ETV Bharat / state

লুইতৰ বুকুত জিলিকি উঠা সূৰ্যাস্তৰ সৌন্দৰ্যত বিমুগ্ধ ইউৰোপৰ ভূ-স্বৰ্গৰ পৰ্যটক

চুইজাৰলেণ্ডৰ পৰ্যটকে ক'লে মাজুলী হেনো ভূ-স্বৰ্গ । মাজুলীবাসীৰ সৰলতা আৰু আতিথ্যই মোহিলে পৰ্যটকক ।

Beautyful sunset over Brahmaputra in Majuli
ব্ৰহ্মপুত্ৰৰ বুকুত জিলিকি উঠা সূৰ্যাস্তৰ দৃশ্য় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 30, 2025 at 10:48 AM IST

2 Min Read
Choose ETV Bharat

মাজুলী : সত্ৰনগৰী মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ লগতে আচাৰ-ব্যৱহাৰ, প্ৰকৃতিৰ মনোৰম দৃশ্য়ই বছৰৰ সকলো সময়তেই হাতবাউলি মাতে দেশী-বিদেশী পৰ্যটকক । মাজুলীত সূৰ্যোদয় আৰু সূৰ্যাস্তৰ মনোমোহা দৃশ্য়ই যেন নদীদ্বীপটোক দিয়ে এক অন্য়ৰূপ । সেয়েহে এই অনন্য় ৰূপ পান কৰাৰ পিচতো ক্ষুধাতুৰ হৈ থাকে সৌন্দৰ্য পিপাসুসকল ।

পুৰণিক বিদায় দি নতুনক আদৰিবলৈ এতিয়া সকলো সাজু । দুদিনৰ পাছত আমাৰ পৰা হেৰাই যাব আৰু এটা বছৰ । বছৰৰ শেষত লগে ভাগে এসাজ খাবলৈ নদীৰ পাৰত দেখা গৈছে বনভোজকাৰীৰ দল । হাঁহি-ধেমালিৰ মাজেৰে যেন সকলোৱে বিদায় দিবলৈ বিচাৰিছে এই বছৰটো । ইয়াৰ মাজতেই বছৰৰ শেষৰ সময়ত কমলাবাৰী ঘাটত সূৰ্যাস্তৰ দৃশ্য উপভোগ কৰিবলৈ আহিল চুইজাৰলেণ্ডৰ পৰ্যটকৰ দল ।

মাজুলীত সূৰ্যাস্তৰ সৌন্দৰ্য উপভোগ চুইজাৰলেণ্ডৰ পৰ্যটকৰ (ETV Bharat Assam)

সূৰ্যাস্তৰ ৰং যেতিয়া ব্ৰহ্মপুত্ৰৰ পানীত বিয়পি পৰে তেতিয়া ভাষা আৰু দেশৰ সীমা হেৰাই যায় ইয়াৰ সৌন্দৰ্যই । সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা তেওঁলোক আহিছে প্ৰকৃতিৰ সন্ধানত । ইউৰোপৰ ভূ-স্বৰ্গ চুইজাৰলেণ্ডৰ বাসিন্দা হৈও তেওঁলোক আজি মন্ত্ৰমুগ্ধ অসমৰ সেউজীয়া আৰু ব্ৰহ্মপুত্ৰৰ বিশালতাত । ২০২৫ বৰ্ষৰ বিদায় ক্ষণত সত্ৰনগৰী মাজুলীৰ বালিচৰত এইদৰেই দেখা গ’ল বিদেশী পৰ্যটকৰ এক নান্দনিক দৃশ্য ।

tourist mesmerized by the beauty of the sunset over the Brahmaputra
মাজুলীবাসীৰ সৰলতা আৰু আতিথ্যই মোহিলে চুইজাৰলেণ্ডৰ পৰ্যটকক (ETV Bharat Assam)

তেওঁলোকৰ মতে, মাজুলী ভূ-স্বৰ্গ । ব্ৰহ্মপুত্ৰৰ বুকুত জিলিকি উঠা সূৰ্যাস্তই যেন পাহৰাই পেলালে তেওঁলোকৰ দেশৰ সৌন্দৰ্যকো । কেৱল প্ৰকৃতিয়েই নহয়, মাজুলীবাসীৰ সৰলতা আৰু আতিথ্যই তেওঁলোকৰ হৃদয় জিনিলে ।

Beautyful sunset over Brahmaputra in Majuli
লুইতৰ বুকুত সূৰ্যাস্তৰ মনোৰম দৃশ্য় (ETV Bharat Assam)

পৰ্যটকসকলে ক’লে, "আমি বৰ সুখী, অসম সঁচাকৈয়ে ধুনীয়া । আমি ইয়াত উপস্থিত হৈ বৰ সুখী অনুভৱ কৰিছো । ঠাইখন বৰ ধুনীয়া । আমি সূৰ্যাস্ত চাবলৈ আহিছিলো আৰু ই সঁচাকৈয়ে মনোৰম । ইয়াৰ মানুহবোৰ বৰ মৰমিয়াল আৰু বন্ধুসুলভ । আমি নতুন বছৰটো কাজিৰঙাত উদযাপন কৰিম আৰু হয়তো অহা বছৰ আকৌ অসমলৈ আহিম ।"

tourist mesmerized by the beauty of the sunset over the Brahmaputra
মাজুলীত সূৰ্যাস্তৰ সৌন্দৰ্য উপভোগ চুইজাৰলেণ্ডৰ পৰ্যটকৰ (ETV Bharat Assam)

লগতে পঢ়ক:সত্ৰ নগৰীৰ প্ৰেমত পৰ্যটক: কিয় বাৰে বাৰে আকৰ্ষিত হয় মাজুলীলৈ ?

কানাডা, অষ্ট্ৰেলিয়া, ছাইবেৰিয়াৰ পৰা আলহী আহিছে... তৎ নাই মাজুলীবাসীৰ