খন্তেকীয়া আনন্দই প্ৰাণ কাঢ়িলে তিনি ছাত্ৰৰ, বিপথে পৰিচালিত হৈছে নেকি যোৰহাটৰ একাংশ যুৱপ্ৰজন্ম ?
বন্ধুৰ জন্মদিনৰ পাৰ্টিৰ বাবে খন্তেকীয়া আনন্দ কৰিবলৈ গৈ অকালতে প্ৰাণ হেৰুৱালে তিনি ছাত্ৰই ৷ যোৰহাটত তিনি ছাত্ৰৰ মৃত্যুক লৈ অভিভাৱক চিন্তিত ৷

Published : August 30, 2026 at 10:11 PM IST
যোৰহাট : কি হৈছে সাংস্কৃতিক নগৰীৰ যোৰহাট একাংশ যুৱ প্ৰজন্মৰ মাজত ? অত্যাধিক মাত্ৰাত ড্ৰাগছ সেৱানৰ বাবে যুৱতীৰ মৃত্যুৰ ঘটনা মাৰ নৌ যাওতে পুনৰ আন এক শোকবহ ঘটনা সংঘটিত হৈছে যোৰহাটত ৷ যাৰ ফলত শংকিত হৈ পৰিছে অভিভাৱকসকল ।
ঘটনা অনুসৰি, এজন বন্ধুৰ জন্মদিনৰ পাৰ্টি বাবে চিনামৰাৰ দুৰ্গম স্থান হাতীগড় সংযোগস্থল টোকোলা জানৰ কুৰকানী বাৰ নম্বৰ লাইনত প্ৰৱেশ কৰিছিল ১১-১২ জনীয়া এটা ছাত্ৰৰ দলে ৷ তাৰ পাছতে সাতজন ছাত্রই টোকোলাই কুৰকানী জানত সাঁতুৰিবলৈ যায় । তেতিয়া সংঘটিত হয় শোকাবহ ঘটনা ৷
সাঁতুৰিবলৈ যোৱা সাতজন ছাত্র ভিতৰত তিনিজন ছাত্রই মৃত্যুক আকোঁৱালি ল'ব লগীয়া হয় ৷ পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী দল আৰু স্থানীয় লোকে তিনি ছাত্ৰৰ মৃত উদ্ধাৰ কৰে । মৃত ছাত্ৰ কেইজন হৈছে সুশান্ত পেটেল, অক্ষত ৰায় আৰু ৰিহান আহমেদ । তাপৰ্যপূৰ্ণ যে মৃত সুশান্ত পেটেল আৰু অক্ষত ৰায় আছিল সুদক্ষ খেলুৱৈ ।
নিহত ছাত্ৰকেইজনৰ ঘৰ যোৰহাট নগৰৰ মাজমজিয়াৰ ফাঁচী আলি আৰু নিউ বালিবাটত বুলি জানিব পৰা গৈছে । আনহাতে যি স্থানত ১১-১২ জনীয়া ছাত্ৰৰ দলে জন্মদিন পালন কৰিছিল, তাত পৰি ৰৈছিল সুৰাৰ বটল আৰু মাংস । যাক লৈ প্ৰশ্ন উত্থাপন হৈছে যোৰহাটৰ একাংশ যুৱ প্ৰজন্মৰ মাজত অপ-সংস্কৃতিয়ে গা কৰি উঠিছে নেকি ? উল্লেখ্য যে, মৃত ছাত্র কেইজনৰ দুজন দশম মান শ্ৰেণী আৰু আন এজন একাদশ শ্ৰেণী ছাত্ৰ ।
ঘটানৰ সন্দৰ্ভত কি কয় অভিভাৱকে
নিহত সুশান্ত পেটেলৰ পিতৃয়ে কয়,"মই ঘৰলৈ ফোন কৰাত মোক ঘৰ পৰা কৈছিল সুশান্ত স্কুললৈ গৈছে ৷ কিন্তু তেওঁলোক স্কুল যোৱা নাছিল, আটাইকেইটাই পুৱৰ পৰাই পৰিকল্পনা কৰি থৈছিল পাৰ্টী কৰিবলৈ যোৱাটো ৷ যেতিয়া মই তিনি বজাত ঘৰলৈ গৈ দেখিলো সকলোৰে কান্দি আছে আৰু কৈছে সি পানীত ডুবি ঢুকাইছে ৷ সুশান্ত বাস্কেট বল, ক্ৰিকেট আদিত অতি পাৰ্গত আছিল ।"
আনহাতে ৰিহানৰ পিতৃ কয়,"সি ঘৰত কৈছিল মোৰ লগত জনৰ বাৰ্ডে আছে সেয়ে মই অলপ ওলাই যাও । তাৰ পিছত ঘৰৰ পৰা তালৈ ফোন কৰিছিল মাকে আৰু বেলেগ এজনে ফোন কৰি কয় সি পানীত পৰিল বুলি । সেয়া আচৰিত ঘটনাৰ পাছত অভিভাৱক সকলক সজাগ সচেতন হ'ব লাগে ৷ কাৰণ আজি তাৰিখত সন্তানে মিছা কথা কয় । ৰিহান আমাৰ এক মাত্ৰ ল'ৰা আছিল ।"
লগতে পঢ়ক: ২০২১ চনৰ পৰা অসমত ৩,২৫৩ কোটি টকাৰ ড্ৰাগছ জব্দ, ২৬,৫০০ লোকক গ্ৰেপ্তাৰ : হিমন্ত বিশ্ব শৰ্মা

