ETV Bharat / state

ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সোণৰ বিস্কুটসহ গ্ৰেপ্তাৰ তিনি

বাহনত তালাচী চলাওতেই আৰক্ষীৰ জালত পৰিল সোণ সৰবৰাহকাৰী ।

Three smuggler arrested with 1.4 kg of gold in Rangia
ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সোণৰ বিস্কুটসহ গ্ৰেপ্তাৰ তিনি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 28, 2025 at 8:18 PM IST

2 Min Read
Choose ETV Bharat

ৰঙিয়া: ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ তৰণীত ২ কোটি ৫০ লাখ টকা মূল্যৰ সোণৰ বিস্কুট জব্দ ৷ তৰণীত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ১ কেজি ৪০০ গ্ৰাম সোণৰ বিস্কুটসহ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে । তিনি অভিযুক্তই এখন বাহনৰ গোপন কক্ষত লুকুৱাই আনিছিল এই সোণখিনি ।

এক গোপন খবৰৰ ভিত্তিত ৰঙিয়া থানাৰ আৰক্ষীয়ে ৰঙিয়া অভিমুখী এখন বলেৰ' বাহনত তালাচী চলায় । অভিযানকাৰী দলটোৱে বাহনখনৰ গোপন স্থানত লুকুৱাই ৰখা অৱস্থাৰ পৰা ১০ গ্ৰামকৈ থকা ৯০ খনকৈ বিস্কুট আৰু ৫ গ্ৰামকৈ থকা ১০ খন বিস্কুট জব্দ কৰে ।

ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সোণৰ বিস্কুটসহ গ্ৰেপ্তাৰ তিনি (ETV Bharat Assam)

লগে লগে সোণ সৰবৰাহত জড়িত থকাৰ অভিযোগত ৰাজস্থানৰ জয়পুৰৰ অভিশেক বাদায়া, কাৰ্বি আংলং জিলাৰ বোকাজানৰ কল্পনেছ চৌধুৰী আৰু সন্তোষ জৈনক গ্ৰেপ্তাৰ কৰে । ধৃত তিনি অভিযুক্তই বাক্সা জিলাৰ তামুলপুৰৰ AS 03 AK 7115 নম্বৰৰ বলেৰ' বাহনখনত সোণৰ বিস্কুটখিনি সৰবৰাহ কৰাৰ উদ্দেশ্যে আনিছিল ।

Three smuggler arrested with 1.4 kg of gold in Rangia
ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সোণৰ বিস্কুটসহ গ্ৰেপ্তাৰ তিনি (ETV Bharat Assam)

সেই মুহূৰ্ততে ৰঙিয়া আৰক্ষীৰ জালত পৰে প্ৰায় ২ কোটি ৫০ লাখ টকা মূল্যৰ সোণৰ বিস্কুটসহ তিনি অভিযুক্ত । আৰক্ষীয়ে লগতে তিনিটা ম’বাইল ফোনো জব্দ কৰে । এই অভিযানৰ সময়ত উপস্থিত থকা প্ৰত্যক্ষদৰ্শী ৰত্নেশ্বৰ কলিতাই সংবাদ মাধ্যমৰ আগত কয়, "গাড়ীখন তৰণীৰ ৰাস মন্দিৰৰ সন্মুখত আৰক্ষীয়ে জব্দ কৰে । গাড়ীখন ভূটানৰ দিশৰ পৰা আহিছিল । ভিতৰত বহুত সোণ উদ্ধাৰ হৈছে । সোণখিনি আচল নে নকল আমি নাজানো । আমি ৰঙিয়া প্ৰশাসন তথা আৰক্ষীক ধন্যবাদ জনাইছো এটা অপৰাধ সংঘটিত হোৱাৰ আগতেই অপৰাধীক আটক কৰা বাবে ।"

Three smuggler arrested with 1.4 kg of gold in Rangia
ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সোণৰ বিস্কুটসহ গ্ৰেপ্তাৰ তিনি (ETV Bharat Assam)

আৰক্ষীয়ে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি ৰঙিয়া আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে । লগতে সোণখিনি নকল নে আচল সেয়াও পৰীক্ষা কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:এক কোটি টকাৰ চুৰি সোণেই নহয়, সোণ জোখা মেচিনো ওলাল গেদা চোৰৰ ঘৰত

চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ - POLICE RECOVER STOLEN GOODS