ETV Bharat / state

কাজিৰঙাত চাহৰ সোৱাদ লৈ অভিভূত ১১খন দেশৰ পৰ্যটন প্ৰতিনিধি

হাতীখুলি চাহ বাগিচাত কম্বোডিয়া, লাউচ, ভিয়েটনাম, ম্যানমাৰ, মালয়েছিয়া, থাইলেণ্ড, ফিলিপাইনছৰ পৰ্যটক ।

Foreign Tourist in Kaziranga
কাজিৰঙাত বিদেশী পৰ্যটকে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 16, 2025 at 4:24 PM IST

3 Min Read
Choose ETV Bharat

কাজিৰঙা: কাজিৰঙাত উৎপাদিত বিভিন্ন প্ৰকাৰৰ চাহৰ সোৱাদ লৈ অভিভূত দক্ষিণ-পূব এছিয়াৰ ১১খন দেশৰ পৰ্যটন প্ৰতিনিধি ৷ হাতীখুলি চাহ বাগিচাত উপস্থিত হৈ পৰিদৰ্শন কৰিলে চাহপাত আৰু জালুক প্ৰস্তুত প্ৰক্ৰিয়া ৷

কাজিৰঙাত হাতীখুলি চাহ বাগিচা দৰ্শন কৰিলে বিদেশী পৰ্যটন প্ৰতিনিধিৰ দলে ৷ কাজিৰঙাত উপস্থিত হোৱা দক্ষিণ-পূব এছিয়াৰ কেইবাখনো দেশৰ পৰ্যটন প্ৰতিনিধিৰ ৪৭ জনীয়া দলটোৱে দেওবাৰে বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰদৰ্শন কৰাৰ পাছত সোমবাৰে দিনৰ ভাগত হাতীখুলি চাহ বাগিচাত উপস্থিত হয় ৷ হাতীখুলি চাহ বাগিচাৰ কাৰখানাত উপস্থিত হৈ দলটোৱে বাগিচাখনৰ মুখ্য পৰিচালক মিত্ৰভানু দাসৰ তত্বাৱধানত চাহপাত উৎপাদনৰ সমগ্ৰ প্ৰক্ৰিয়াৰ লগতে জালুক উৎপাদন সম্পৰ্কেও অৱগত হয় ৷ বাগিচাৰ পৰা চাহপাত তুলি কাৰখানালৈ আনি পৰ্যায়ক্ৰমে কিদৰে খোৱাৰ উপযোগীকৈ তৈয়াৰ কৰা হয় সেই প্ৰণালী বিতংকৈ প্ৰদৰ্শন কৰা বুলি কয় বাগিচাৰ মুখ্য পৰিচালক মিত্ৰভানু দাসে ।

কাজিৰঙাত চাহৰ সোৱাদ ল'লে বিদেশী পৰ্যটকে (ETV Bharat Assam)

এই সন্দৰ্ভত তেওঁ কয়, “প্ৰতিটো প্ৰণালী, মেনুফেকচাৰ, পাত তোলাৰ পৰা কেনেকৈ ড্ৰাফত থয়, ৱেদাৰিং কৰে এইখিনি দেখুৱাই লগতে আমি তেওঁলোকক এটা সুবিধা দিছিলো কিদৰে ‘টী টেষ্টিং’ কৰে ৷ বাগিচা কৰ্তৃপক্ষৰ তৰফৰ পৰা দলটোক অৰ্থ’ডক্স চাহপাত, গাখীৰ চাহ খোৱা চাহপাত, ব্লেক টী আদি বিভিন্ন চাহৰ সোৱাদ লোৱাৰ ব্যৱস্থা কৰি দিলো ৷" বাগিচাৰ মুখ্য পৰিচালক দাসে কয়, “কোনটো অৰ্থ’ড’ক্স চাহপাত, কোনটো গাখীৰ চাহ খোৱা চাহপাত, কোনটো লাল চাহ খোৱা চাহপাত সেই সম্পৰ্কেও তেওঁলোকক বুজোৱা হয় ৷ তেওঁলোকে ‘টী টেষ্টিং’ কৰিলে ৷”

Foreign Tourist in Kaziranga
কাজিৰঙাত বিদেশী পৰ্যটক (ETV Bharat Assam)

হাতীখুলি চাহ বাগিচাই চাহৰ লগতে জালুকো উৎপাদন কৰে বুলি জানিবলৈ দি দাসে পুনৰ কয়, “আমি চাহৰ লগতে জালুক উৎপাদনো কৰো ৷ তাৰ প্ৰণালী, সেউজীয়া জালুকৰ পৰা ক’লা জালুক কেনেদৰে বনাওঁ সেইখিনিও দেখুৱালো ৷” হাতীখুলি চাহ বাগিচা পৰদৰ্শন কৰি বিদেশী পৰ্যটন প্ৰতিনিধিৰ দলটো উৎফুল্লিত হোৱা বুলিও প্ৰকাশ কৰি দাসে এটা বিদেশী পৰ্যটন প্ৰতিনিধি দলক আতিথ্য প্ৰদান কৰিবলৈ দিয়া সুবিধাৰ বাবে আছাম ট্যুৰিজিম ডেভেল'পমেণ্ট ক’ৰ্পৰেশ্য়নৰ পৰিচালন সঞ্চালক পদ্মপানি বৰাক ধন্যবাদ জ্ঞাপন কৰে ৷

Foreign Tourist in Kaziranga
কাজিৰঙাত চাহৰ সোৱাদ ল'লে বিদেশী পৰ্যটকে (ETV Bharat Assam)
Foreign Tourist in Kaziranga
কাজিৰঙাত চাহৰ সোৱাদ ল'লে বিদেশী পৰ্যটকে (ETV Bharat Assam)

উল্লেখ্য যে ১২ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰ পৰ্যন্ত গুৱাহাটী আৰু দিল্লীত আয়োজিত এছিয়ান-ইণ্ডিয়া ট্যুৰিজম প্ৰফেচনেলছ এক্সচেঞ্জ প্ৰগ্ৰাম-২০২৫ত অংশ ল’বলৈ আহিছে প্ৰতিনিধি দলটো ৷ দেওবাৰে, বিয়লি উপস্থিত হোৱা ৪৭ জনীয়া প্ৰতিনিধি দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত জীপ ছাফাৰী কৰে ৷ কম্বোডিয়া, লাউচ, ভিয়েটনাম, ম্যানমাৰ, মালয়েছিয়া, থাইলেণ্ড, ফিলিপাইনছ আদি দক্ষিণ পূব এচিয়াৰ বিভিন্ন দেশৰ ৩৬ গৰাকী বিদেশী আৰু ১১ গৰাকী দেশীয় পৰ্যটন প্ৰতিনিধিয়ে উদ্যানৰ সৌন্দৰ্য উপভোগ কৰাৰ পাছত সোমবাৰে হাতীখুলি চাহ বাগিচা দৰ্শন কৰি বিয়লি গুৱাহাটীলৈ বুলি উভতি যায় ৷

লগতে পঢ়ক: গুৱাহাটী বিমানবন্দৰৰ উদ্বোধনী অনুষ্ঠান: ৭০ হাজাৰ লোকক সম্বোধন, গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে