ETV Bharat / state

নেপালৰ বানঃ তিব্বত-নেপালৰ প্ৰাকৃতিক দুৰ্যোগে কঢ়িয়াই আনিছে নতুন সতৰ্কবাণী; পূব হিমালয় কিমান সুৰক্ষিত ?

তিব্বত-নেপালৰ ঘটনা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী । বিশিষ্ট ভূতত্ত্ববিদ ড০ শৈলেন বৰঠাকুৰৰ সৈতে ইটিভি ভাৰতৰ জেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ সাক্ষাৎকাৰ ।

Nepal natural calamities
বিশিষ্ট ভূতত্ত্ববিদ ড০ শৈলেন বৰঠাকুৰৰ দৃষ্টিত নেপালৰ প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ প্ৰভাৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 28, 2026 at 7:08 PM IST

10 Min Read
Choose ETV Bharat

তেজপুৰ : তিব্বত-নেপালত সংঘটিত শেহতীয়া প্ৰাকৃতিক দুৰ্যোগে সমগ্ৰ হিমালয় অঞ্চলৰ লগতে উত্তৰ-পূৰ্বাঞ্চললৈও এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী কঢ়িয়াই আনিছে । এয়া কেৱল ভূমিকম্পৰ ফল নে হিমবাহ ভাঙি পৰাৰ পাছত সৃষ্টি হোৱা এক ভয়ংকৰ ভূতাত্ত্বিক শৃংখলাবদ্ধ প্ৰতিক্ৰিয়া— এই প্ৰশ্নই এতিয়া বিশেষজ্ঞ মহলত চৰ্চা লাভ কৰিছে ।

হিমবাহৰ ধ্বংস, পাহাৰৰ বৰফ আৰু শিলৰ বৃহৎ অংশ খহি পৰা, নদীত বিপুল পৰিমাণৰ বৰফ, শিল আৰু পলস আৰু তাৰ পাছত আকস্মিক বান— এই সমগ্ৰ প্ৰক্ৰিয়াটো কেনেকৈ সংঘটিত হয় ? তিব্বত আৰু নেপালৰ এই ঘটনাৰ পৰা উত্তৰ-পূৰ্বাঞ্চল, বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু অসমে কি সতৰ্কবাণী লাভ কৰিছে ? পূৰ্ব হিমালয় কিমান সুৰক্ষিত ?

এই সন্দৰ্ভত বিশিষ্ট ভূতত্ত্ববিদ ড০ শৈলেন বৰঠাকুৰৰ সৈতে ইটিভি ভাৰতৰ জেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ সাক্ষাৎকাৰ ।

হিমস্খলনৰ পৰা কেনেকৈ সৃষ্টি হ'ল ভয়ংকৰ জলপ্ৰবাহ ?

Nepal natural calamities
বিশেষজ্ঞৰ দৃষ্টিত নেপালৰ প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ প্ৰভাৱ (IANS/ETV Bharat Assam)

ইটিভি ভাৰত : ছাৰ, প্ৰথমতে জানিব বিচাৰিম— নেপালত সংঘটিত এই ঘটনাটো প্ৰকৃততে কেনেকৈ সংঘটিত হৈছিল ?

ড০ শৈলেন বৰঠাকুৰ : নেপালৰ স্থানীয় সময় অনুসৰি যোৱা ২৬ আগষ্টৰ পুৱা প্ৰায় ৮ বাজি ৩৭ মিনিটত এক বৃহৎ তুষাৰাবৃত ভূখণ্ড পাহাৰৰ পৰা খহি আহি প্ৰায় ৪ হাজাৰ ফুট তলত অৱস্থিত ভোটে কোশী নদীত পতিত হয় । এই বৃহৎ পৰিমাণৰ বৰফ, শিল আৰু মাটিৰ অংশ নদীত আহি পৰাৰ লগে লগে নদীখনৰ স্বাভাৱিক জলপ্ৰবাহ সম্পূৰ্ণৰূপে বাধাপ্ৰাপ্ত হয় । যিহেতু সেই অঞ্চলৰ শিলাস্তৰ তুলনামূলকভাৱে কোমল, সেয়েহে বৃহৎ জলপ্ৰবাহক ধৰি ৰখাৰ ক্ষমতা নাছিল ।

ফলত প্ৰায় ১০ মিনিটৰ ভিতৰতে সেই পানী প্ৰবলভাৱে বৈ যাবলৈ আৰম্ভ কৰে । কিন্তু এই পানীৰ সৈতে কেৱল পানীয়েই বৈ অহা নাছিল । ইয়াৰ সৈতে বৰফ, শিল, মাটি আৰু পলসো একেলগে বৈ আহিছিল । ভূতত্ত্বৰ ভাষাত এনে পানী, বৰফ, শিল আৰু পলসৰ মিশ্ৰিত প্ৰবল প্ৰবাহক ধ্বংসাত্মক পল-শিল প্ৰবাহ বুলি ক'ব পাৰি ।

এই প্ৰবাহ শিল আৰু মাটিৰ বৃহৎ অংশক গুৰি কৰি বগৰাই বগৰাই পাহাৰৰ তললৈ লৈ আহে আৰু অতি কম সময়ৰ ভিতৰতে তলৰ অঞ্চলত প্ৰৱেশ কৰে ।

Nepal natural calamities
বিশেষজ্ঞৰ দৃষ্টিত নেপালৰ প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ প্ৰভাৱ (IANS/ETV Bharat Assam)

আধা ঘণ্টাৰ ভিতৰতে নেপালত প্ৰৱেশ

ভোটে কোশী আৰু লাংটাং উচ্চ পৰ্বতীয়া অঞ্চলৰ গুৰুত্বপূৰ্ণ নদী । ভোটে কোশীত এই বৃহৎ হিমস্খলন সংঘটিত হোৱাৰ পাছত পানী, বৰফ, শিল আৰু পলস তললৈ নামি নেপালৰ নিম্ন অঞ্চলত প্ৰৱেশ কৰে আৰু ত্ৰিশূলী নদীৰে বৈ যাবলৈ ধৰে ।

হিমস্খলন সংঘটিত হৈছিল পুৱা প্ৰায় ৮ বাজি ৩৭ মিনিটত । তাৰ প্ৰায় আধা ঘণ্টাৰ পাছত, ৯ বাজি ১৫ মিনিটৰ আশে-পাশে এই প্ৰবল জলপ্ৰবাহ নেপালৰ নিম্ন অঞ্চলত প্ৰবেশ কৰে ।

অৰ্থাৎ, দুৰ্যোগ সংঘটিত হোৱাৰ পৰা ইয়াৰ প্ৰভাৱ নিম্ন অঞ্চলত দেখা দিয়ালৈ প্ৰায় আধা ঘণ্টাৰ ব্যৱধান আছিল । এই সময়ছোৱা অত্যন্ত গুৰুত্বপূৰ্ণ । চীনৰ প্ৰশাসনে কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে যদি পাহাৰৰ বৃহৎ অংশ খহি পৰাৰ ঘটনা আৰু তাৰ ফলত সৃষ্টি হোৱা প্ৰাকৃতিক জলাশয়ৰ বিষয়ে তৎকালীনভাৱে তথ্য লাভ কৰি নেপাল চৰকাৰ আৰু স্থানীয় প্ৰশাসনক জনাব পৰা গ'লহেঁতেন, তেন্তে হয়তো বহু লোকৰ জীৱন ৰক্ষা কৰিব পৰা গ'লহেঁতেন ।

Nepal natural calamities
বিশেষজ্ঞৰ দৃষ্টিত নেপালৰ প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ প্ৰভাৱ (IANS/ETV Bharat Assam)

ত্ৰিশূলীৰ পৰা নাৰায়ণী, তাৰ পাছত গণ্ডক

এই জলপ্ৰবাহ ত্ৰিশূলী নদীৰে বৈ আহি কালীগণ্ডকী নদীৰ সৈতে মিলিত হয় । ইয়াৰ পাছত নদীখনক নাৰায়ণী নামেৰে জনা যায় । ভাৰতত প্ৰৱেশ কৰাৰ পাছত এই নদী গণ্ডক নামেৰে পৰিচিত । অৰ্থাৎ একেখন নদী বিভিন্ন অঞ্চলত বিভিন্ন নামেৰে পৰিচিত । সেয়েহে তিব্বত বা নেপালৰ উচ্চ পৰ্বতীয় অঞ্চলত সংঘটিত কোনো বৃহৎ হিমস্খলন বা নদী অৱৰোধৰ প্ৰভাৱ বহু দূৰলৈ, আনকি ভাৰতৰ নদী অৱবাহিকালৈও আহি পৰিব পাৰে ।

বিপদ এতিয়াও শেষ হোৱা নাই

এই ঘটনাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ আছে । হিমস্খলনৰ ফলত খহি পৰা শিল, মাটি আৰু পলসৰ বৃহৎ অংশ এতিয়াও ভোটে কোশী নদীৰ বিভিন্ন স্থানত জমা হৈ আছে । ফলত নদীপথৰ কিছুমান ঠাইত প্ৰাকৃতিকভাৱে বান্ধৰ সৃষ্টি হৈছে । এই বান্ধৰ আঁৰত পানী জমা হৈ থাকিলে যিকোনো সময়তে বান্ধ ভাঙি পুনৰ আকস্মিক আৰু প্ৰবল জলপ্ৰবাহৰ সৃষ্টি হ'ব পাৰে ।

অৰ্থাৎ এটা দুৰ্যোগ সংঘটিত হোৱাৰ পাছতো তাৰ পৰা পৰৱৰ্তী দুৰ্যোগ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে । এই কাৰণেই এনে ঘটনাক এক শৃংখলাবদ্ধ প্ৰাকৃতিক দুৰ্যোগ হিচাপে চাব লাগিব ।

Nepal natural calamities
বিশেষজ্ঞৰ দৃষ্টিত নেপালৰ প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ প্ৰভাৱ (IANS/ETV Bharat Assam)

জলবায়ু পৰিৱৰ্তনৰ ভূমিকা কিমান ?

ইটিভি ভাৰত : এই ঘটনাত জলবায়ু পৰিৱৰ্তনৰ ভূমিকা কিমান ?

ড০ শৈলেন বৰঠাকুৰ : হিমবাহ গলি যোৱা আৰু পৰ্বতৰ ঢালৰ স্থিৰতা হ্ৰাস পোৱাৰ সৈতে উষ্ণতা বৃদ্ধিৰ সম্পৰ্ক আছে । বায়ুমণ্ডলৰ উষ্ণতাৰ পৰিৱৰ্তনে হিমবাহৰ ওপৰতো প্ৰভাৱ পেলায় । আমি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অঞ্চলতো উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ দেখিবলৈ পাইছোঁ । হিমালয় অঞ্চলতো উষ্ণতাৰ পৰিৱৰ্তন ঘটিছে— এই কথাত বিশেষ সন্দেহ নাই ।

হিমালয়ত বিপুল পৰিমাণৰ বৰফ আৰু হিমবাহ জমা হৈ আছে । উষ্ণতা বৃদ্ধি পালে হিমবাহ গলি যোৱাৰ হাৰ বৃদ্ধি পাব পাৰে । ইয়াৰ ফলত হিমবাহৰ স্থিৰতা কমি গৈ হিমস্খলন, হিমবাহ-জলাশয়ৰ বিস্ফোৰণ, ভূমিস্খলন আৰু আকস্মিক বানৰ আশংকা বৃদ্ধি পাব পাৰে ।

Nepal natural calamities
বিশেষজ্ঞৰ দৃষ্টিত নেপালৰ প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ প্ৰভাৱ (IANS/ETV Bharat Assam)

অৰুণাচল আৰু ভূটানৰ ক্ষেত্ৰত পৰিস্থিতি কিমান চিন্তনীয় ?

ইটিভি ভাৰত : বিশেষকৈ তিব্বত, নেপালৰ লগতে অৰুণাচল আৰু ভূটানৰ ক্ষেত্ৰত হিমবাহ-সম্পৰ্কীয় বিপদ কিমান গুৰুতৰ ?

ড০ শৈলেন বৰঠাকুৰ : অৰুণাচল আৰু ভূটানৰ ক্ষেত্ৰত পৰিস্থিতি কিছু পৃথক । এই অঞ্চলসমূহত হিমবাহৰ পৰিমাণ হিমালয়ৰ আন কিছুমান অঞ্চলৰ তুলনাত কম । কিন্তু আন এটা গুৰুত্বপূৰ্ণ সমস্যা আছে । অৰুণাচল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদীৰ উৎস তিব্বতত ।

সেয়েহে তিব্বতত হিমস্খলন, হিমবাহ ভাঙি পৰা বা বৃহৎ ভূমিস্খলন সংঘটিত হ'লে তাৰ প্ৰভাৱ তলৰ অঞ্চললৈ আহিব পাৰে । বিশেষকৈ তিব্বতৰ পৰা বৈ অহা নদীসমূহত হঠাৎ জলপৃষ্ঠ বৃদ্ধি পাই অৰুণাচল আৰু তাৰ পাছত অসমৰ নদী অৱবাহিকাত বানৰ সৃষ্টি কৰিব পাৰে ।

উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ বান্ধসমূহ কিমান সুৰক্ষিত ?

ইটিভি ভাৰত : উত্তৰ-পূৰ্বাঞ্চলত বহু জলবিদ্যুৎ প্ৰকল্প, বান্ধ, পথ, দলং আৰু নদী উপত্যকা উন্নয়ন প্ৰকল্প নিৰ্মাণ হৈ আছে । এনে শৃংখলাবদ্ধ দুৰ্যোগৰ বাবে আমাৰ এই আন্তঃগাঁথনি কিমান সাজু ?

ড০ শৈলেন বৰঠাকুৰ : প্ৰকৃতিয়ে প্ৰতিটো অঞ্চলতে এক স্বাভাৱিক ভাৰসাম্য সৃষ্টি কৰি ৰাখে । পূৰ্বতে অসম বা অৰুণাচলত এনে ধৰণৰ ভয়ংকৰ আকস্মিক বানৰ ঘটনা তুলনামূলকভাৱে কম আছিল । কিন্তু বৰ্তমান মানুহৰ হস্তক্ষেপ বৃদ্ধি পাইছে । অৰুণাচল প্ৰদেশত বিভিন্ন স্থানত জলবিদ্যুৎ প্ৰকল্প আৰু বান্ধ নিৰ্মাণ কৰা হৈছে ।

সমস্যাটো হৈছে— হিমালয় অঞ্চল ভূতাত্ত্বিকভাৱে অত্যন্ত সংবেদনশীল । ভূমিকম্প, ভূমিস্খলন, হিমস্খলন আৰু আকস্মিক বানৰ দৰে পৰিঘটনাই এটাই আনটোক প্ৰভাৱিত কৰিব পাৰে । সেয়েহে যিকোনো বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পূৰ্বে সেই অঞ্চলৰ ভূতাত্ত্বিক স্থিৰতা, ভূমিকম্পৰ সম্ভাৱনা, ভূমিস্খলনৰ আশংকা আৰু বান্ধ ভাঙিলে নিম্ন অঞ্চলত কি পৰিমাণৰ ক্ষতি হ'ব পাৰে— এই সকলোবোৰ বিজ্ঞানসন্মতভাৱে মূল্যায়ন কৰিব লাগিব ।

Nepal natural calamities
বিশেষজ্ঞৰ দৃষ্টিত নেপালৰ প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ প্ৰভাৱ (IANS/ETV Bharat Assam)

ব্ৰহ্মপুত্ৰৰ উজনিক লৈ বিশেষ সতৰ্কবাণী

ড০ বৰঠাকুৰে বিশেষভাৱে ব্ৰহ্মপুত্ৰৰ উজনি অংশৰ কথাও উল্লেখ কৰে । তেওঁ কয়, তিব্বতত ব্ৰহ্মপুত্ৰ নদী য়াৰলুং ছাংপো নামেৰে পৰিচিত । অৰুণাচলত প্ৰৱেশ কৰাৰ পাছত এই নদী ছিয়াং আৰু পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰ নামেৰে পৰিচিত হয় ।

য়াৰলুং ছাংপোৰ ওপৰভাগত বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণক লৈ ইতিমধ্যে চৰ্চা চলি আছে । এই ধৰণৰ বৃহৎ প্ৰকল্পৰ ক্ষেত্ৰত সম্ভাৱ্য ভূমিকম্প, ভূমিস্খলন আৰু বান্ধৰ গাঁথনিগত সুৰক্ষাৰ বিষয়টো গভীৰভাৱে পৰ্যালোচনা কৰাটো অত্যন্ত প্ৰয়োজনীয় । কাৰণ যদি কোনো বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ ফলত বান্ধ বা জলাধাৰৰ গাঁথনিগত ক্ষতি হয়, তেন্তে একেলগে বিপুল পৰিমাণৰ পানী তললৈ নামি অহাৰ সম্ভাৱনা থাকে । তেনে পৰিস্থিতিত ব্ৰহ্মপুত্ৰৰ নিম্ন অৱবাহিকাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ।

Nepal natural calamities
বিশেষজ্ঞৰ দৃষ্টিত নেপালৰ প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ প্ৰভাৱ (IANS/ETV Bharat Assam)

এনে দুৰ্যোগৰ আগজাননী দিয়াটো কিমান সম্ভৱ ?

ইটিভি ভাৰত : এনে হিমবাহ বা হিমস্খলনজনিত দুৰ্যোগৰ পূৰ্বানুমান কৰা সম্ভৱনে ?

ড০ শৈলেন বৰঠাকুৰ : কোনো হিমবাহ কেতিয়া ভাঙি পৰিব বা কোনো বৃহৎ হিমস্খলন ঠিক কোন সময়ত সংঘটিত হ'ব— সেইটো নিৰ্দিষ্টভাৱে আগতীয়াকৈ কোৱাটো বৰ্তমান অত্যন্ত কঠিন । কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত সম্ভাৱ্য বিপদৰ আগজাননী লাভ কৰিব পাৰি । কৃত্ৰিম উপগ্ৰহ, দূৰসংবেদী ব্যৱস্থা, নদীৰ জলপৃষ্ঠ পৰ্যবেক্ষণ আৰু আগতীয়া সতৰ্কীকৰণ ব্যৱস্থাৰ জৰিয়তে বিপদৰ সম্ভাৱনা আগতীয়াকৈ চিনাক্ত কৰিব পৰা যায় ।

অৱশ্যে কেৱল তথ্য লাভ কৰিলেই নহ'ব । সেই তথ্য তৎকালীনভাৱে প্ৰশাসন, দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু নদীৰ নিম্ন অঞ্চলত বসবাস কৰা লোকসকলৰ মাজলৈ পঠিয়াব লাগিব ।

Nepal natural calamities
বিশেষজ্ঞৰ দৃষ্টিত নেপালৰ প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ প্ৰভাৱ (IANS/ETV Bharat Assam)

উত্তৰ-পূৰ্বাঞ্চল কিমান সাজু ?

ড০ বৰঠাকুৰৰ মতে, উত্তৰ-পূৰ্বাঞ্চল এতিয়াও এনে বহুমুখী দুৰ্যোগৰ বাবে সম্পূৰ্ণৰূপে সাজু নহয় । অসমত শেহতীয়াকৈ সংঘটিত আকস্মিক বানৰ ঘটনাই দেখুৱাইছে যে কেৱল পৰম্পৰাগত বান ব্যৱস্থাপনাৰে আগন্তুক দিনৰ দুৰ্যোগৰ মোকাবিলা কৰাটো সম্ভৱ নহ'ব ।

