ETV Bharat / state

ৰাজনীতিৰ মেৰপেঁচত ২২ বছৰে মুকলি নহ'ল তিতাবৰ বাণিজ্যিক পাম

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনতে নিৰ্মাণ সম্পূৰ্ণ হোৱা তিতাবৰৰ বাণিজ্যিক পাম আজিলৈ মুকলি নহ'ল । জহি খহি গৈছে দুমহলীয়া প্ৰকল্পটো ।

Titabor commercial estate
তিতাবৰ বাণিজ্যিক পামৰ দুৰৱস্থা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 2, 2026 at 5:52 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : নিবনুৱা সমস্যা সমাধানৰ উদ্দেশ্য আগত ৰাখি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথমটো কার্যকালতে যোৰহাট জিলাৰ তিতাবৰত স্থাপন কৰা হৈছিল এখন বাণিজ্যিক পাম । তিতাবৰ ষ্টেচন তিনিআলিত অৱস্থিত এই দুমহলীয়া অভিলাষী প্ৰকল্প ২০০৪ চনত সম্পূৰ্ণ হ'ল যদিও আজিও ইয়াৰ সেৱা নিবনুৱা যুৱকসকলে লাভ কৰিবলৈ সক্ষম নহ'ল । বিদ্যুৎ সংযোগৰ বাবে জিলা উদ্যোগ আৰু বাণিজ্য বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই অত্যাধুনিক বাণিজ্যিক পামখন মুকলি নোহোৱাকৈ বিধ্বস্ত হৈ পৰিছে ।

সম্প্রতি সৰীসৃপ, বন্য জীৱ-জন্তু আদিৰ বাসস্থান হৈ উঠা প্রকল্পটোৰ মূল অংশৰ চাদত এজোপা বৃহৎ বৰগছ গজি সম্পূর্ণভাৱে চাদখন নষ্ট হৈছে । গৰু, ছাগলীৰ উন্মুক্ত বিচৰণৰ ফলত অস্বাস্থ্যকৰ পৰিৱেশত ই ধ্বংসৰ মুখে গতি কৰিছে । ১৫ বছৰ ৰাজ্যত কংগ্ৰেছ চৰকাৰ থকাৰ পাছতো মুকলি নহ'ল এই পামখন । বৰ্তমান ৰাজ্যত শাসনভাৰ চলোৱা বিজেপি দলেও কংগ্ৰেছৰ পথকে অনুসৰণ কৰি পামখন সন্দৰ্ভত নীৰৱতা স্থিতি গ্ৰহণ কৰিলে । এই পামখন মেৰামতি কৰি শীঘ্ৰে মুকলি কৰিবলৈ আহ্বান জনাইছে তিতাবৰৰ ৰাইজে ।

২২ বছৰে মুকলি নহ'ল তিতাবৰ বাণিজ্যিক পাম (ETV Bharat)

২২ বছৰে মুকলি নকৰাকৈ পেলাই থোৱা বাণিজ্যক পামখন সন্দৰ্ভত তিতাবৰৰ এজন সচেতন লোকে কয়, "নিৱনুৱা সমস্যা সমাধানৰ অৰ্থে এই পামখন গঢ়ি তোলা হৈছিল কিন্তু ২২ টা বছৰে এই বাণিজ্যিক পামখন মুকলি নহ'ল । তিতাবৰ নগৰৰ মাজমজিয়াত উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীনৰ বাণিজ্যিক পামখন আটকধুনীয়াকৈ নিৰ্মাণ হৈছিল, ৪০ টা কোঠাৰ পামখনত বিদ্যুৎ আৰু পানী সংযোগ দিবলৈ বাকী আছিল । তেনে সময়তে সমগ্র বিষয়টো ৰাজনীতিৰ মাজত সোমাই পৰাৰ বাবে এই পামখন এনেদৰে পৰি ৰ'ল ।"

Titabor commercial estate
২২ বছৰে মুকলি নহ'ল তিতাবৰ বাণিজ্যিক পাম (ETV Bharat)
Titabor commercial estate
২২ বছৰে মুকলি নহ'ল তিতাবৰ বাণিজ্যিক পাম (ETV Bharat)

তেওঁ লগতে কয়, "নিৱনুৱা যুৱক-যুৱতীৰ স্বাৱলম্বিতাৰ বাট দেখুওৱা এই পামখন ২২ টা বছৰে মুকলি নোহোৱাকৈ পৰি থকাৰ ব্যৱস্থাটোৱে আমাৰ অন্তৰত আঘাত দিছে । বৰ্তমান পামখন গৰু-ছাগলীৰ গোহালি হৈ পৰাৰ লগতে একাংশ লোকৰ জাবৰ-জোথৰ পেলোৱা স্থান, অ-সামাজিক কাৰ্যকলাপৰ স্থানলৈ পৰিণত হৈছে । সেয়েহে নিৱনুৱা যুৱক-যুৱতীক সংস্থাপনৰ পথ দেখুওৱা এই পামখন মুকলি কৰাৰ ক্ষেত্ৰত জিলা, মহকুমা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰক ।" লক্ষণীয়ভাৱে স্থানীয় বিধায়কগৰাকীয়ে এই ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল, সেয়াও দেখা পোৱা নগ'ল বুলি ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে ।

লগতে পঢ়ক :

ছমাহে নাই বৰষুণ; শুকাইছে গছ, মূৰে-কপালে হাত দিছে ক্ষুদ্ৰ চাহ খেতিয়কে