেমেৰাত নহয়, বিদেশী পৰ্যটকৰ তুলিকাত বন্দী মাজুলীৰ মুখা
লগতে পঢ়ক :পৰম্পৰা ৰক্ষা কৰি মহোহো পালন কৰিলে নামনিৰ ৰাইজে
Last Updated : December 5, 2025 at 2:37 PM IST