ETV Bharat / state

চৰকাৰে কিয় জনজাতিৰ মৰ্যাদা দিব বিচাৰিছে ? জনজাতিকৰণৰ বিৰোধিতাৰে ৰাজ্যত প্ৰতিবাদ

জনজাতিকৰণৰ বিৰোধিতাৰে গৰজি উঠিছে এবছু । ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ ।

ABSU urged govt Six communities of Assam should not be granted the status of scheduled tribes
জনজাতিকৰণৰ বিৰোধিতাৰে গৰজি উঠিছে এবছু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 28, 2025 at 8:30 AM IST

5 Min Read
Choose ETV Bharat

চিৰাং/কোকৰাঝাৰ/ বাক্সা : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী আৰু আন্দোলনৰ ফলশ্ৰুতিত ৰাজ্য চৰকাৰে জনজাতিকৰণৰ দিশে লোৱা গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ পিছতেই এতিয়া গৰজি উঠিছে নিখিল বড়ো ছাত্ৰ সন্থা তথা চমুকৈ এবছু । ইয়াৰ বিৰোধিতাৰে প্ৰান্তে প্ৰান্তে সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত ধাৰাবাহিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সময়তে চিৰাং জিলা সদৰ কাজলগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন জনজাতীয় দল-সংগঠনৰ সহযোগত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে জোঁৰ সমদল ৰূপায়ণ কৰে ।

জনজাতিকৰণৰ বিৰোধিতাৰে গৰজি উঠিছে এবছু (ETV Bharat Assam)

জোঁৰ সমদলত অংশগ্ৰহণ কৰা প্ৰতিবাদীসকলে জনজাতি ঐক্য জিন্দাবাদ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক, আমাৰ অস্তিত্ব ৰক্ষা কৰক, জনজাতি বিৰোধী চৰকাৰ নচলিব আদি শ্ল'গান দি চিৰাং জিলা সদৰ কাজলগাঁও অঞ্চলৰ আকাশ-বতাহ কঁপাই তোলে ।

জনজাতিৰ অধিকাৰ, পৰিচয় আৰু ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ আমি অব্যাহত ৰাখিম বুলি হুংকাৰ দিয়ে সংগঠনৰ কৰ্মীসকলে, অন্যথা ইয়াতকৈও জংগী আন্দোলন কাৰ্যসূচীৰ হাতত ল'বলৈ বাধ্য বুলি মন্তব্য কৰে এবছুৰ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে ।

ABSU urged govt Six communities of Assam should not be granted the status of scheduled tribes
ওলাই আহিল অজস্ৰ লোক (ETV Bharat Assam)

বসুমতাৰীয়ে কয়, "এই কাৰ্যসূচীটো আমি এই কাৰণেই লৈছো যে অসম চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰাৰ বাবে কেবিনেট সিদ্ধান্ত লৈছে আৰু বিধানসভাত অনুমোদন দিয়াৰ প্ৰক্ৰিয়া হাতত লৈছে । যি সিদ্ধান্তই আমাৰ ক্ষতি কৰিব, আমাৰ পূৰ্বৰ জনজাতিসকলৰ বাবে বিপদ আনিব । সেয়ে আমি চৰকাৰক সকীয়াই দিবৰ বাবে এই কাৰ্যসূচী লৈছো । অতি শীঘ্ৰেই এই সিদ্ধান্ত বাতিল কৰিব লাগে । তেওঁলোকে পূৰ্বৰ জনজাতিসকলক বঞ্চিত কৰি নতুনকৈ কাৰোবাক জনজাতিৰ মৰ্যাদা দিয়াটো কোনো গণতান্ত্ৰিক দেশত গ্ৰহণযোগ্য নহয় । যিবোৰ জাতি সকলো দিশৰ পৰা উন্নত তেওঁলোকক কিয় জনজাতিৰ মৰ্যাদা দিব বিচাৰিছে, সেইটো কেতিয়াও সহ্য কৰিব নোৱাৰো ।"

এবছুৰ প্ৰতিবাদত উত্তাল কোকৰাঝাৰ:

বৃহস্পতিবাৰে সন্ধিয়া কোকৰাঝাৰ চহৰৰ বডোফা শিশু উদ্যানৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে জনজাতীয় সমন্বয়ৰক্ষী সমিতি অসম, গাৰো ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, ট্ৰাইবেল সংঘকে ধৰি কেবাটাও জনজাতীয় সংগঠনৰ সহস্ৰাধিক সদস্যই জোঁৰলৈ প্ৰতিবাদী সমদল উলিয়ায় ৷ অসম চৰকাৰ হায় হায়, জনজাতি বিৰোধী হুছিয়াৰ, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত বাতিল কৰক, হিমন্ত বিশ্ব শৰ্মা গ’ বেক ইত্যাদি শ্ল’গান দি, বেনাৰলৈ পৰিৱেশ উত্তাল কৰি তোলে ৷

ABSU urged govt Six communities of Assam should not be granted the status of scheduled tribes
কোকৰাঝাৰত জোঁৰ সমদল (ETV Bharat Assam)

