দীপৰ বিলত আৰম্ভ সমূহীয়া মাছ ধৰা উৎসৱ
দীপৰ বিলত 'বিল মাৰা' উৎসৱৰ প্ৰথম দিনাই ক্ৰেতাৰ ভিৰ । পূৰ্বৰ তুলনাত প্ৰায় ৪০ শতাংশ মাছ কমিল ।

Published : January 4, 2026 at 6:37 PM IST
মিৰ্জা: ৰৌ, ভকুৱা, চিতল, বৰালি, বিগহেড, মিৰিকা আদি মাছ কিনিবলৈ পুৱাতেই লাগিল হেতা-ওপৰা । মহানগৰীৰ কাষৰীয়া ঐতিসাহিক দীপৰ বিলত 'বিল মাৰা' উৎসৱৰ এই দিনটোতেই সকলোৱে লোকেল মাছ কিনিবলৈ ভিৰ কৰেহি । ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে এই বিলখনত সমূহীয়া মাছ ধৰা পৰ্ব (যাক স্থানীয় লোকসকলে 'বিল মাৰা' উৎসৱ) পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি আহিছে । স্থানীয় মাছমৰীয়াসকলে আজিৰ এই বিশেষ দিনটোৰ বাবে কৰি থাকে অপেক্ষা ।
পৰম্পৰাগতভাৱে অইন বছৰৰ দৰে এইবেলিও মাছ মৰা উৎসৱ পালন কৰিলে দীপৰ বিলত । একেলগে বিলত মাছ ধৰিলে প্ৰায় দুই হাজাৰৰো অধিক মাছমৰীয়াই । এই বিলত নামিল পাঁচ শতাধিক নাও । হাড় কঁপোৱা শীতৰ পুৱাতেই উৎসৱমুখৰ হৈ পৰিল দীপৰ বিলৰ পাৰ । সকলোৰে হাতে হাতে মাছ । দীপৰ বিলৰ দাঁতি-কাষৰীয়া অঞ্চলৰ মাছমৰীয়া লোকসকলে পূৰ্বৰে পৰা পৰম্পৰাগতভাৱে উৰুকাৰ প্ৰাকমুহূৰ্তত তথা ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে পালন কৰি আহিছে এই 'বিল মাৰা' উৎসৱ ।
৫০০ খনৰো অধিক নাও :
দীপৰ বিলৰ দাঁতিকাষৰীয়া লোকসকলে প্ৰায় মাহযোৰা প্ৰস্তুতিৰে নাও ৰং কৰাকে ধৰি মেৰামতি, বিভিন্ন প্ৰকাৰ মাছ মৰা জাল-জাঙোৰ আদি সকলো সাজু কৰি উলিয়াই আজি বিলত মাৰিলে মাছ । এইবাৰ বিলত একেলগে নামিল প্ৰায় ৫০০ খনৰো অধিক নাও আৰু প্ৰত্যকখন নাওতে দুজন-তিনিজনকৈ মাছমৰীয়া । বিলৰ দাঁতিকাষৰীয়া এই মাছমৰীয়াসকলে এনেদৰে মাছ ধৰিয়ে জীৱিকা নিৰ্বাহ কৰি আছে । এইবাৰ বিলত ৰৌ, ভকুৱা, চিতল, বৰালি, বিগহেড, মিৰিকাকে ধৰি বিভিন্ন মাছৰ পোণাসমূহ মেলি দিছিল । সেই পোণাবোৰ এতিয়া ডাঙৰ হোৱাত এনেদৰে বিলৰ বুকুত মাছ ধৰে লোকসকলে ।
আনুমানিক হিচাপত বিক্ৰী :
পৰম্পৰাগতভাৱে ধৰা এনে মাছবোৰ বিভিন্ন বজাৰত মোকলাই দিয়ে যদিও বিলৰ পাৰত কোনো ওজন নোহোৱাকৈ আনুমানিক হিচাপে বিক্ৰী কৰে । যাৰ বাবে বিলৰ পাৰত অসংখ্যা গ্ৰাহকৰ সমাগম ঘটে । মাছ ল'বলৈ বিলত পাৰত পুৱাই উপস্থিত হয় বিভিন্ন প্ৰান্তৰ লোক । কোনোবাই যদি ৭ ঘণ্টা, কোনোবাই ৫ ঘণ্টা ৰৈ ক্ৰয় কৰিছে মাছ ।
৮২৫ টা মাছমৰীয়া পৰিয়ালৰ সপোন :
এই সন্দৰ্ভত সমিতিৰ উপদেষ্টাদ্বয় ক্ৰমে প্ৰদীপ দাস আৰু নীৰেন চন্দ্ৰ দাস, সভাপতি গোলক দাস আৰু সম্পাদক গোলক দাসে কয়, "জন্মলগ্নৰে পৰা সমিতিখনে বিলৰ লগতে বৃহত্তৰ আজাৰা অঞ্চলৰ মাছমৰীয়াসকলৰ উন্নয়নৰ বাবে কাম কৰি আহিছে, যাতে বিলখনত প্ৰদূষণমুক্ত পৰিবেশ সংৰক্ষিত হৈ থকাৰ লগতে যুগ যুগ ধৰি বিলত পৰম্পৰাগতভাৱে চলি থকা মাছ ধৰা অধিকাৰ অক্ষুণ্ণ হৈ থাকে । কিয়নো বৃহত্তৰ আজাৰা অঞ্চলৰ কেওটপাৰা মেধিপাৰা, হীৰাপাৰা, হাতুৱাপাৰা, নোৱাপাৰা, মাটিয়া, নতুনবস্তি, বৰবৰী আদি গাঁও কেইখনৰ অনুসূচিত জাতিৰ প্ৰায় ৮২৫ টা মাছমৰীয়া পৰিয়ালে যুগ যুগ ধৰি দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি আহিছে । এই পৰিয়ালসমূহৰ কল্যাণৰ বাবে গঠন হোৱা সমিতিখনে প্ৰতি বছৰে বাৰিষাৰ সময়ত শাওন মাহত দীপৰ বিলত বিভিন্ন প্ৰজাতিৰ মাছৰ পোণা এৰি দিয়ে । তাৰ ছমাহ পাছতহে দীপৰ বিলত ইংৰাজী নতুন বছৰৰ প্ৰথমটো দেওবাৰত যাবতীয় ৰীতি-নীতিৰে পূজা-অৰ্চনা কৰি বিলত মাছ ধৰা পৰ্ব আৰম্ভ হয় । এই পৰ্ব কেৱল খৰালিৰ দিনকেইটাত চলি থাকে । সমিতিখনে মাছৰ পোণা এৰি দিয়াৰ পৰা আৰম্ভ কৰি বিলৰ উন্নয়নৰ যাবতীয় কাম-কাজসমূহ সম্পন্ন কৰাৰ বাবে ৰচিদৰ বিপৰীতে বছৰেকত মাত্ৰ ৫০০ টকাকৈ সংগ্ৰহ কৰে ।"
এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্য়ক্তিয়ে কয়, "মাছ ধৰাটো আমাৰ বছৰেকীয়া পৰম্পৰা আৰু ইয়াক বিল মাৰা বুলি কয় । খুবেই ভাল লাগে । আন ঠাইৰ পৰাও মানুহ আহে । ইয়াত মানুহৰ ভিৰ চাই ভাল লাগে ।" আনহাতে মাছ ধৰা পৰ্ব উপলক্ষে দীপৰ বিলৰ কিছু নিলগত থকা শ্ৰীকৃষ্ণ মন্দিৰত কালি বিয়লি স্থানীয় আয়তীসকলে নাম-প্ৰসংগ পৰিৱেশন কৰে ।
বিলত আন প্ৰজাতিৰ তুলনাত ঘাইকৈ ৰৌ, ভকুৱা, বৰালি জালত পৰিছে যদিও এইবেলি পূৰ্বৰ বৰ্ষসমূহৰ তুলনাত প্ৰায় ৪০ শতাংশৰো অধিক মাছ কমকৈ পৰিছে । যাৰ বাবে মাছমৰীয়াসকলৰ মাজত হতাশাৰ সৃষ্টি হোৱাৰ লগতে পূৰ্বৰ তুলনাত গ্ৰাহকে অধিক ধন ভৰি মাছ ক্ৰয় কৰিবলগীয়া হৈছে । এই সমূহীয়া মাছ ধৰা পৰ্ব আগন্তক মাঘ বিহুৰ উৰুকাৰ সময়লৈকে অব্যাহত থাকিব বুলি দীপৰ বিল পাছপাৰা সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিছে ।

