ETV Bharat / state

কাতি বিহুৰ দিনা ৰজাদিনীয়া পৰম্পৰা ৰক্ষাৰ চেষ্টা ডিমৰীয়াবাসীৰ

ডিমৰীয়াবাসীয়ে কাতি বিহুক কঙালী হিচাপে নহয় ভোগালী হিচাপেহে পালন কৰে ! পুৱা পৰম্পৰাগত সমূহীয়া মৎস্য চিকাৰ শ শ লোকৰ ।

community fishing
কাতি বিহুৰ দিনা ৰজাদিনীয়া পৰম্পৰা ৰক্ষাৰ চেষ্টা ডিমৰীয়াবাসীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 18, 2025 at 3:28 PM IST

2 Min Read
Choose ETV Bharat

ডিমৰীয়া: আজি অসমীয়া বাপতিসাহোন কাতি বিহু । ৰাজ্যজুৰি প্ৰতিগৰাকী অসমীয়াই কাতি বিহু পালন কৰিছে । কাতি বিহুক কঙালী বুলিও কোৱা হয় যদিও ডিমৰীয়াবাসীৰ কাতি বিহু কিছু ব্যতিক্ৰম । তেওঁলোকে কাতি বিহুৰ দিনটোত ৰজাদিনীয়া এক পৰম্পৰা ৰক্ষা কৰে ।

সেই অনুসৰি পুৱাই মৎস্য চিকাৰৰ বাবে ওলাই আহিল শ শ পুৰুষ-মহিলা । ৰজাৰ উপস্থিতিত ৰাইজে লালিলাং গীত পৰিৱেশন কৰি বিলসমূহত মাছ ধৰে ।

কাতি বিহু উপলক্ষে ডিমৰীয়াত সমূহীয়া মৎস্য চিকাৰ (ETV Bharat)

স্থানীয় লোকৰ মতে মধ্য যুগৰ পৰা চলি অহা এই মৎস্য চিকাৰ পৰম্পৰা হৈছে ডিমৰীয়াৰ পৰম্পৰাগত সংস্কৃতি । সচৰাচৰ এই পৰম্পৰা দেখা যায় মাঘ বিহুৰ উৰুকাৰ দিনা । কাতি বিহুত এনে দৃশ্য দেখা নাযায় । তথাপিও কঙালীৰ দিনত ৰঙালী মন এটা লৈ ৰাইজে ডিমৰীয়াৰ নিৰ্দিষ্ট কেইখনমান বিলত ভোগালী বিহুৰ দৰে মৎস্য চিকাৰ কৰে ।

community fishing
কাতি বিহু উপলক্ষে ডিমৰীয়াত সমূহীয়া মৎস্য চিকাৰ (ETV Bharat)

প্ৰতি বছৰৰ দৰে এইবাৰো পুৱাই ৰাইজ একত্ৰিত হৈ আৰু জাল-জুলুকি আদি মৎস্য চিকাৰৰ বিভিন্ন সঁজুলি লৈ বিলৰ পানীত নামে । ডিমৰীয়াৰ ডিগাৰুৰ গাতুৱা বিলত শ শ লোকে সমূহীয়া মৎস্য চিকাৰ পৰ্বত অংশগ্ৰহণ কৰে । কোনোবাই ডাঙৰ, কোনোবাই সৰু, আন কোনোবাই আকৌ খালী হাতেই ঘৰলৈ উভতিছে । কিন্তু কোনো দুখ বা আক্ষেপ নাই ।

community fishing
কাতি বিহু উপলক্ষে ডিমৰীয়াত সমূহীয়া মৎস্য চিকাৰ (ETV Bharat)

বছৰৰ এটা দিনত একেলগে মৎস্য চিকাৰৰ জৰিয়তে তেওঁলোকে কেৱল সমন্বয়ৰ বাৰ্তা দিব বিচাৰে । সমূহীয়া মৎস্য চিকাৰত অংশগ্ৰহণ কৰি এগৰাকী স্থানীয় লোকে কয়, "এয়া আমাৰ ৰজাদিনীয়া পৰম্পৰা । কাতি বিহুৰ দিনা আমি সমূহীয়াকৈ মৎস্য চিকাৰ কৰো । এই পৰম্পৰা কেতিয়া আৰম্ভ হৈছিল আমিও নাজানো ।"

community fishing
ৰজাদিনীয়া পৰম্পৰা ৰক্ষা কৰি সমূহীয়া মৎস্য চিকাৰ (ETV Bharat)

তেওঁ লগতে কয়, "কাতি বিহুক অসমীয়াই কঙালী হিচাপে পালন কৰে । কঙালী যদিও আমি ভোগালী বুলিয়েই ধৰি লৈছো । বিলত মাছ মাৰি ভোজ ভাত খাওঁ, কেতিয়াবা আকৌ বিলৰ পাৰতে মাছ পুৰি খাঁও…ইয়াৰ আমেজেই সুকীয়া । আমি আমাৰ পৰম্পৰা জীয়াই ৰাখিছো আৰু সদায় জীয়াই ৰাখিম ।" অৱশ্যে এইবাৰ বতৰৰ তাৰতম্যৰ বাবে মাছ কমকৈ পাইছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :জুবিনবিহীন প্ৰথমটো কাতি বিহু; প্ৰিয় শিল্পীগৰাকীৰ বাবেও জ্বলাইছে বন্তি