প্ৰতিবাদী সমদলকাৰীসকলে কোকৰাঝাৰ চহৰৰ দৈমালু ৰোড হৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত তেওঁলোকৰ কাৰ্যসূচীৰ সামৰণি পেলায় । এবছুৰ উপ-সভাপতি খৗৰৗমদাও ওৱাৰীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত কয়, "বৰ্তমান বিধানসভাৰ শীতকালীন অধিৱেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে প্ৰতিবেদন গ্ৰহণ কৰি জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে বিধেয়ক গৃহীত কৰিবলৈ কৰা কাৰ্যক কোনোপধ্যেই মানি লোৱা নহ’ব ৷ অসমত বসবাস কৰা ১৪ টা জনজাতিক নস্যাৎ কৰি অন্যান্য ছয়টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিবলৈ ওলোৱা কাৰ্যক কোনোপধ্যেই মানি ল’ব নোৱাৰে ৷"

তেওঁ পুনৰ কয়, "অসমত জনজাতি হিচাবে মাত্ৰ ১০% সংৰক্ষিত আৰু ভাৰতবৰ্ষত ৭.৫% হে সংৰক্ষিত ৷ কিন্তু অসমত ১৪ টা জনজাতি জনগোষ্ঠীৰ উপৰিও ছয়টা জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিয়ে তেনেহ’লে অসমত বসবাস কৰা সকলোৰ কাৰ জনসংখ্যা কিমান চৰকাৰে ভালদৰে জানে ৷ ডেৰ কোটিৰ পৰা দুই কোটি জনসংখ্যা থকা ছয়টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে আমি ৫০ লাখতকৈও কম জনসংখ্যা থকা বৰ্তমানৰ ১৪ টা জনজাতিৰ কোনো অস্তিত্বই নাথাকিব ৷"

আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি বডোলেণ্ড বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা, চিচিটিঅ'এ আৰু বিশ্ববিদ্যালয়ৰ জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলে বৃহস্পতিবাৰে পাঁচ ঘণ্টীয়া প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কোকৰাঝাৰৰ দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি ছাত্ৰ ছাত্ৰীৰ বিক্ষোভ-ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত উত্তাল হৈ পৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ ৷

ABSU urged govt Six communities of Assam should not be granted the status of scheduled tribes
হাতে হাতে জোঁৰ, মুখত জনজাতিকৰণৰ বিৰুদ্ধে শ্ল'গান (ETV Bharat Assam)

আনকি এই বিক্ষোভ কাৰ্যসূচীৰ বাবে স্নাতকোত্তৰ তৃতীয় ষান্মাষিক আৰু স্নাতকৰ তৃতীয় ষাণ্মাসিকৰ চলি থকা চূড়ান্ত পৰীক্ষা বাতিল হোৱাত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় পৰীক্ষাৰ্থীৰ মাজত ৷ বডোলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত বড়োলেণ্ড বিশ্ববিদ্যালয়ত চলি থকা স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিকৰ আৰু স্নাতকৰ তৃতীয় ষাণ্মাসিকৰ চূড়ান্ত পৰীক্ষা বাতিল হয় ৷

ইয়াৰ লগে লগে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত থকা ৪৮ খন মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষাণ্মাসিকৰ চূড়ান্ত পৰীক্ষা বাতিল হয় ৷ অহা ১১ ডিচেম্বৰত পুনৰ নিৰ্ধাৰিত সময়ত পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব বুলি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপ-পৰীক্ষা নিয়ন্ত্ৰক বিৰফুং নাৰ্জাৰীয়ে জানিবলৈ দিয়ে ৷

বাক্সাৰ মুছলপুৰত প্ৰতিবাদ :

বৃহস্পতিবাৰে মুছলপুৰত কেবাটাও জনগোষ্ঠীয় দল-সংগঠনে এক বিশাল জোঁৰ সমদল উলিয়ায় । বাক্সা জিলা বড়ো ছাত্ৰ সন্থা, বাক্সা জিলা বড়ো সাহিত্য সভা, বাক্সা জিলা ট্ৰাইবেল সংঘ, বাক্সা জিলা মদাহি-কছাৰী ছাত্ৰ সন্থা, শালবাৰী জিলা বড়ো ছাত্ৰ সন্থা, শালবাৰী জিলা বড়ো সাহিত্য সভা আৰু যৌথ উদ্যোগত উলিওৱা হয় এই প্ৰতিবাদ ।

ABSU urged govt Six communities of Assam should not be granted the status of scheduled tribes
ওলাই আহিল মহিলাসকলো (ETV Bharat Assam)

কেন্দ্ৰীয় এবছুৰ উপ সভাপতি উমেশ দৈমাৰীয়ে কয়, ‘‘ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত অসম চৰকাৰে কেবিনেটত গ্ৰহণ কৰি কেন্দ্ৰলৈ অনুমোদৰ বাবে পঠিয়াই দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছো ৷ অসমত থকা ৪৫ লাখ জনজাতিক নস্যাৎ কৰি অসম চৰকাৰে যি বিল আনিব বিচাৰিছে আমি ইয়াক সম্পূৰ্ণ বিৰোধিতা কৰিম ৷’’

লগতে পঢ়ক: স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন : সদনত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু

ৰাজ্যত নতুনকৈ খোলা নহয় বি এড কলেজ, আৰম্ভ চাৰি বছৰীয়া ITEP পাঠ্যক্ৰম : সদনত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু