গুৱাহাটীৰ পৰ্যটনত তিনি নতুন স্থান; নৱবৰ্ষত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে এই স্থান
এইবাৰ নৱবৰ্ষত গুৱাহাটীৰ তিনিটা নতুন পৰ্যটনস্থলীয়ে দৰ্শনাৰ্থী তথা পৰ্যটকক আকৰ্ষণ কৰিছে । ৰাজ্যৰ লগতে বাহিৰৰ পৰ্যটকেও ভিৰ কৰা এই তিনিটা স্থানৰ বিষয়ে জাননক ।

Published : January 3, 2026 at 8:50 AM IST
গুৱাহাটী : ২০২৫ চনক বিদায় দি নতুন আশা আৰু প্ৰত্যাশাৰে ২০২৬ চনক আদৰিছে বিশ্ববাসীয়ে । আনহাতে, শীতৰ প্ৰকোপ নেওচি নৱবৰ্ষ উদযাপনৰ বাবে অতি উছাহ-উদ্দীপনাৰে ওলাই আহিছে ৰাইজ । সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰো বিভিন্ন পৰ্যটনস্থীলত দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে ।
এইবাৰ নৱবৰ্ষত মহানগৰীৰ তিনিটা স্থানে নতুন পৰ্যটনস্থলীৰ মানচিত্ৰত স্থান লাভ কৰিছে । সেইকেইটা হৈছে শেহতীয়াকৈ ৰাইজৰ বাবে মুকলি কৰা উজানবজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সতী ৰাধিকা শান্তি উদ্যান, বৰাগাঁৱৰ স্বহীদ স্মাৰক ক্ষেত্ৰ আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰ । এই তিনিটা স্থানলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ দৰ্শনাৰ্থীৰো সমাগম ঘটিছে ।
মহানগৰীৰ উজানবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্টত ডিচেম্বৰৰ পৰায়ে হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ সমাগম ঘটিছে । নৱবৰ্ষৰ প্ৰথম দিনটোত বিৰ দি বাট নোপোৱা হৈছে । ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে অৱশেষত পথটোত গাড়ীৰ প্ৰৱেশ বন্ধ কৰি দিবলগীয়া হৈছে ।
এই সন্দৰ্ভত উদ্যানখনৰ চোৱাচিতাৰ দায়িত্বত থকা ৰমণী দাসে কয়, "উদ্যানখনলৈ বাহিৰৰ মানুহ বেছি আহিছে । ২০ ডিচেম্বৰৰ পিছৰ পৰা গুৱাহাটীতকৈ বাহিৰৰ মানুহ অধিক আহিছে । প্ৰতিদিনে ১০ হাজাৰোধিক দৰ্শনাৰ্থীৰ সমাগম হৈছে । নৱবৰ্ষৰ পহিলা দিনটোত কেইবা হাজাৰ মানুহ হৈছে । থিয় হ'বলৈ ঠাই নোহোৱা হৈছে । কাৰ্বি আংলং, নগাঁও, হোজাই, যোৰহাট, ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থী আহিছে ।"
তেওঁ লগতে কয়, "তাৰ উপৰি বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদিৰ পৰাও বহু দৰ্শনাৰ্থী আহিছে । ডিচেম্বৰৰ পৰা বিভিন্ন বিদ্যালয়ৰ পৰা শৈক্ষিক ভ্ৰমণলৈ ১৫-২০ খন গাড়ীত ছাত্ৰ-ছাত্ৰী প্ৰতিদিনে আহিছে । পুৱা ৫.৩০ বজাৰ পৰা নিশা ৮.৩০ বজালৈ মুকলি থকা উদ্যানখনলৈ প্ৰাতঃভ্ৰমণৰ সময়ত ৫ হাজাৰতকৈ অধিক লোকৰ সমাগম হয় । সকলোৱে ইয়ালৈ আহি খুব ভাল পাইছে ।"

আনহাতে, উদ্যানখনলৈ অহা দৰ্শনাৰ্থীসকলেও উদ্যানলৈ আহি খুব ভাললগা বুলি মন্তব্য কৰে । ইপিনে নৱবৰ্ষত পৰ্যটনস্থলী হিচাপে গঢ়ি উঠা আন এক স্থান হৈছে বৰাগাঁৱৰ স্বহীদ স্মাৰক ক্ষেত্ৰ । শেহতীয়াকৈ ৰাইজৰ বাবে মুকলি কৰা এই শ্বহীদ স্মাৰক ক্ষেত্ৰত দৈনিক হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ সোঁত বৈছে । নৱবৰ্ষৰ পহিলা দিনটোত হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰত ভিৰ কৰে ।

আনহাতে, সোণাপুৰৰ জুবিন ক্ষেত্ৰও পৰ্যটনথলীলৈ পৰ্যবেসিত হৈছে । প্ৰাণৰ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পিছত ৰাজ্যবাসী শোকত ম্ৰিয়মাণ হৈ আছে । শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্নৰ পিছৰে পৰা প্ৰতিদিনে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগী আহিছে । নৱবৰ্ষৰ আৰম্ভণিৰ দিনটোতো প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ হাজাৰ হাজাৰ অনুৰাগীৰ সমাগম হয় ।

