ETV Bharat / state

নাহৰফুটুকীৰ আতংক; গুলী ফুটাই বনৰজাক খেদাৰ চেষ্টা

পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি বনৰজাৰ ত্ৰাস ।

leopard scare in Khowang Dibrugarh
ডিব্ৰুগড়ত নাহৰফুটুকীৰ আতংক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 23, 2025 at 1:49 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ : খাদ্যৰ অভাৱত বনাঞ্চল এৰি জনাঞ্চলত মুক্ত বিচৰণ কৰিছে বন ৰজাই । ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বাঘৰ সন্ত্ৰাসত বছৰৰ পাছত বছৰ সমস্যাত পৰিবলগীয়া হৈছে ৰাইজ । আনকি বাঘৰ ভয়ত স্থানীয় ৰাইজে সন্ধিয়া হ'লেই ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে । দিনতে পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি আতংকৰ সৃষ্টি কৰিছে বনৰজাই ।

বন বিভাগে জিলাখনৰ বিভিন্ন ঠাইত বাঘ পিঞ্জৰাবদ্ধ কৰিছে যদিও বনৰজাৰ উপদ্ৰৱ কমা নাই । বাঘৰ ত্ৰাসে ৰাইজক সমস্যাত পেলোৱা ধৰণেৰে বন বিভাগকো লটি-ঘটি কৰিছে । ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন সংমণ্ডলৰ অন্তৰ্গত ২ নং লুকুমাই গাঁৱত বিগত প্ৰায় এসপ্তাহে আতংক সৃষ্টি কৰিছে এটা নাহৰফুটুকী বাঘে ৷ গাঁৱৰ পথাৰৰ কাষতে থকা এখন চাহ বাগিচাত আশ্ৰয় লোৱা নাহৰফুটুকীয়ে বহু কৃষকৰ গৰু-ছাগলী ভক্ষণ কৰিছে ৷

ডিব্ৰুগড়ত নাহৰফুটুকীৰ আতংক (ETV Bharat Assam)

স্থানীয় ৰাইজে উল্লেখ কৰা মতে, নাহৰফুটুকীটোৰ আতংকত পথাৰত ধান দাৱলৈ যাব পৰা নাই দাৱনী ৷ গাঁওবাসীয়ে বন বিভাগক খবৰ দিয়াৰ পাছতে খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা যোৱা বনৰক্ষীৰ এটা দলে নিশা বাঘ খেদিবলৈ শূন্যলৈ কেইবাজাঁই গুলী ফুটাই বাঘ খেদাৰ চেষ্টা কৰে ৷

উল্লেখ্য যে স্থানীয় লুকুমাই, হুংহুঙীয়া, গন্দৈগুৰী, কৰ্দৈগুৰী, গজপুৰীয়া আদি অঞ্চলত বাঘে দীৰ্ঘদিনে কৃষকৰ পোহনীয়া গৰু-ছাগলী ভক্ষণ কৰি আতংক সৃষ্টি কৰি আহিছে ৷ এইক্ষেত্ৰত বন বিভাগক স্থায়ী পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ৷

leopard scare in Khowang Dibrugarh
ডিব্ৰুগড়ত নাহৰফুটুকীৰ সন্ধানত স্থানীয় ৰাইজ (ETV Bharat Assam)

কুকুৰো ভক্ষণ কৰিছে বনৰজাই :

এই বৃহত্তৰ অঞ্চলটোত বাঘৰ সন্ত্ৰাসৰ বিষয়ে উল্লেখ কৰি এজন স্থানীয় ব্যক্তিয়ে কয়, "বিগত এসপ্তাহৰ পৰাই বাঘে আতংক চলাই আছে । দুদিনৰ আগত দিন দুপৰতে এজনী গাই খাইছে; কিন্তু কালি পুৱাৰ ভাগত মৰা গৰুটো আছে নে নাই বুলি চাওতে কেইবাজনেও বাঘটোৱে মৰা গৰুটো খাই থকা দেখা পায় । ইয়াৰ পাছতেই বন বিভাগক খবৰ দিয়া হয় । ৰাইজ এতিয়া শংকিত হৈছে । ধাননী পথাৰলৈ দাৱনী সকল আহিবলৈ ভয় কৰা হৈছে । অঞ্চলটোৰ বিভিন্ন জনৰ ঘৰৰ পৰা গৰু, ছাগলী, কুকুৰ ধৰি আনি খাইছে বাঘটোৱে । সেয়ে বন বিভাগৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছো ।"

লগতে পঢ়ক:কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাৰ চিকাৰ - KAZIRANGA NATIONAL PARK

এনে কি দৃশ্য, যাক সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে বন মন্ত্ৰীয়েও ? - KAZIRANGA NATIONAL PARK