কাৰ হাতলৈ আহিব টকা, পদোন্নতিৰ সম্ভাৱনা কাৰ, কোনে হতাশাত ভুগিব পাৰে ? চাওক আজিৰ ৰাশিফল
কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো অতি আনন্দময়, কোনে কষ্ট কৰিও লাভ নকৰিব উচিত ফল...কেনে যাব আপোনাৰ আজিৰ দিনটো, চাওক দৈনিক ৰাশিফল-

দৈনিক ৰাশিফল (ETV Bharat)

Published : May 25, 2026 at 7:12 AM IST
- মেষ ৰাশি: আপোনাৰ আজিৰ দিনটো প্ৰায় ভাল হʼব ৷ কর্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ’লেও আনন্দিত হ’ব ৷ ওপৰৱালাৰ প্ৰশংসা লাভ কৰিব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত৷ পৰিয়ালৰ প্ৰতি মনোযোগ দিয়ক ৷ আপোনাৰ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব পাৰে ৷
- বৃষ ৰাশি: মেনেজাৰ আৰু প্ৰশাসক হিচাপে কৰ্মৰতসকলে অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ আজি আপুনি প্ৰায় সফল হʼব ৷ আজি আপুনি নিবিচৰাকৈয়ে কিছুমান পৰামর্শ লাভ কৰিব ৷ কৰ্ম জীৱন বন্ধুত্বপূৰ্ণ হʼব ৷ সুফল লাভে আনন্দিত কৰিব ৷ সন্ধিয়ালৈ সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দেৰে সময় কটাব পাৰে ৷
- মিথুন ৰাশি: আজিৰ দিনটোত এই ৰাশিৰ জাতক-জাতিকাই সফলতা লাভ কৰিব ৷ কৰ্ম-ব্যৱসায়ৰ লক্ষ্যত সফল হʼব ৷ আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ দ্বাৰা বহুত লাভ হʼব, বিঘিনিবোৰ আঁতৰ হʼব ৷ আপুনি কঠোৰ পৰিশ্ৰমৰ উপযুক্ত ফল লাভ কৰিব ৷
- কৰ্কট ৰাশি: কৰ্ম জীৱনত পদোন্নতি হʼব ৷ আজি আপোনাৰ সুনাম বাঢ়িব ৷ আজি কৰ্তব্য সম্পাদন কৰিবলৈ আপুনি নিজৰ শক্তি ব্যৱহাৰ কৰিব লাগিব পাৰে ৷ আপোনাৰ আজি ভাগ্য ভাল ৷
- সিংহ ৰাশি: মনোযোগ আৰু দৃঢ়তাই আপোনাৰ আজিৰ দিনতো ধাৰ্য কৰিব । ঘৰৰ পৰিবেশ শান্ত আৰু বন্ধুত্বপূৰ্ণ হ’ব ৷ বিবাহিত লোকসকলে বৈবাহিক আনন্দ লাভ কৰিব । পৰিয়ালৰ জ্যেষ্ঠসকল উপকৃত হ’ব । বিলাসিতা আৰু আৰাম লাভৰ বাবে আপোনাৰ আয়ৰ কিছু অংশ ব্যয় কৰিব পাৰে; নিশ্চিত কৰক যাতে অত্যাধিক ব্যয় নকৰে । বিদেশত থকা আত্মীয় আৰু বন্ধুৰ লগত হোৱা সংযোগে আনন্দ দিব ৷ ভাল খবৰৰ সম্ভাৱনা আছে ।
- কন্যা ৰাশি: মহিলাৰ ভাগ্য ভাল হʼব ৷ কিয়নো আজি বিপদাশংকা নাই ৷ কিন্তু সতৰ্ক থকাটো ভাল ৷ আবেলিলৈ সময় প্ৰায় ভাল হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণ হʼব পাৰে ৷ পৰিয়ালৰ লগত নিশাৰ আহাৰ গ্ৰহণে আনন্দিত কৰিব ৷ দিনটো আনন্দময় হʼব ৷
- তুলা ৰাশি: আজি আপুনি নিজৰ সৌন্দৰ্যৰ ওপৰত মনোযোগ দিব ৷ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ খৰচ হʼব পাৰে ৷ নিজৰ বাবে নতুন সাজ-পোছাক কিনিব পাৰে ৷ বজাৰ কৰিবলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিবলৈ সংকল্প লোৱা উচিত । ব্যয়ৰ ক্ষেত্ৰত মনোযোগ দিয়ক৷
- বৃশ্চিক ৰাশি: আজি আপোনাৰ বাবে এটা উত্তম দিন ৷ নাম আৰু যশ বৃদ্ধি পাব ৷ আপুনি ব্যৱসায় আৰু কৰ্মত সফলতা লাভ কৰিব ৷ আপুনি যুক্তিৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্যত সফল হʼব, মহিলাৰ ভাগ্য ভাল হʼব ৷ কিয়নো আজি বিপদাশংকা নাই, কিন্তু সতৰ্ক থকাটো ভাল ৷
- ধনু ৰাশি: ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ আপুনি আপোনাৰ নিজৰ ব্যৱসায় মনোযোগ দিয়ক ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ দিনটো আনন্দময় হʼব ৷
- মকৰ ৰাশি: সকলো দিন একেদৰে নাযায়, আজি কিছু মিশ্ৰিত ফল লাভ কৰিব ৷ আপুনি যুক্তি আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ আজি আপোনাৰ কিছু খেলিমেলি হʼব পাৰে ৷ উপযুক্ত ফল লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক, সফল হʼব ৷
- কুম্ভ ৰাশি: আজি আপুনি কিছু দোধোৰ-মোধোৰ পৰিস্থিতিৰ সম্মুখীন হʼব পাৰে ৷ কোনো বিষয়ত দুঃচিন্তা হʼব পাৰে ৷ মানসিক অশান্তি আৰু হতাশা বাঢ়িব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷ আজি আপুনি প্ৰায় সফল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ ওপৰৱালাৰ পৰা প্ৰশংসা লাভ কৰিব ৷
- মীন ৰাশি: আজি আপুনি চৰকাৰী প্ৰকল্পত সফল হʼব ৷ নথি-পত্ৰ সুস্থিৰে পঢ়ি চহী কৰিব ৷ কামৰ প্ৰবল হেঁচা থাকিব আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । অৱশ্যে আপুনি সফলতা লাভ কৰিব ৷ মনোযোগ বৃদ্ধি কৰক ৷ সন্ধিয়ালৈ আপোনাৰ সময় প্ৰায় ভাল হʼব ৷ টকা-পইচা নিশ্চিত হʼব ৷