ভূমিকম্প, ভূমিস্খলন, হিমস্খলন, হিমবাহ-জলাশয়ৰ বিস্ফোৰণ, বান্ধ-সম্পৰ্কীয় বিপদ আৰু আকস্মিক বান— এই সকলোবোৰ সম্ভাৱ্য বিপদক একেলগে বিবেচনা কৰি নতুন দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে ।

Nepal natural calamities
বিশেষজ্ঞৰ দৃষ্টিত নেপালৰ প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ প্ৰভাৱ (IANS/ETV Bharat Assam)

বৃহৎ বান্ধৰ সলনি ক্ষুদ্ৰ শক্তি প্ৰকল্পত গুৰুত্ব দিয়াৰ পৰামৰ্শ

ড০ শৈলেন বৰঠাকুৰে অৰুণাচল প্ৰদেশৰ দৰে ভূতাত্ত্বিকভাৱে সংবেদনশীল অঞ্চলত বৃহৎ বান্ধৰ পৰিৱৰ্তে ক্ষুদ্ৰ আৰু বিকেন্দ্ৰীভূত সৌৰশক্তি উৎপাদন প্ৰকল্পৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ পোষকতা কৰে । তেওঁৰ মতে, শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো জৰুৰী । কিন্তু তাৰ বাবে অঞ্চলটোৰ ভূতাত্ত্বিক সংবেদনশীলতা আৰু ভৱিষ্যতৰ দুৰ্যোগৰ আশংকা উপেক্ষা কৰা উচিত নহয় ।

উন্নয়ন প্ৰয়োজনীয়, কিন্তু সেই উন্নয়ন হ'ব লাগিব দুৰ্যোগ-সহনশীল আৰু পৰিৱেশৰ সৈতে সামঞ্জস্যপূৰ্ণ ।

বিশেষজ্ঞৰ সতৰ্কবাণী

তিব্বত–নেপালৰ শেহতীয়া ঘটনাই এটা গুৰুত্বপূৰ্ণ শিক্ষা দিছে— হিমালয়ত এটা প্ৰাকৃতিক দুৰ্যোগ কেতিয়াও কেৱল এটা দুৰ্যোগতে সীমাবদ্ধ নাথাকিব পাৰে । হিমবাহ ভাঙি পৰা, পাহাৰৰ ঢাল খহি পৰা, নদীৰ প্ৰবাহ বাধাপ্ৰাপ্ত হোৱা, প্ৰাকৃতিক জলাশয় সৃষ্টি হোৱা, তাৰ পাছত বান্ধ ভাঙি ধ্বংসাত্মক জলপ্ৰবাহ সৃষ্টি হোৱা— এই সমগ্ৰ প্ৰক্ৰিয়াই এক শৃংখলাবদ্ধ দুৰ্যোগৰ ৰূপ ল'ব পাৰে ।

আৰু এই শৃংখলাবদ্ধ প্ৰাকৃতিক দুৰ্যোগৰ তলৰ অঞ্চলত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে তিব্বত–নেপালৰ ঘটনা কেৱল দূৰৈৰ এখন দেশৰ দুৰ্যোগ নহয় । ই অৰুণাচল প্ৰদেশ, অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী ।

প্ৰশ্ন এতিয়া এটাই— হিমালয়ৰ পৰিৱৰ্তিত জলবায়ু আৰু ভূতাত্ত্বিক বাস্তৱতাৰ সৈতে খাপ খুৱাই আমাৰ উন্নয়ন পৰিকল্পনা আৰু দুৰ্যোগ ব্যৱস্থাপনাক আমি কিমান সলনি কৰিবলৈ সাজু ?

লগতে পঢ়ক :নেপাল-তিব্বত সীমান্তৰ বান পৰিস্থিতিক লৈ চীনৰ পৰ্যালোচনা
লগতে পঢ়ক :এতিয়াও প্ৰায় ৩০০ ভাৰতীয় সন্ধানহীন: নেপালৰ আকস্মিক বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৪৬৯ লৈ বৃদ্ধি