তিনিচুকীয়াৰ জাগুনস্থিত আৰক্ষীৰ কামাণ্ডো শিবিৰত সন্দেহযুক্ত আলফা স্বাধীনৰ আক্ৰমণ, ৪ জন জোৱান আহত
পুৱতি নিশা জাগুনস্থিত আৰক্ষীৰ কামাণ্ডো শিবিৰত সন্দেহযুক্ত আলফা স্বাধীনৰ আক্ৰমণ । প্ৰায় ৩-৪ জন কামাণ্ডো আহত হোৱাৰ খবৰ ৷

Published : March 22, 2026 at 9:56 AM IST
|Updated : March 22, 2026 at 1:33 PM IST
তিনিচুকীয়া: ৰাজ্যত চৌদিশে নিৰ্বাচনী গৰম বতাহ বলি থকাৰ সময়তে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ জাগুনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । দেওবাৰে পুৱতিনিশা প্ৰায় দুই বজাত জাগুনৰ দহ মাইলস্থিত অসম আৰক্ষীৰ কামাণ্ডো শিবিৰত সন্দেহযুক্ত আলফা স্বাধীনৰ এটা বৃহৎ দলে ভয়ংকৰ আক্ৰমণ কৰে । সন্দেহযুক্ত আলফা স্বাধীনৰ দলটোৱে আৰক্ষী শিবিৰটোলৈ লক্ষ্য কৰি প্ৰায় ৪-৫ টাকৈ গ্ৰেণেড আৰু আৰ পি জি (RPG) নিক্ষেপ কৰাৰ লগতে ধাৰাবাহিকভাৱে গুলীচালনা কৰে ।
এই আক্ৰমণৰ সমান্তৰালভাৱে অসম আৰক্ষীৰ তৰফৰ পৰাও প্ৰত্যুত্তৰ দিয়াত দুয়োপক্ষৰ মাজত প্ৰায় ৩০ মিনিট সময়ত প্ৰচণ্ড গুলীয়াগুলী ঘটনা সংঘটিত হয় । আলফা স্বাধীনৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় চাৰিগৰাকীকৈ আৰক্ষী কামাণ্ডো জোৱান ৷ তেওঁলোকক ততাতৈয়াকৈ জয়ৰামপুৰস্থিত বিভাগীয় চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় আহত জোৱান কেইজনক ৷ বৰ্তমান আটাইকেইগৰাকী কামাণ্ডো জোৱান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালতে চিকিৎসাধীন হৈ আছে ।
আঘাতপ্ৰাপ্ত অসম আৰক্ষীৰ কামাণ্ডো জোৱানসকল ক্ৰমে যোৰহাটৰ চিত্ৰৰঞ্জন মিলি, দেৱাশিস বৰা, চাবুৱাৰ ৰবি গড় আৰু গোৱালপাৰাৰ জমবুচ মাৰাক৷ আক্ৰমণৰ খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত তিনিচুকীয়াৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ংক কুমাৰৰ লগতে আৰক্ষী আৰু সেনা বাহিনীৰ বৃহৎ দল উপস্থিত হৈ ঘটনাস্থলী তন্নতন্নকৈ পৰীক্ষা কৰাৰ লগতে আক্ৰমণকাৰী দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰে । কিন্তু আৰক্ষীৰ তৰফৰ পৰা নতুবা আলফা স্বাধীনৰ তৰফৰা পৰাও এই পৰ্যন্ত কোনো ভাষ্য প্ৰদান কৰা হোৱা নাই ।
