ETV Bharat / state

তিনি হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে মিচিং ভাষাত একেলগে গালে 'মানুহে মানুহৰ বাবে…'

১৫ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰিলে ড৹ ভূপেন হাজৰিকাৰ কালজয়ী গীত ।

students performed the song Manuhe Manuhor Babe in the Missing language
মিচিং ভাষাত পৰিৱেশন সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে ' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 9, 2025 at 4:46 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকীৰ অংশ হিচাপে ৰাজ্য়ৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰা হৈছে ব্য়তিক্ৰমী অনুষ্ঠান । যোৱা ৫ নৱেম্বৰত সুধাকণ্ঠৰ অমৰ সৃষ্টি 'মানুহে মানুহৰ বাবে…' শীৰ্ষক গীতটি জিলাই জিলাই পৰিৱেশন কৰাৰ পিচত এই গীতটিকেই বিভিন্ন ভাষাত গোৱা হৈছে । এইবাৰ তিনি হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে মিচিং ভাষাত একেলগে গালে 'মানুহে মানুহৰ বাবে…' ।

যোৰহাটৰ বৰমুকলিৰ লাখেৰাজ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি মিচিং ভাষাত পৰিৱেশন কৰা হ'ল কালজয়ী গীত 'মানুহে মানুহৰ বাবে '। বিশিষ্ট অনাতাঁৰ শিল্পী হিৰণ্য পেগু আৰু ইন্দিৰা পাওঁ গগৈৰ তত্বাৱধানত পৰিৱেশন কৰা হয় সুধাকণ্ঠৰ এই কালজয়ী গীতটো ৷

মিচিং ভাষাত পৰিৱেশন সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে ' (ETV Bharat Assam)

এই অনুষ্ঠানটোত ১৫ খন বিদ্যালয়ৰ তিনি হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । আনহাতে জুবিন গাৰ্গৰ সপোনৰ গান 'মায়াবিনী ৰাতিৰ বুকুত' শীৰ্ষক গীতটি ইতিমধ্যে মিচিং ভাষালৈ অনুবাদ কৰা হৈছে । অতি সোনকালে এই গীতটি সমবেতভাৱে পৰিৱেশন কৰা হ'ব । আজি এই মঞ্চৰ পৰাই মিচিং সমাজে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক শীঘ্ৰে ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনায়, অনাথ্য মিচিং সমাজে ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰিব ৷

students performed the song Manuhe Manuhor Babe in the Missing language
মিচিং ভাষাত পৰিৱেশন সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে ' (ETV Bharat Assam)

এই সন্দৰ্ভত শিল্পী হিৰণ্য পেগুৱে কয়, "সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে' মিচিং ভাষালৈ অনুবাদ কৰি পৰিৱেশন কৰা প্ৰচেষ্টাটো মই ডেৰ মাহৰ আগতে কৰিছিলো । শাৰীৰিক অসুস্থতা আৰু জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ বাবে এয়া পিছুৱাই দিবলগা হ'ল । আজি মোৰ সপোন পূৰণ হ'ল । সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে মিচিং ভাষাত পৰিৱেশন কৰিলে 'মানুহে মানুহৰ বাবে' শীৰ্ষক গীতটি ।’’

তেওঁ লগতে কয়, "সুধাকণ্ঠৰ আই তোক কিহেৰে পুজিমে, অ বিদেশী বন্ধু সহ চাৰিৰ পৰা ৫টা গীত মিচিং ভাষালৈ অনুবাদ কৰি বাণীবন্ধনো কৰা হৈছে ।’’

students performed the song Manuhe Manuhor Babe in the Missing language
মিচিং ভাষাত পৰিৱেশন সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে ' (ETV Bharat Assam)

হিৰণ্য পেগুৱে পুনৰ কয়, "অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ 'মায়াবিনী ৰাতিৰ বুকুত' শীৰ্ষক গীতটি মিচিং ভাষালৈ অনুবাদ কৰা হৈছে । সোনকালে আজিৰ দৰে মায়াবিনী ৰাতিৰ বুকুত পৰিৱেশন কৰা হ'ব ।" এই অনুষ্ঠানৰ এগৰাকী উদ্যোক্তাই কয়, "সুধাকণ্ঠৰ সৃষ্টিৰাজি নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ স্বাৰ্থতে এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে ৷ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ মৃত্যুত আমাৰ মিচিং সমাজ মৰ্মাহত হৈছে । আমি চিন্তাত পৰিছো আৰু উদ্বিগ্ন হৈছো জুবিন গাৰ্গে সময় মতে ন্যায় পাব নে ? জুবিন গাৰ্গৰ ন্যায় আমাক শীঘ্ৰে লাগে । যদি সময়ত জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়াহ'লে ৰাজপথত নামিব মিচিং সমাজ ।"

লগতে পঢ়ক:ভূপেন হাজৰিকা একতা আৰু অখণ্ডতাৰ মহান নায়ক আছিল : প্ৰধানমন্ত্রী মোদী

লতাশিলত ৫ সহস্ৰাধিকে গালে 'মানুহে মানুহৰ বাবে...'