গোঁসাই উলিওৱা উৎসৱক লৈ উখল-মাখল যাদুনগৰী মায়ং
গোঁসাই উলিওৱা উৎসৱৰ অন্তিম দিনটোত শ শ লোকৰ অংশগ্ৰহণ । ৰজাদিনীয়া পৰম্পৰা ৰক্ষা মায়ংবাসীৰ ।

Published : April 22, 2026 at 8:01 PM IST
লাহৰীঘাট : মৰিগাঁও জিলাৰ মায়ং কেৱল যাদু-মন্ত্ৰৰ বাবেই জনাজাত নহয় । এই অঞ্চল বহু সজীৱ সাংস্কৃতিক উপাদানেৰে সমৃদ্ধ । যাৰ বাবে ইয়াক সাংস্কৃতিক পৰম্পৰা আৰু লোক উৎসৱৰ এক 'জীৱন্ত সংগ্ৰহালয়' বুলিও কোৱা হয় ।
গোঁসাই উলিওৱা মেলা আৰু গড়ভঙা উৎসৱ এই অঞ্চলৰ আটাইতকৈ গুৰুত্বপূর্ণ সাংস্কৃতিক উৎসৱ । ইয়াক মায়ঙীয়া সংস্কৃতি আৰু সভ্যতাৰ মূল ভেটি বুলিও গণ্য কৰা হয় ।
এই উৎসৱ প্ৰতিবছৰে ৪ ব'হাগৰ পৰা ৬ ব'হাগলৈ ৩ দিন উদযাপন কৰা হয় । ই মূলতঃ এক ৰাজকীয় উৎসৱ আছিল, যি আৰম্ভ হৈছিল ১৫৯০ শকত (১৬৬৮ খ্ৰীষ্টাব্দ) মায়ং ৰাজ্যৰ ৰাজবংশৰ পূৰ্বপুৰুষ অৰ্থাৎ মায়ঙৰ দশম ৰজা শৰৎ চন্দ্ৰ সিংহৰ দিনত । এই পূৰণি উৎসৱৰ মুখ্য কেন্দ্ৰবিন্দু হৈছে পঞ্চ দেৱতাৰ মূৰ্তি, যিবোৰ ৰজা শৰৎ চন্দ্ৰ সিংহই বংগৰ নৱদ্বীপৰ পৰা আনিছিল । এই দেৱতা জনসাধাৰণৰ মাজত 'পঞ্চ গোঁসাই বা পঞ্চ দেৱতা' হিচাপে জনা যায় । এই পৰম্পৰাগত লোক উৎসৱৰ আটাইতকৈ আকৰ্ষণীয় অংশ হ'ল উৎসৱৰ ৩ দিন তিনিটা ভিন্ন ঠাইত উদযাপন কৰা হয় আৰু প্ৰতিদিনে পঞ্চ গোঁসাইক এক বিশাল শোভাযাত্ৰাৰে লৈ যোৱা হয় । এই শোভাযাত্ৰাত মায়ঙৰ পৰম্পৰাগত ৰজা, ৰাজকীয় বিষয়াসকল, সাংস্কৃতিক দল আৰু স্থানীয় গাঁওবাসীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে ।

প্ৰথম দিনা পঞ্চ গোঁসাইক পূজাৰীৰ ঘৰৰ পৰা ৰাজচ'ৰা অৰ্থাৎ ৰজামায়ঙ গাঁৱৰ ৰাজদৰবাৰলৈ শোভাযাত্ৰাৰে লৈ যোৱা হয় । দ্বিতীয় দিনা অৰ্থাৎ ৫ ব'হাগত পঞ্চ গোঁসাইক ৰাজামায়ঙ গাঁৱৰ ৰাজদৰবাৰৰ পৰা হাতীমুৰীয়া গাঁৱৰ বামুণ গোঁসাই থানলৈ লৈ যোৱা হয় । তৃতীয় দিনা অৰ্থাৎ ৬ ব'হাগত পঞ্চ গোঁসাইক ৰজামায়ঙ গাঁৱৰ ৰাজদৰবাৰৰ পৰা বুঢ়ামায়ঙ গাঁৱৰ ভগৱতী থানলৈ শোভাযাত্ৰাৰে লৈ যোৱা হয় । উৎসৱৰ আৰম্ভণিৰ পৰাই মায়ঙৰ গাঁওবাসীয়ে ইয়াৰ সকলো অনুষ্ঠান কোনো ধৰণৰ পৰিৱর্তন, সংযোজন বা বিয়োজন নকৰাকৈ অতি যত্নেৰে পালন কৰি আহিছে । স্থানীয় লোকৰ গভীৰ বিশ্বাস যে যদি এই বছৰ বছৰ পূৰণি উৎসৱ নিয়মমতে আৰু সম্পূৰ্ণ ৰীতি-নীতিৰে পালন কৰা নহয়, তেন্তে ঈশ্বৰৰ আশীৰ্বাদ নাপাব । মায়ঙৰ বিভিন্ন জাতি-জনগোষ্ঠী, ভিন্ন সম্প্ৰদায়ৰ লোকক যুগ যুগ ধৰি সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধি ৰখা এই ঐতিহাসিক মায়ঙৰ গোঁসাই উলিওৱা আৰু গড়ভঙা উৎসৱটোৱে এইবাৰ ৩৫৮ বছৰত ভৰি দিছে ।

