দুই মন্ত্ৰীৰে বৈঠকৰ অন্তত অৰুণাচলৰ বিৰুদ্ধে টিএমপিকেৰ অৰ্থনৈতিক অৱৰোধ স্থগিত
দুদিন ধৰি চলি থকা টিএমপিকৰ অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী স্থগিত । ধেমাজিত প্ৰতিবাদকাৰীৰ নেতৃত্বৰ সৈতে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু অতুল বৰাৰ বৈঠক ।

Published : August 13, 2026 at 8:27 PM IST
জোনাই : অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে টাকাম মিচিং পৰিণ কৌবাং (টিএমপিকে)ৰ অৰ্থনৈতিক আৰু পথ অৱৰোধৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত । অসম-অৰুণাচল সীমান্তত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছতে সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰিছিল ।
বিগত দুদিন ধৰি অসম অৰুণাচল সীমান্তত উত্তেজনা অব্যাহত আছিল । বুধবাৰৰ পৰা বিশ্বনাথ, লখিমপুৰকে সীমান্তৰ বিভিন্ন অঞ্চলত সংগঠনটোৱে অৰ্থনৈতিক অৱৰোধ অব্যাহত ৰাখিছিল ।

বিশ্বনাথ জিলাৰ গহপুৰৰ ৰাজগড়স্থিত অসম-অৰুণাচল সীমান্তৰ প্ৰৱেশদ্বাৰত বৃহস্পতিবাৰে পুৱাকে পৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । একেদৰে লখিমপুৰৰো ৪ টা স্থানত টিএমপিকেৰ নেতৃত্বত অৰ্থনৈতিক অৱৰোধ অব্যাহত আছিল ।
অৱশ্যে তাৰ মাজতে বৃহস্পতিবাৰে অসম চৰকাৰৰ দুই মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু অতুল বৰাৰ সৈতে টিএমপিকেৰ নেতৃত্ব বৈঠকত মিলিত হয় । সংগঠনটোৰ দাবীসমূহ পূৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখাৰ ঘোষণা কৰে ।

সংগঠনটোৰ ৩ টা মূল দাবী হৈছে । ৪৮ ঘণ্টাৰ ভিতৰত ঘটনাৰে জড়িত মূল অভিযুক্তক গ্রেপ্তাৰ কৰা, কোনো ব্যক্তি বা গোটে আগ্নেয়াস্ত্র লৈ আলোচনাত অংশ ল'ব নোৱাৰিব আৰু অসম-অৰুণাচল সীমা বিবাদৰ শান্তিপূৰ্ণ আৰু স্থায়ী সমাধান ।
আনহাতে শান্তিপূৰ্ণ আলোচনাৰ বাবে অতি শীঘ্রে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰাৰ লগতে সীমামূৰীয়া অঞ্চলসমূহত স্থায়ী শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবেও টিএমপিকেৰ নেতৃত্বত কেইবাটাও সংগঠনে দাবী জনায় ।
ধেমাজি জিলা সংহত আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত মন্ত্ৰী দুগৰাকীৰ লগতে জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰ, চিচিবৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু টিএমপিকে, আটাছু, অসম জাতীয়বাদী যুৱ পৰিষদকে ধৰি কেইবাটাও দল-সংগঠনৰ নেতা উপস্থিত থাকে ।

বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰাই কয়, "অসম চৰকাৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সদিচ্ছাৰ বাবে চুবুৰীয়া ৰাজ্যৰ সৈতে থকা দীৰ্ঘদিনীয়া সীমা সমস্যাসমূহ সমাধানৰ দিশে লৈ যাবলৈ সক্ষম হৈছে । অৰুণাচলৰ সৈতেও যথেষ্টখিনি আগবঢ়া গৈছে । অৰুণাচলৰ সৈতে সীমা যথেষ্ট বেছি । আলোচনা চলি আছে । নিৰ্বাচনৰ পিছত নতুনকৈ আমি আলোচনা আৰম্ভ কৰিছোঁ । ইতিমধ্যে কেবিনেট বৈঠকত নতুন সমিতি গঠন কৰি দিয়া হৈছে । কেৱল ৫২ খন সীমান্ত গাঁৱৰ লগত সীমা ঠিক কৰিবলৈ বাকী আছে । কিন্তু সেইদিনা যি ঘটনা হ'ল সেয়া অনাকাংক্ষিত । আমি তীব্ৰ গৰিহণা দিছোঁ । মুখ্যমন্ত্ৰীও উদ্বিগ্ন । অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে । কিন্তু সীমা সমস্যাৰ সৈতে এই ঘটনাক একলগ কৰিব বিচৰা নাই । এইটো আইন শৃংখলাজনিত ঘটনা ।"
তেওঁ লগতে কয়, "আমাৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব । কংগ্ৰেছে সৃষ্টি কৰা সমস্যা । কংগ্ৰেছে ৰাজ্য সৃষ্টি কৰোতে এই সমস্যা সমাধান কৰিলে আজি এই সমস্যাৰ মুখামুখি নহ'লোহেঁতেন । আমি মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকৰ বিষয়সমূহ আলোচনা কৰিম ।"
লগতে পঢ়ক :
অসম–অৰুণাচলৰ সীমান্তত অৰুণাচল আৰক্ষীৰ গুলীচালনা, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

