সোণগুটি চপোৱাৰ সময়তে হাতে হাতে পল'-জাকৈ লৈ ওলাই আহিল গঞা
পৰম্পৰা ৰক্ষা কৰিবলৈ চিতাদাৰৰ দলঙা বিলত কাহিলীপুৱাতে ওলাই আহিল ৰাইজ ।

Published : November 23, 2025 at 8:30 PM IST
মাজুলী : আঘোণৰ সোণোৱলী পথাৰৰ সোণগুটি চপোৱাত ব্য়স্ত দাৱনী । ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে প্ৰতিজন কৃষিজীৱী লোক ব্যস্ত হৈছে সোণগুটি চপোৱাত । আৰম্ভ হৈছে ন-খোৱা পৰ্ব । ৰাজ্য়ৰ আন প্ৰান্তৰ সমান্তৰালকৈ সত্ৰ নগৰীতো শীতৰ আগমণৰ লগে লগে গাঁৱে-গাঁৱে চলিছে সমূহীয়া মাছধৰা পৰ্ব ৷
সোণগুটি চপোৱাৰ ব্যস্ততাৰ মাজতে মাজুলীৰ চিতাদাৰৰ দলঙা বিলত সমূহীয়া মৎস্য চিকাৰৰ উদ্দেশ্যে জাকিমাৰি নামিল শ শ গঞা । হাতে হাতে পল', চালনি, জাকৈ, জুলুকি, জাল লৈ সমূহীয়াকৈ মৎস্য চিকাৰ কৰাৰ উদ্দেশ্যে দেওবাৰৰ দিনটোত মাজুলীৰ চিতাদাৰৰ দলঙা বিলত কাহিলীপুৱাতে ওলাই আহিল কেইবাখনো গাঁৱৰ ৰাইজ ।
আজি বন্ধৰ দিনটোত চিতাদাৰচুকৰ দলঙা বিলৰ চৌপাশে মৎস্য চিকাৰী আৰু এই মাছ ধৰা পৰ্ব চোৱা মানুহৰ ভিৰ ৷ মাছ ধৰাৰ আনন্দত উতলা হৈ পৰিল গঞাৰ মন ৷ পৰম্পৰা অনুসৰিয়েই আঘোণ মাহৰ প্ৰথমটো দেওবাৰে অঞ্চলটোৰ বহু কেইখন গাঁৱৰ লোকে এনেদৰে সমূহীয়া মৎস্য চিকাৰ কৰে । এইসকল মৎস্য চিকাৰীৰ ভিতৰত কোনোৱে খাৱৈ ভৰাই মাছ পাইছে আৰু কোনোৱে কাৱৈ, মোৱা এটাও পোৱা নাই । তথাপি আক্ষেপ নাই কাৰো মনত ৷ উলাহেৰে ৰাইজে পালিছে সম্প্ৰতি আৰু একতাৰ এই পৰম্পৰা ।
মৎস্য চিকাৰৰ এই অনাবিল আনন্দৰ একো একোটা মুহূৰ্ত উপভোগ কৰিলে মৎস্য চিকাৰী সকলৰ লগতে পাৰত থকা লোক সকলে । এই পৰম্পৰা সম্পৰ্কে এগৰাকী স্থানীয় লোকে কয়, "প্ৰতি বছৰে আঘোণ মাহৰ প্ৰথমটো দেওবাৰে অঞ্চলটোৰ বহু কেইখন গাঁৱৰ লোক ওলাই আহে এনেদৰে সমূহীয়া মৎস্য চিকাৰৰ বাবে । আজোককাৰ দিনৰ পৰাই এনেদৰে পৰম্পৰা ৰক্ষা কৰি প্ৰতিবছৰে এনেদৰে সমূহীয়া মৎস্য চিকাৰৰ বাবে সকলো ওলাই আহে । আজি মাছ বেছি পোৱা নাই ।"