মায়ঙৰ দশম ৰজা শৰৎ চন্দ্ৰ সিংহৰ দিনতে আৰম্ভ হোৱা এই উৎসৱ প্ৰতি বছৰে নিৰ্দিষ্ট সময়ত অলপো পৰিৱৰ্তন নকৰাকৈ বৃহত্তৰ মায়ং অঞ্চলৰ ৰাইজে পৰম্পৰাগতভাৱে অতি উলহ মালহেৰে বৰ্তমানৰ ৰজা তৰণীকান্ত সিংহ কোঁৱৰৰ দিনতো ৩ দিনীয়াকৈ উদযাপন কৰি আহিছে । প্ৰথম দিনা ৰজাৰ ৰাজচ'ৰাত এই উৎসৱৰ শুভাৰম্ভ কৰা হয় । দ্বিতীয় দিনা মায়ঙৰ ৰজাৰ ৰাজচ'ৰাৰ পৰা পূজা পাতল শেষ কৰি দুপৰীয়াৰ ভাগত ৰজা, বাংঠে ৰজা, ডেকা ৰজা, তামুলী আৰু ৰাজ পাৰিষদ বৰ্গৰ আন আন বিষয়াসকলৰ লগতে কাৰ্বি সাংস্কৃতিক দলৰ সহযোগত পঞ্চ গোঁসাইক এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে হাতীমুৰীয়াৰ বামুণ গোঁসাই থানলৈ লৈ যোৱা হয় ।

শোভাযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত যথেষ্ট সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে । মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড৹ উৎপল নাথে আঁতধৰা উদ্বোধনী অনুষ্ঠানত শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে পবিতৰাৰ বনাঞ্চলিক বিষয়া উজ্জ্বল বৰুৱাই । হাতীমুৰীয়াৰ ৰাইজে বামুণ গোঁসাই থানলৈ আদৰি নিয়াৰ পিছতেই নাম প্ৰসংগৰে মুখৰিত হৈ পৰে মেলাৰ চৌহদ । তাৰ পিছতেই কাৰ্বি জনগোষ্ঠীৰ লোক নৃত্য-গীতেৰে ৰজা আৰু ৰাজ পাৰিষদ বৰ্গক স্বাগতম জনোৱাৰ পিছত বামুণ গোঁসাই থানতে কিছু সময় ৰাজ পাৰিষদ বৰ্গই প্ৰজাৰ সৈতে মতবিনিময় কৰে । এনেদৰেই প্ৰতি বছৰে দ্বিতীয় দিনটো উদযাপন কৰি অহা হৈছে ।

অন্তিম দিনাও একেই পৰম্পৰা আৰু ৰজাঘৰীয়া ৰীতি-নীতিৰে ৰজা মায়ঙৰ ৰাজচ'ৰাৰ পৰা ৬ খনকৈ গাঁও পদযাত্ৰা কৰি পঞ্চ গোঁসাইক ঐতিহাসিক পূৰণি মায়ঙৰ ৰাজধানী বুঢ়া মায়ঙৰ ভাগৱতী থানলৈ শংখ, ঘণ্টা, উৰুলি আৰু জয় ধ্বনিৰে প্ৰায় ৪ কিলোমিটাৰ পথ আদৰি নিয়া হয় । এই সময়ত প্ৰতিটো পৰিয়ালে পদূলিত তামোল পাণৰ শৰাই লৈ ৰৈ থাকে আৰু ফুলৰ মালা আৰু ধূপ-ধূনাৰে পঞ্চ গোঁসাইক সেৱা জনায় । পদযাত্ৰাৰ শেষত বুঢ়া মায়ঙৰ ভাগৱতী থানতো ৰীতি-নীতি মতে পুনৰ পঞ্চ গোঁসাইক নিৰ্দিষ্ট আসনত উপবিষ্ট কৰাৰ পিছতেই বিভিন্ন সাংস্কৃতিক দলে নৃত্য প্ৰদৰ্শন কৰি ৰজা আৰু ৰাজ পাৰিষদ বৰ্গক স্বাগতম জনায় । ইয়াৰ পিছতেই এখন ৰাজসভা বহে আৰু প্ৰজাৰ সুখ দুখৰ খবৰ লয় ।
লগতে পঢ়ক :

