ETV Bharat / state

বিকশিত ভাৰত বিল্ডাথনত জিলিকিল মৰিগাঁও জিলাৰ বিদ্যালয়

বিকশিত ভাৰত বিল্ডাথনত মৰিগাঁও জিলাৰ সাফল্য । ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতাত উজলিল মৰিগাঁৱৰ তিনিখনকৈ বিদ্যালয় ।

Three schools of Morigaon district won awards in the Viksit Bharat Buildathon
বিকশিত ভাৰত বিল্ডাথনত জিলিকিল মৰিগাঁও জিলাৰ বিদ্যালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 23, 2026 at 6:25 PM IST

3 Min Read
Choose ETV Bharat

লাহৰিঘাট: ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয় আৰু নীতি আয়োগৰ উদ্যোগত ৰাষ্ট্ৰীয় স্তৰত আয়োজিত বিকশিত ভাৰত বিল্ডাথন ২০২৫ প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহে উল্লেখযোগ্য সাফল্য অৰ্জন কৰি জিলাখনৰ শিক্ষা জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে । বিশেষকৈ মায়ং শিক্ষাখণ্ডৰ অন্তৰ্গত কাৰছোৱাবড়ী মধ্য ইংৰাজী বিদ্যালয়ে ৰাজ্যিক পৰ্যায়ত বঁটা লাভ কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰট’টাইপ আৰু উদ্ভাৱনীমূলক সৃষ্টিৰ বাবে জিলা পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে বিকশিত ভাৰত বিল্ডাথন ২০২৫ হৈছে ভাৰতৰ সৰ্ববৃহৎ বিদ্যালয় ভিত্তিক হেকাথন কাৰ্যসূচী, য’ত দেশজুৰি ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এক কোটিতকৈ অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে । এই প্ৰতিযোগিতা শিক্ষা মন্ত্ৰণালয় আৰু নীতি আয়োগৰ অধীনস্থ অটল ইন'ভেশ্বন মিছনৰ দ্বাৰা পৰিচালিত হৈছে। বিকশিত ভাৰত ২০৪৭ দৃষ্টিভংগীক সাৰ্থক ৰূপ দিবলৈ শিক্ষাৰ্থীসকলৰ মাজত বিজ্ঞান মনস্কতা, সৃজনশীল চিন্তা, উদ্ভাৱনী শক্তি আৰু সমস্যা সমাধানৰ মানসিকতা গঢ়ি তোলাই এই কাৰ্যসূচীৰ মূল লক্ষ্য ।

Three schools of Morigaon district won awards in the Viksit Bharat Buildathon
প্ৰকল্পৰ সৈতে কেইজনমান ছাত্ৰ (ETV Bharat Assam)

প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীয়ে সমাজৰ বিভিন্ন সমস্যা সমাধানৰ বাবে অভিনৱ চিন্তা, মডেল, প্ৰযুক্তিনিৰ্ভৰ আইডিয়া আৰু প্ৰট’টাইপ প্ৰস্তুত কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে । মৰিগাঁও জিলাৰ বিদ্যালয়সমূহে এই বৃহৎ মঞ্চত নিজৰ সৃষ্টিশীলতা আৰু দক্ষতাৰ পৰিচয় দি ৰাজ্য তথা জিলাখনৰ শিক্ষাক্ষেত্ৰৰ মানদণ্ড উজ্জ্বল কৰি তুলিছে ।

এই প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত ১০টা, ৰাজ্যিক পৰ্যায়ত ১০০টা আৰু জিলা পৰ্যায়ত ১০০০টা পুৰস্কাৰ নিৰ্ধাৰণ কৰা হৈছিল । বিজয়ী দলসমূহে লাভ কৰা আৰ্থিক সহায়ৰ জৰিয়তে উদ্ভাৱনীমূলক প্ৰকল্প উন্নয়ন, গৱেষণা, ডকুমেণ্টেচন, মডেল নিৰ্মাণ আদি ক্ষেত্ৰত অধিক আগবাঢ়ি যাব পাৰিব ।

বিকশিত ভাৰত বিল্ডাথনত জিলিকিল মৰিগাঁও জিলাৰ বিদ্যালয় (ETV Bharat Assam)

এই ক্ষেত্ৰত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই কয়,"সঁচাকৈয়ে এয়া এক আনন্দৰ বতৰা । ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰনালয় আৰু নীতি আয়োগৰ উদ্যোগত বিদ্যালয় পৰ্যায়ত যি হেকাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল । ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে । প্ৰায় ১ কোটিতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ মৰিগাঁও জিলাৰ তিনিখনকৈ বিদ্যালয়ে এই প্ৰতিযোগিতাত জিলিকি উঠিবলৈ সংক্ষম হৈছে ।"

Three schools of Morigaon district won awards in the Viksit Bharat Buildathon
মৰিগাঁও জিলাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰকল্প (ETV Bharat Assam)

ঠাকুৰীয়াই কয়,"এই হেকাথান প্ৰতিযোগিতাত তিনিটা পৰ্যায়ত পুৰস্কাৰৰ ব্যৱস্থা আছে । ৰাষ্ট্ৰীয় স্তৰ, ৰাজ্যিক স্তৰ আৰু জিলা স্তৰ । এই গোটেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহৰ পৰা তেনেধৰণে বাছনি কৰা হয় । আমাৰ মৰিগাঁও জিলাৰ কচুৱাবাৰী মধ্য ইংৰাজী বিদ্যালয়ে ৰাজ্যিক স্তৰত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে । মৰিগাঁও জিলাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আৰু শ্বহীদ সূৰ্য বৰা মাধ্য়মিক বিদ্যালয়ে জিলা স্তৰৰ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে ।"

Three schools of Morigaon district won awards in the Viksit Bharat Buildathon
উদ্ভাৱনীমূলক সৃষ্টি (ETV Bharat Assam)

শিক্ষানুষ্ঠান কেইখনৰ এই উল্লেখযোগ্য সাফল্যত জিলাখনৰ বৌদ্ধিক সমাজ, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু সচেতন মহলে গভীৰ সন্তোষ প্ৰকাশ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ দলসমূহক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক: ঈদত কোৰবানী: গো সুৰক্ষা আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী

বিশ্ব কাছ দিৱস: সৰীসৃপ গোটৰ এই জীৱবিধৰ বিষয়ে কিছু কথা জানো আহক...