চলাই গৈছে কঠোৰ সংগ্ৰাম, স্ব-স্থানত জিলিকিছে লিলি, ববিতা, দীপাঞ্জলী
সমাজত নতুন দিগন্তৰ সূচনা কৰি পুৰুষৰ সমানে ব্যৱসায়ৰ জৰিয়তে বজাৰ দখল কৰি স্বাৱলম্বী জোনাইৰ মহিলাসকল । মুখত এতিয়া প্ৰাপ্তিৰ হাঁহি ।

Published : February 8, 2026 at 4:56 PM IST
জোনাই: এগৰাকী নাৰী পৰিয়াল আৰু সমাজৰ সুখ-শান্তিৰ মূল চালিকা শক্তি ৷ বৰ্তমান নাৰী উচ্চ শিক্ষিত, আত্মনিৰ্ভৰশীল আৰু অসীম সাহসৰে ৰক্ষণশীল সমাজ ব্যৱস্থা সলনি কৰি প্ৰতিটো ক্ষেত্ৰতে সমানে আগবাঢ়িছে ।
নাৰীয়েই সৃষ্টিৰ আধাৰ, নাৰীয়েই শক্তিৰ স্বৰূপ । এখন দেশৰ সৰ্বাংগীণ বিকাশত পুৰুষৰ সমানেই নাৰীৰ ভূমিকা আছে, ঠিক তেনেকৈ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰতো কোনোগুণে কম নহয় মহিলাসকল । জোনাইৰ তেনে কেইগৰাকীমান উদ্যমী মহিলা হৈছে ক্ৰমে লিলি পেগু, ববিতা দলে, দীপাঞ্জলী দলে ।
মহৎ কৰ্মৰাজিৰ জৰিয়তে সমাজত নতুন দিগন্তৰ সূচনা কৰা জোনাইৰ এই কেইগৰাকী মহিলাই আজিৰ পৰা প্ৰায় ১৫-২০ বছৰ ধৰি কাপোৰ ব্যৱসায়, মেচিনত কাপোৰ চিলাইৰ কাম, দহি গুঠাৰ লগতে বিভিন্ন ব্যৱসায়েৰে দখল কৰিবলৈ সক্ষম হৈছে বজাৰ ।
নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয় । অসীম সাহস, একাগ্ৰতা, প্ৰতিভা আৰু দক্ষতাৰ বলত আজিৰ নাৰী উচ্চশিক্ষিত হোৱাৰ লগতে আত্ম-নিৰ্ভৰশীল হৈ পৰিছে । সলনি কৰিছে আমাৰ ৰক্ষণশীল সমাজ ব্যৱস্থা । ইয়াৰে এক উদাহৰণ জোনাইৰ এই কেইগৰাকী মহিলা । নিজৰ ঘৰখনৰ সকলো কাম সমাপন কৰি পুৰুষৰ সমানে সমানে ব্যৱসায় কৰি স্বাৱলম্বিতাৰ নিৰ্দশন দাঙি ধৰিছে । কোনোৱে যদি মিচিং জনগোষ্ঠীয় কাপোৰৰ ব্যৱসায়, আন কোনোৱে মেচিনত কাপোৰ চিলোৱা আৰু চাদৰত দহি গুঠাৰ কামেৰে স্বাৱলম্বী হৈছে ।
মিছিং জনগোষ্ঠীয় কাপোৰৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱা লিলি পেগু:
জোনাই আগাম দলুঙৰ নিবাসী লিলি পেগুৱে কয়, "২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী পৰা আৰম্ভ কৰিছোঁ মোৰ কাপোৰৰ ব্যৱসায় প্ৰতিষ্ঠানটো । ক'বলৈ গ'লে ব্যৱসায় প্ৰতিষ্ঠান খুলি সংস্থাপন হ'ব বুলি ভবা নাছিলোঁ । আচলতে চৰকাৰী চাকৰিৰ কথাই মই প্ৰথমে চিন্তা কৰিছিলোঁ । কিন্তু মোৰ এজন দাদাই মোক পৰামৰ্শ দিলে যে চাকৰি-বাকৰি নকৰাকৈ তুমি ব্যৱসায় কৰা । মই জোনাই বজাৰত এখন ব্যৱসায়িক প্ৰতিষ্ঠান তোমাক দিম ৷ তেখেতৰ কথামতে ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিলোঁ ।"
তেওঁ পুনৰ কয়, "প্ৰথম অৱস্থাত কি দোকান দিম, মনত কিছু দোধোৰ-মোধোৰ হৈছিল । তাৰ পিছত সিদ্ধান্ত ললোঁ কাপোৰৰ দোকান দিম বুলি । সেইমতে ৰেডিমেড কাপোৰ আনি দোকানখন আৰম্ভ কৰিছিলোঁ । ইয়াৰ পিছতে জোনাইৰ কেইগৰাকীমান ব্যক্তিয়ে পৰামৰ্শ দিলে যে চাকৰি সূত্ৰে অসমৰ বিভিন্ন জিলাৰ লোক তথা বহু লোক আলহী খাবলৈ আহে । তেওঁলোকক উপহাৰ দিবলৈ নিজৰ জনগোষ্ঠীয় কপোৰৰ প্ৰয়োজন । গতিকে তুমি মিছিং কাপোৰৰ ব্যৱসায় আৰম্ভ কৰা । কথামতেই মিছিং জনগোষ্ঠীয় কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছিলোঁ ।
আৰম্ভণিৰ কথা সুঁৱৰি কয়, "ক'বলৈ গ'লে মোৰ লাজ লাগে কিয়নো মই ৫০০ টকাৰ পৰা কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছিলোঁ আৰু জোনাইৰ কেইবাজনো জ্যেষ্ঠ নাগৰিকে মোক সাহস দিছিল কাপোৰৰ ব্যৱসায় কৰিবলৈ । জোনাইত মিছিং কাপোৰৰ ব্যৱসায় কৰা একমাত্ৰ মহিলা ব্যৱসায়ী হিচাপে মই আজিৰ পৰা প্ৰায় ২০ বছৰ পূৰ্বে ১ লাখৰ পৰা ডেৰলাখ পৰ্যন্ত কাপোৰ বিক্ৰী হৈছিল । তাৰে লাভাংশৰ কিছু অংশ মই পাইছিলোঁ ।"
তেওঁ কয়, "আজিকালি জোনাই সদৰকে ধৰি বিভিন্ন ঠাইত বহু মহিলাৰ মিছিং জনগোষ্ঠীয় কাপোৰ ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰায় ২০-২৫ খন মান আছে । গতিকে আজিকালি আগতকৈ অকমান কম হয় । বৰ্তমান নিজৰ ১০ খন শালৰ কাপোৰৰ বাহিৰেও জোনাই অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা মিছিং মেখেলা চাদৰ, ৰিবি গাছেং, ঐৰকক, মিবু গালোক, পতালি, বিভিন্ন মিছিং জনগোষ্ঠীয় কাপোৰ বিক্ৰীৰে আজিৰ পৰা প্ৰায় ২০ বছৰে স্বাৱলম্বী নিৰ্দশন দাঙি ধৰিছে লিলি পেগুৱে । মোৰ সৈতে জোনাইৰ প্ৰায় ১৫০০ মহিলা স্বাৱলম্বী হৈ আছে ।"
কাপোৰ লগতে বিভিন্ন ব্যৱসাৰে স্বাৱলম্বী হোৱা মহিলা জোনাইৰ ববিতা দলে:
ববিতা দলেয়ে কয়, "মই স্কুলীয়া জীৱনৰ পৰাই ব্যৱসায়-বাণিজ্যত মন মেলিছিলোঁ । পঢ়ি থাকোতে ক্লিনিকত কাম কৰিছিলোঁ । তাৰ পিছত ২০০৮ চনৰ ২৫ জানুৱাৰীত নিজস্বভাৱে এখন কছমেটিকছ দোকান আৰম্ভ কৰিছিলোঁ । তাৰ লগত আছিল পাণ-তামোলৰ দোকান । সেই তেতিয়াৰে পৰা তামোল-পাণ কাটি ঘটা ধনৰ পৰা প্ৰতিদিনে সাচি ৰাখি গৈছিলোঁ ১০০ টকাকৈ । মোৰ লগত মোৰ ভণ্টিও আছিল । মই কেনেকৈ সংস্থাপন হ’ব পাৰো, তাক লৈ মই যথেষ্ট কষ্ট কৰিছিলোঁ । মোৰ জীৱনত কৰ্মই লগৰীয়া ।"
তেওঁ কয়, "তেনেকৈয়ে লাহে লাহে কপোৰৰ ব্যৱসায় কৰাৰ কথা আৰম্ভ কৰিলোঁ । সেইসময়ত ভাৰতীয় ষ্টেট বেংকটো আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সমীপত আছিল । লাহে বেংকৰ কৰ্মচাৰীসকলে মিচিং মাফলাৰ, গামোচা বিচাৰিব ধৰিলে । তেতিয়া লাহে লাহে গাঁৱৰ পৰা আনি বেচিবলৈ ধৰিলোঁ আৰু নিজেও দোকানৰ পিছফালে এখন কাপোৰৰ শাল লগালোঁ । মই এগৰাকী মহিলা হৈ ব্যৱসায়ৰ টকাৰে মই মাটিডোখৰ কিনি এটা আৰ চি চি ঘৰ এটা বনাবলৈ সক্ষম হৈছোঁ আৰু মই নিজে সংস্থাপিত হোৱাৰ লগতে মোৰ লগত প্ৰায় ৩০০ গৰাকী মহিলা জড়িত হৈ আছে । ইয়াৰ উপৰিও মোৰ ব্যৱসায়িক প্ৰতিষ্ঠানত, বিভিন্ন ধৰণৰ উপহাৰৰ সামগ্ৰী, মহিলাসকলৰ ব্যৱহৃত সামগ্ৰী ৰখাৰ লগতে কাঠফুলাৰো ব্যৱসায় কৰোঁ ।"
মেচিনত কাপোৰ চিলাই সংস্থাপনৰ বাট দেখুওৱা দীপাঞ্জলী দলে:
দীপাঞ্জলী দলে ২০০৫ চনৰ পৰা মেচিনত কাপোৰ চিলাই কৰিয়েই আজি বহু মহিলাৰ সন্মুখত স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰি আহিছে । তেখেতৰ আজিৰ পৰা প্ৰায় ২০ বছৰ ধৰি মেচিনত মেখেলা-চাদৰ, কাপোৰত দহি গুঠা কাম কৰি আহিছে । প্ৰথম অৱস্থাত মেচিনত কাপোৰ চিলাই কামৰ বাবে এজন টেইল’ৰ ৰখাৰ ব্যৱস্থা কৰিছিল ।
লাহে লাহে কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে তেখেতে মেচিনত ব্লাউজ, মেখেলা-চাদৰ, মিবু গালোং, চাদৰত দহি গুঠা কাম কৰি স্বাৱলম্বী হৈ উঠিছে । এই মহিলা কেইগৰাকীৰ আদৰ্শৰে জোনাইৰ সমজিলাৰ বিভিন্ন ঠাইত এতিয়া মহিলা ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰায় ২৫-৩০ খন পৰ্যন্ত বিপণি খুলি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।