উল্লেখযোগ্য যে, ২০২৬ ৰ বিধানসভা নিৰ্বাচনী গৰম বতাহ চলি থকাৰ মাজতে সংঘটিত হোৱা এনে ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এগৰাকী স্থানীয় যুৱকে সংবাদ মাধ্যমৰ আগত কয়, ‘‘মই শুই আছিলোঁ । হঠাতে বহুত ডাঙৰ ডাঙৰ শব্দ হোৱাত উঠি চাওঁ যে এয়া গুলীৰ শব্দ । অসম আৰক্ষী কামাণ্ডো শিবিৰৰ পৰা এই শব্দ আহিছিল । তেতিয়া ২.৫ বাজিছিল । বহুত ভয় খাইছিলোঁ । এইটো জনবসতিপূৰ্ণ অঞ্চল । মই আকৌ ভিতৰত সোমাই থাকিলোঁ । প্ৰায় ২৫ মিনিটৰ ওপৰত গুলীৰ শব্দ শুনিবলৈ পাওঁ ।’’
যোৱা ৫ মাৰ্চত ইটিভি ভাৰত অসমত প্ৰকাশিত এক খবৰ অনুসৰি চেণ্টাৰ ফৰ নৰ্থ ইষ্ট ইণ্ডিয়া ছিকিউৰিটী ষ্টাডীজ নামৰৰ এটা সংস্থাই প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত নিৰ্বাচনৰ সময়ত অসমত কূটাঘাত সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছিল ৷
বিবৃতিটোত তেওঁলোকে প্ৰকাশ কৰা অনুসৰি আলফা (স্বাঃ), বাংলাদেশী জনজাতীয় সশস্ত্ৰ সংগঠন পাৰ্বত্য চট্টগ্ৰাম জন সংহতি সমিতি (পি চি জে এছ এছ), ৰোহিংগীয়া ছলিডাৰিটী অৰ্গেনাইজেচন (আৰ এছ অ') আৰু আৰ্কান ৰোহিংগীয়া ছেলভেচন আৰ্মী (এ আৰ এছ এ) আদি বিদ্ৰোহী সংগঠনে একত্ৰিতভাৱে অসমত অশান্তিৰ সৃষ্টি কৰিব পাৰে ।
সংস্থাটোৰ এগৰাকী সদস্য স্বপন দেৱবৰ্মাই কয়, "২০২৫ চনৰ ৯-১১ ডিচেম্বৰত বাংলাদেশৰ ডি জি এফ আই (Directorate General of the Forces Intelligence) আৰু পাকিস্তানৰ আই এছ আইয়ে (ISI) ক্ৰমে এ আৰ এছ এ, আৰ এছ অ', আলফা (স্বাধীন), পাৰ্বত্য চট্টগ্ৰাম জন সংহতি সমিতি (ছাণ্টু)ৰ দৰে বিদ্ৰোহী সংগঠনৰ সৈতে কক্স বজাৰত দুদিনীয়া মাৰাথন বৈঠকৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে । বৰ্তমান ৰোহিংগীয়া বিদ্ৰোহী সংগঠনৰ জৰিয়তে অস্ত্ৰৰ যোগান ধৰা হৈছে আৰু উত্তৰ-পূবত কূটাঘাতৰ পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে কক্স বজাৰৰ পি চি জে এছ এছৰ প্ৰতিনিধি বিধায়ক চাকমাই ২০২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত ৫০ টা অত্যাধুনিক অস্ত্ৰ ক্ৰয় কৰিছিল বুলি জানিব পৰা গৈছে । পি চি জে এছ এছ (ছান্টু)য়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহীসকলক চট্টগ্ৰামত পশ্চিমীয়া এজেন্সীৰ পৰা ক্ৰয় কৰা ভয়ংকৰ ৰকেট ইন্ধন যোগান ধৰিছে বুলি জানিব পৰা গৈছে । এই ৰকেট ইন্ধন দলংবোৰত আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে ।"
এতিয়া আলফা (স্বাঃ) ৰ এই সন্দেহজনক আক্ৰমণে সেই আশংকা অধিক ঘনীভূত কৰিছে ৷ এইক্ষেত্ৰত কূটাঘাত ৰোধৰ বাবে সষ্টম হৈছে নিৰাপত্তা বাহিনী ৷
লগতে পঢ়ক:
নিৰ্বাচনৰ সময়ত আলফা(স্বা)কে ধৰি বিভিন্ন বিদ্ৰোহী সংগঠনৰ লক্ষ্য হ'ব নেকি অসম ?

