ETV Bharat / state

ভাৰত-ভূটান সীমান্ত পৰিদৰ্শন এছএছবিৰ শীৰ্ষ বিষয়াৰ

এছএছবিৰ শীৰ্ষ বিষয়াই পৰিদৰ্শন কৰে ভাৰত-ভূটান সীমান্ত অঞ্চল ৷ লগতে বিগত দুদিন ধৰি এছএছবিৰ শীৰ্ষ বিষয়াই পৰ্যালোচনা কৰিছে সীমান্ত অঞ্চলক লৈ ৷

SSB official reviews security along India Bhutan border
ভাৰত ভূটান সীমান্ত পৰিদৰ্শন এছএছবিৰ শীৰ্ষ বিষয়াৰ (Dhubri Police X)
author img

By PTI

Published : August 28, 2026 at 9:21 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰত-ভূটান সীমান্তৰ নিৰাপত্তা ব্যৱস্থাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে সশস্ত্র সীমা বল চমুকৈ এছএছবিৰ এগৰাকী শীৰ্ষ বিষয়াই ৷ শুকুৰবাৰে এক বিবৃতিত কোৱা হৈছে যে অসমৰ তামুলপুৰ আৰু ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত বিগত দুদিন ধৰি এছএছবিৰ এগৰাকী শীৰ্ষ বিষয়াই পৰ্যালোচনা কৰিছে ৷

বৃহস্পতিবাৰৰ পৰা সীমান্ত মুখ্য কাৰ্যালয়ৰ (গুৱাহাটী) মহাপৰিদৰ্শক সুধীৰ ভাৰ্মাই ৰঙিয়াৰ এছএছবিৰ ২৪ নং বেটেলিয়নৰ কমাণ্ডেণ্ট এইচ কে গুপ্তাৰ সৈতে তামুলপুৰ আৰু ওদালগুৰি জিলা দুখনৰ বিভিন্ন সীমান্ত আউটপোষ্ট পৰিদৰ্শন কৰে ।

সীমান্ত সুৰক্ষাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত ভাৰ্মাই বিষয়া আৰু কৰ্মীসকলক সম্বোধন কৰে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে । গুৱাবাৰী আৰু বিমলানগৰ সীমান্তৰ আউটপোষ্টত গছপুলি ৰোপণ অভিযানতো অংশগ্ৰহণ কৰি আৰু স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে ৷ ইয়াৰ উপৰিও তেওঁ গুৱাবাৰী সীমান্ত আউটপোষ্টত বিষয়া আৰু কৰ্মীসকলৰ বাবে তিনিটা নতুনকৈ নিৰ্মাণ কৰা বাসস্থানৰ ইউনিট উদ্বোধন কৰে ৷

উল্লেখ্য যে, ভাৰত-ভূটান সীমান্ত ৬৯৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভিতৰত অসমে ২৬৭ কিলোমিটাৰ ভূটানৰ সীমাৰ সৈতে শ্বেয়াৰ কৰে ৷ যাৰ বাবে নিৰাপত্তা ব্যৱস্থাটোক লৈ অধিক তৎপৰ হৈছে ৷ ইফালে ভাৰত-ভূটান উন্নয়ন সহযোগিতাৰ বাবে টিআইডি সহায়(পিটিএ) প্ৰকল্প, উচ্চ প্ৰভাৱ সম্প্ৰদায় উন্নয়ন প্ৰকল্প(এইচআইচিডিপি), অৰ্থনৈতিক উদ্দীপক কাৰ্যসূচী(ইএছপি) আৰু কাৰ্যসূচী অনুদান অন্যতম ।

‘প্ৰজেক্ট টাইড এচিষ্টেন্স’ হৈছে দ্বি-পাক্ষিক আৰ্থিক সাহায্যৰ এক প্ৰকাৰ, য’ত নিৰ্দিষ্ট পৰিমাণৰ ধন, পূৰ্ব সন্মত উন্নয়ন প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰা থাকে । আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, কৃষি, নগৰীয়া সুবিধা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে খণ্ডসমূহ সামৰি মুঠ ৩৩২ কোটি টকা ব্যয়ৰ বাৰটা নতুন প্ৰকল্পৰ অনুমোদন কৰা হৈছে ।

লগতে পঢ়ক:নেপালৰ বান : আজিও সন্ধান নাই লাংহিঙৰ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰীৰ